হিলিয়াম পৰ্যাবৃত্ত তালিকাৰ ২য় মৌল। ইয়াৰ প্ৰতীক He। ই পৰ্যাবৃত্ত তালিকাৰ ১ম পৰ্যায়ৰ শূন্য শ্ৰেণীত অৱস্থিত। ওজনৰ দিশত ই দ্বিতীয়;- মৌলিক পদাৰ্থৰ মধ্যত একমাত্ৰ উদজান ইয়াতকৈ পাতল। হিলিয়াম এটি বৰ্ণহীন, গন্ধহীন আৰু স্বাদহীন নিষ্ক্ৰিয় গেছ। এই মৌলিক পদাৰ্থৰ পাৰমাণবিক সংখ্যা ২।
আবিষ্কাৰ
ফৰাচী জ্যোতিৰ্বিজ্ঞানী পিয়েৰ জনছনে ১৮৬৮ খ্ৰীষ্টাব্দৰ এক সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ জ্যোতিৰ্বলয়ৰ বৰ্ণালীত হিলিয়াম আবিষ্কাৰ কৰে। ইয়াৰ কিছুদিন পিছত ই এটা মৌল হিচাপে চিহ্নিত হয়। ব্ৰিটিছ ৰসায়নবিদ ছাৰ এডৱাৰ্ড ফ্ৰেংকলেণ্ড আৰু ছাৰ জোছেফ নৰমেন লকয়াৰে ইয়াৰ নাম হিলিয়াম দিয়ে। ব্ৰিটিছ ৰসায়নবিদ ছাৰ ৱিলিয়াম ৰেমজিয়ে প্ৰথম পৃথিবীত প্ৰাপ্ত পদাৰ্থৰ পৰা ইয়াক নিষ্কাশন কৰে। তেওঁ ক্লিভাইট নামৰ এটা ইউৰেনিয়ামধাৰক খনিজত হিলিয়াম চিনাক্ত কৰে। ১৯০৭ খ্ৰীষ্টাব্দত ব্ৰিটিছ ৰসায়নবিদ ছাৰ আৰ্নেষ্ট ৰাদাৰফ'ৰ্ডে দেখুৱাই যে আলফা কণা হ'ল হিলিয়ামৰ নিউক্লিয়াছ।
বৈশিষ্ট্য
হিলিয়াম অণু এক পৰমাণুবিশিষ্ট। মৌলসমূহৰ ভিতৰত কেৱল হাইড্ৰ'জেন ইয়াতকৈ পাতল। হিলিয়াম -২৭২.২ ডিগ্ৰী ছেলছিয়াছত ২৬ একক বায়ুমণ্ডলীয় চাপতকৈও বেছি চাপত গোট মাৰি কঠিন হয়। ই -২৬৮.৯ ডিগ্ৰী ছেলছিয়াছত বিস্ফোৰিত হবলৈ আৰম্ভ কৰে। ইয়াৰ ঘনত্ব ২০ ডিগ্ৰী ছেলছিয়াছ আৰু একক বায়ুমণ্ডলীয় চাপত ০.১৬৬৪ গ্ৰাম/লিটাৰ। হিলিয়ামৰ আণবিক ভৰ ৪.০০২৬। সকলো গেছৰ ভিতৰত হিলিয়াম গেছক তৰল কৰা সবাতোকৈ কঠিন। স্বাভাবিক বায়ুচাপত ইয়াক কঠিনীভূত কৰা অসম্ভৱ। এই বৈশিষ্ট্যৰ কাৰণে তৰল হিলিয়াম হিমায়ক হিচাপে আৰু পৰীক্ষাগাৰত পৰম শূন্যৰ নিকতবৰ্তী তাপমাত্ৰা উৎপাদন আৰু পৰিমাপত ব্যবহাৰ কৰা হয়। তৰল হিলিয়ামৰ উপৰেৰে বাষ্প দ্ৰুত গতিত পঠিয়াই স্বাভাবিক বায়ুচাপত প্ৰায় পৰম শূন্যৰ ওচৰৰ তাপমাত্ৰাত ইয়াক শীতল কৰা সম্ভৱ। পৰম শূন্যৰ সামান্য উপৰৰ তাপমাত্ৰাত ই "হিলিয়াম-২" বা অতিতৰল হিলিয়ামলৈ পৰিণত হয়। এই অতিতৰল হিলিয়ামৰ অদ্বিতীয় বৈশিষ্ট্য বিদ্যমান; ইয়াৰ কোনো