বতৰবিজ্ঞানৰ মতে ডাৱৰ বা মেঘ হৈছে কোনো গ্ৰহ বা তেনে স্থানৰ বায়ুমণ্ডলত ঘনীভূত হৈ থকা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ তৰল কণিকা, বৰফৰ স্ফটিক, বা অন্য পদাৰ্থৰ সমাহাৰ।১ পানী নাইবা অন্য বহুধৰণৰ ৰসায়নৰ পৰা কণিকা আৰু স্ফটিক সৃষ্টি হ'ব পাৰে। পৃথিৱীত, বায়ু যেতিয়া হিমাংক পৰ্যায়লৈ ঠাণ্ডা হলে ঘনীভূত হৈ নাইবা বায়ুৰ আৰ্দ্ৰতা বৃদ্ধি পালে (সাধাৰণতে জলীয় বাষ্পৰ পৰিমাণ বৃদ্ধি পালে) এক উপযুক্ত উষ্ণতাত ঘনীভূত হৈ ডাৱৰৰ সৃষ্টি কৰে। ডাৱৰ পৃথিৱীৰ হ’মস্ফিয়াৰ (ইয়াত ট্ৰ’পস্ফিয়াৰ, ষ্ট্ৰেট’স্ফিয়াৰ আৰু মেজ’স্ফিয়াৰ অন্তৰ্ভুক্ত হৈ থাকে) অঞ্চলত দেখা পোৱা যায়।
মেঘৰ শ্ৰেণীবিভাজন
ডাৱৰক দুটা শ্ৰেণীত ভাগ কৰা হয়: স্তৰীভূত আৰু পৰিচলনশীল। এই নামবোৰে মেঘৰ আচৰণ প্ৰতিনিধিত্ব কৰে। মেঘক তাৰ অৱস্থানৰ নিম্নাংশৰ উচ্চতাৰ ভিত্তিত শ্ৰেণীবিভক্ত কৰা হয়, চূড়াৰ উচ্চতাৰ ভিত্তিত নহয়। এই ব্যৱস্থাটো ১৮০২ চনত লিউক হাওয়াৰ্ড অস্কেছিয়ান ছছাইটিয়ে প্ৰস্তাব কৰিছিল।
উচ্চ মেঘ (গোত্ৰ ক)
- অলক-স্তুপ
- অলক মেঘ
- অলক-স্তৰ
মধ্য উচ্চতাৰ মেঘ (গোত্ৰ খ)
- উচ্চ-স্তৰ
- উচ্চ-স্তুপ
নিম্ন মেঘ (গোত্ৰ গ)
এই মেঘ ২,০০০ মি (৬,৫০০ ফুট) উচ্চতা পৰ্যন্ত পোৱা যায় আৰু এই শ্ৰেণীত আছে স্তৰ মেঘ (ঘন আৰু ধূসৰ)। স্তৰ মেঘ মাটিৰ সংস্পৰ্শলৈ আহিলে তাকে কুৱলী বোলা হয়।
গ গোত্ৰেৰ মেঘৰ ভিতৰত আছে:
- স্তুপ২ (Cu)
- স্তৰ (St)
- স্তৰ-স্তুপ (Sc)
- নীৰদ-স্তৰ (Ns)
- নীৰদ-স্তুপ (Ns)
উলম্ব মেঘ (গোত্ৰ ঘ)


এই মেঘ শক্তিশালী ঊৰ্ধ্ব-প্ৰবাহ লাভ কৰিব পাৰে আৰু ভিত্তিৰ সৈতে বহু উপৰলৈ উঠি নানা ধৰণৰ আকৃতি সৃষ্টি কৰিব পাৰে।
ঘ গোত্ৰৰ মেঘৰ ভিতৰত আছে:
- নীৰদ-স্তুপ (বজ্ৰবিদ্যুৎ আৰু প্ৰবল বৰ্ষণবাহী) (Cb)
- কিউমুলোনিম্বাছ কেলভাছ
- কিউমুলোনিম্বাছ ইনকাছ
- ম্যামাটাসযুক্ত কিউমুলোনিম্বাছ
- স্তুপ (Cu)৩৪৫
- Cumulus congestus
- পাইৰোকিউমুলাছ


তথ্যসূত্ৰ
- ↑ Weather Terms. National Weather Service
- ↑ Plymouth State Meteorology Program Cloud Boutique
- ↑ Cloud Types: common cloud classifications. WW2010. University of Illinois
- ↑ cloud: Classification of Clouds. Infoplease.com
- ↑ উচ্চ-মাধ্যমিক কিশোৰ ভূগোল — বৃন্দাবনচন্দ্ৰ ৰায় (বাণী সংসদ, কোলকাতা, ৯ম সংস্কৰণ, ২০০২)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাৱৰ” প্ৰবন্ধৰ সংশোধন ৫৪৮৭২২ (৮ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।