অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

জুল

জুল (ইংৰাজী: Joule) হৈছে আন্তৰ্জাতিক একক প্ৰণালীত শক্তিৰ একক। এক নিউটন বল প্ৰয়োগ কৰি কোনো বস্তু বলৰ দিশত এক মিটাৰ সৰণ ঘটালে হোৱা কাৰ্য্যৰ পৰিমাণ অথবা শক্তি হৈছে এক জুল (এক নিউটন মিটাৰ)।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৩৯ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জুল (ইংৰাজী ভাষা: Joule) হৈছে আন্তৰ্জাতিক একক পদ্ধতিত শক্তিৰ একক। এক নিউটন বল প্ৰয়োগ কৰি কোনো বস্তু বলৰ দিশত এক মিটাৰ সৰণ ঘটালে হোৱা কাৰ্য্যৰ পৰিমাণ অথবা শক্তি হৈছে এক জুল (এক নিউটন মিটাৰ)। এক ওম বাধাৰ মাজেদি এক ছেকেণ্ডৰ বাবে এক এম্পিয়াৰ প্ৰৱাহ পাৰ হৈ গ'লে তাপ হিচাপে ওলোৱা শক্তিকো এক জুল হিচাপে সংজ্ঞাবদ্ধ কৰিব পাৰি। ইংৰাজ পদাৰ্থবিজ্ঞানী জেমছ প্ৰেছকট জুলৰ সন্মানাৰ্থে জুল নাম ৰখা হৈছে১২৩। ⟨\text{J} = \frac{\text{kg} \cdot \text{m}^2}{\text{s}^2} = \text{N} \cdot \text{m} = \text{Pa} \cdot \text{m}^3 = \text{W} \cdot \text{s} = \text{C} \cdot \text{V},⟩ য'ত kg হৈছে কিলোগ্ৰাম, m হৈছে মিটাৰ, s হৈছে ছেকেণ্ড, N হৈছে নিউটন, Pa হৈছে পাস্কেল,W হৈছে ৱাট, C হৈছে কুলম্ব আৰু V হৈছে ভল্ট।

এক জুলক তলত দিয়াধৰণেও সংজ্ঞাবদ্ধ কৰিব পাৰি-

  • এক কুলম্বৰ কোনো এক বৈদ্যুতিক আধানক এক ভল্ট বিভৱভেদমাজেৰে পাৰ কৰাবলৈ লগা কাৰ্য্য। এই সম্বন্ধটোক এক ভল্টৰ সংজ্ঞাৰ বাবেও ব্যৱহাৰ কৰা হয়।
  • এক ছেকেণ্ডৰ বাবে এক ৱাট শক্তিক লগা কাৰ্য্যৰ পৰিমাণ। এই সম্বন্ধটোক এক ৱাটৰ সংজ্ঞাৰ বাবেও ব্যৱহাৰ কৰা হয়।

নামকৰণ

জেমছ প্ৰেছকট জুলৰ নামেৰে আন্তৰ্জাতিক একক পদ্ধতিত এই এককৰ নাম ৰখা হৈছে। ইয়াৰ চিহ্ন হৈছে J।

দৈনন্দিন জীৱনৰ উদাহৰণ

এক জুল হৈছে

  • এটা মধ্যমীয়া আকাৰৰ (১০০ গ্ৰাম) বিলাহী মাটিৰ পৰা ঠিয়কৈ ১ মিটাৰ ওপৰলৈ নিবলৈ লগা শক্তি৪।
  • যেতিয়া সেই একেটা বিলাহী তললৈ সৰি পৰোতে লগা শক্তি।
  • ১ কিল'গ্ৰাম ভৰৰ বস্তু এটা ১ মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ডত ১ মিটাৰ নিবলৈ লগা শক্তি।
  • ১ গ্ৰাম পানী ০.২৪ ডিগ্ৰী চেলচিয়াচ উষ্ণতা বঢ়াবলৈ লগা শক্তি৫।
  • ৫০ কিল'গ্ৰামৰ এজন মানুহে ০.২ মিটাৰ প্ৰতি ছেকেণ্ডত গতি কৰোঁতে থকা গতি শক্তি৬।
  • ৫৬ গ্ৰামৰ টেনিছ বল এটাই ৬ মিটাৰ প্ৰতি ছেকেণ্ড বেগত যাওঁতে থকা গতি শক্তি
  • ১ ৱাটৰ বাল্ব এটা ১ ছেকেণ্ডৰ বাবে জ্বলাই ৰাখিবলৈ লগা বিদ্যুৎ শক্তি।