হিমাংক নাই, আৰু ইয়াৰ সান্দ্ৰতা শূন্য। ই খুব সহজেই অত্যন্ত সূক্ষ্ম ছিদ্ৰ আৰু ফাঁটৰ মাজেৰে প্ৰবাহিত হ'ব পাৰে। হিলিয়াম-৩ নামৰ ৩ ভৰবিশিষ্ট আইছ'টপটোৰ স্ফুটনাংক সাধাৰণ হিলিয়ামতকৈও তলত অৱস্থিত আৰু তৰল অৱস্থাত অত্যন্ত ভিন্ন ধৰণে আচৰণ কৰে। হাইড্ৰ'জেনৰ পিছতেই হিলিয়াম মহাবিশ্বৰ সকলোতকৈ সহজলভ্য মৌল। কিন্তু পৃথিবীত ইয়াৰ পৰিমাণ অত্যন্ত কম। ভূগৰ্ভস্থত প্ৰাকৃতিক গেছৰ সৈতে মিশ্ৰ অৱস্থাত ইয়াক পোৱা যায়। অত্যন্ত পাতল বাবে নিঃসৰণৰ লগে লগে ই বায়ুমণ্ডল ত্যাগ কৰে আৰু ইয়াক পুনৰ ধৰি ৰাখিব নোৱাৰি। সমুদ্ৰ সমতলত হিলিয়াম প্ৰতি মিলিয়নত ৫.৪ অনুপাতত পোৱা যায়। উচ্চ উচ্চতাত এই পৰিমাণ অলপ বাঢ়ে। বায়ুমণ্ডলৰ প্ৰতি মিলিয়নৰ ১টা কণা হিলিয়াম-৩ মৌল। অনুমান কৰা হয় যে ই ৩ ভৰবিশিষ্ট ট্ৰিটিয়ামৰ তেজস্ক্ৰিয় ক্ষয়ৰ পৰা তৈয়াৰ হয়। হিলিয়ামৰ সাধাৰণ আইছ'টপ, হিলিয়াম-৪ সম্ভৱতঃ শিলসমূহৰ তেজস্ক্ৰিয় আলফা নিঃসাৰক পদাৰ্থৰ পৰা উদ্ভূত। প্ৰাকৃতিক গেছত প্ৰায় ০.৪ শতাংশ হাৰত হিলিয়াম থাকে আৰু ইয়েই হিলিয়ামৰ প্ৰধান বাণিজ্যিক উৎস।
ব্যবহাৰ
হিলিয়াম অদাহ্য বাবে বেলুনত হাইড্ৰ'জেন গেছৰ সলনি ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তোলন ক্ষমতা হাইড্ৰ'জেনৰ ৯২ শতাংশ, অৰ্থাৎ ই হাইড্ৰ'জেনতকৈ দুগুণ গধুৰ।
যৌগসমূহ আৰু ৰাসায়নিক বিক্ৰিয়া
অন্যান্য নিষ্ক্ৰিয় গেছৰ দৰে হিলিয়ামো ৰাসায়নিকভাৱে নিষ্ক্ৰিয়। ইয়াৰ একমাত্ৰ ইলেকট্ৰন খোলাটো ইলেকট্ৰনেৰে পূৰ্ণ, ফলত অন্যান্য ৰাসায়নিক মৌলৰ লগত ইয়াৰ বিক্ৰিয়া সংঘটন অত্যন্ত দুৰূহ। যদিওবা বিক্ৰিয়া ঘটে, তেতিয়াও ইয়াৰ উৎপাদ যৌগসমূহ অস্থায়ী প্ৰকৃতিৰ হয়। হিলিয়ামৰ লগত নিয়ন আৰু হাইড্ৰ'জেনৰ যৌগৰ অস্তিত্ব বিচাৰি পোৱা গৈছে। অন্যান্য যৌগ থকাৰো অনুমান কৰা হৈছে। মহাবিশ্বত হিলিয়াম অত্যন্ত সহজলভ্য বাবে এই বিক্ৰিয়াসমূহ মহাবিশ্ব তত্ত্বৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিলিয়াম” প্ৰবন্ধৰ সংশোধন ৪০৬২০৯ (১৯ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।