যেপ্টজুল

এক যেপ্টজুল (zJ) হৈছে এক জুলৰ 10−21 ভাগৰ সমান। ১৬০ যেপ্টজুল ১ ইলেক্ট্ৰন ভল্টৰ সমান।

নেনজুল

এক নেন'জুল(nJ) হৈছে এক জুলৰ 10−9 ৰ সমান। উৰি থকা মহ এটাৰ গতিশক্তিৰ ১/১৬০ ভাগ হৈছে এক নেন'জুল।

মাইক্ৰ'জুল

এক মাইক্ৰ'জুল(μJ) হৈছে এক জুলৰ 10−6ৰ সমান।

মিলিজুল

এক মিলিজুল(mJ) হৈছে এক জুলৰ 10−3 ৰ সমান।

কিল'জুল

এক কিল'জুল(kJ) হৈছে এক হাজাৰ জুলৰ সমান। পৃথিৱীৰ ১ বৰ্গমিটাৰে প্ৰতি ছেকেণ্ডত সূৰ্যৰ ১.৪ কিল'জুল শক্তি লাভ কৰে ( দিনৰ ভাগত)।

মেগাজুল

এক মেগাজুল(MJ) ১ মিলিয়ন জুলৰ সমান।

গিগাজুল

এক গিগাজুল(GJ) হৈছে ১ বিলিয়ন জুলৰ সমান।

টেৰাজুল

এক টেৰাজুল(TJ) ১ ট্ৰিলিয়ন জুলৰ সমান। হিৰ'শ্বিমাত পেলোৱা পৰমাণু বোমা পৰা ৬৩ টেৰাজুল শক্তি নিৰ্গমণ হৈছিল।

পেটাজুল

এক পেটাজুল(PJ) হৈছে ১ কোৱাড্ৰিলিয়ন(1015) জুলৰ সমান। মানুহে সজা বৃহত্তম নিউক্লিয়েৰ বিস্ফোৰণ চাৰ বম্বাৰ(Tsar Bomba) দ্বাৰা এই শক্তি নিৰ্গমণ হৈছিল।

এক্সাজুল

এক এক্সাজুল(EJ) হৈছে এক কুইণ্টিলিয়ন(1018) জুলৰ সমান।

যেট্টাজুল

এক যেট্টাজুল হৈছে (ZJ) এক ছেক্সটিলিয়ন (1021)জুলৰ সমান।

য়'ট্টাজুল

এক য়'ট্টাজুল(YJ) হৈছে এক ছেপ্টিলিয়ন(1024) জুলৰ সমান। পৃথিৱীৰ সমগ্ৰ পানী ১ ডিগ্ৰী চেলচিয়াছ ঊষ্ণতালৈ নিবলৈ লগা শক্তি প্ৰায় এক য'ট্টাজুলৰ সমান হ'ব। সূৰ্যৰ প্ৰতি ছেকেণ্ডৰ তাপীয় নিৰ্গমণ প্ৰায় ৪০০YJ।

ৰূপান্তৰণ

১ জুলৰ সমান হৈছে:

  • (গ্ৰাম কেলৰি
  • (ফুট-পাউণ্ডেল)
  • (litre-atmosphere)
  • (ভৰ-শক্তি সমতুল্যতাৰ পৰা)

তথ্যসূত্ৰ

  1. ↑ American Heritage Dictionary of the English Language, Online Edition (2009). Houghton Mifflin Co., hosted by Yahoo! Education
  2. ↑ The American Heritage Dictionary, Second College Edition (1985). Boston: Houghton Mifflin Co., p. 691
  3. ↑ McGraw-Hill Dictionary of Physics, Fifth Edition (1997). McGraw-Hill, Inc., p. 224
  4. ↑ How much is 100 grams?. HealthAliciousNess
  5. ↑ Units of Heat – BTU, Calorie and Joule. Engineeringtoolbox.com
  6. ↑ Ristinen, Robert A.; Kraushaar, Jack J. (2006). Energy and the Environment. John Wiley & Sons. ISBN 0-471-73989-8

সম্পৰ্কিত শ্ৰেণী

এছ আই এককজোখ-মাখৰ একক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুল” প্ৰবন্ধৰ সংশোধন ৬৩১৪৪৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।