তাৰকাৰাজ্য (Galaxy) হৈছে মহাকৰ্ষণ শক্তিৰ দ্বাৰা আবদ্ধ এটি অতি বৃহৎ সুশৃঙ্খল ব্যৱস্থা যি নক্ষত্ৰ, আন্তঃনাক্ষত্ৰিক গেছ আৰু ধূলিকণা, প্লাজমা তথা প্ৰচুৰ পৰিমাণে অদৃশ্য বস্তুৰ (কৃষ্ণ পদাৰ্থ) দ্বাৰা গঠিত।১২ এক আদৰ্শ তাৰকাৰাজ্যত ১০ নিযুতৰ পৰা ১০ লাখ নিযুত পৰ্যন্ত তৰা থাকে যিবোৰ সকলো এক সাধাৰণ মহাকৰ্ষণীয় কেন্দ্ৰৰ চাৰিওফালে ঘূৰ্ণীয়মান। একক তৰাৰ উপৰিও তাৰকাৰাজ্যত বহুতৰা ব্যৱস্থা, তাৰকামণ্ডল আৰু বিভিন্ন ধৰণৰ নীহাৰিকা থাকে। অধিকাংশ তাৰকাৰাজ্যৰ ব্যাস কেইবাশ আলোকবৰ্ষৰ পৰা কেইবা হাজাৰ আলোকবৰ্ষ পৰ্যন্ত আৰু ইহঁতৰ মধ্যবৰ্তী দূৰত্ব নিযুত আলোকবৰ্ষ পৰ্যন্ত হ'ব পাৰে।
তাৰকাৰাজ্যৰ শতকৰা ৯০ ভাগ ভৰৰ বাবে কৃষ্ণ পদাৰ্থক দায়ী কৰা হয় যদিও ইয়াৰ অস্তিত্ব আৰু গঠন সম্পৰ্কে অনেক অনিশ্চয়তা আছে। তাৰকাৰাজ্যৰ অভ্যন্তৰত অতিবৃহৎ কৃষ্ণগহ্বৰৰ অস্তিত্বৰ প্ৰমাণ পোৱা গৈছে। আন্তঃতাৰকাৰাজ্যৰ স্থান পাতল প্লাজমাৰ দ্বাৰা পূৰ্ণ। বৰ্তমানলৈকে প্ৰায় ১০ হেজাৰ নিযুততকৈও অধিক তাৰকাৰাজ্য পৰ্যবেক্ষণ কৰা হৈছে।
শ্ৰেণীবিভাজন
গঠন আৰু আকৃতিত ভিত্তি কৰি তাৰকাৰাজ্যসমূহক তিনিটা মূল শ্ৰেণীত বিভাজন কৰা হৈছে: উপবৃত্তাকাৰ তাৰকাৰাজ্য (Elliptical galaxy), সৰ্পিল তাৰকাৰাজ্য (Spiral galaxy), আৰু বিষম তাৰকাৰাজ্য (Irregular galaxy)।
উপবৃত্তাকাৰ তাৰকাৰাজ্যসমূহ প্ৰায় গোলাকাৰ নাইবা ৰাগ্বী বলৰ দলে উপবৃত্তাকাৰ। নক্ষত্ৰবোৰৰ সৰহভাগ ৰঙা আৰু সৰ্পিল তাৰকাৰাজ্যৰ নক্ষত্ৰসমূহতকৈ পুৰণি। গোটেই তাৰকাৰাজ্যখন একেলগে আৱৰ্তন নকৰে যদিও, নক্ষত্ৰবোৰ ইয়াৰ কেন্দ্ৰৰ চাৰিওফালে দীৰ্ঘাকৃতি কক্ষপথত আৱৰ্তন কৰি থাকে।
সৰ্পিল তাৰকাৰাজ্যৰ কেন্দ্ৰীয় অংশ ঘূৰণীয়া থালিৰ দৰে। যিবোৰৰ কেন্দ্ৰীয় অংশ বেলুনৰ দৰে বা সৰু দণ্ডৰ দৰে সেইবোৰক দণ্ডযুক্ত সৰ্পিল তাৰকাৰাজ্য (Barred spiral galaxy) বুলি কোৱা হয়। হাতীপটি এক দণ্ডযুক্ত সৰ্পিল তাৰকাৰাজ্য। সৰ্পিল তাৰকাৰাজ্যৰ কেন্দ্ৰৰ পৰা পকোৱা স্প্ৰীঙৰ দৰে কেইবাটাও গেছ, ধূলিকণ আৰু নক্ষত্ৰৰে গঠিত বাহু ওলাই অহা যেন দেখিবলৈ পোৱা যায়। গতিকে সৰ্পিল তাৰকাৰাজ্য দেখাত কেইবাটাও উজ্জ্বল বাহুযুক্ত সমতল চকাৰ দৰে। ইয়াৰ নক্ষত্ৰবোৰও উজ্জ্বল। বাহুবোৰত থকা গেছ আৰু ধূলিকণ গোট খাই নতুন নতুন নক্ষত্ৰৰ জন্ম হয়। এইবোৰ তাৰকাৰাজ্য ইয়াৰ অক্ষদণ্ডৰ চাৰিওফালে আৱৰ্তন কৰে। দূৰৱৰ্তী নক্ষত্ৰবোৰৰ তুলনাত কেন্দ্ৰীয় অক্ষৰ ওচৰৰ নক্ষত্ৰবোৰৰ ঘূৰ্ণনবেগ বেছি।
বিষম তাৰকাৰাজ্যৰ কোনো নিৰ্দিষ্টি আকৃতি নাই। মেগেলানিক ডাৱৰ এটা বিষম তাৰকাৰাজ্য।
তথ্যসূত্ৰ
- ↑ Sparke, L. S.; Gallagher III, J. S. (2000). Galaxies in the Universe: An Introduction. Cambridge University Press. ISBN 0-521-59740-4
- ↑ Hupp, E.; Roy, S.; Watzke, M. (August 12, 2006). NASA Finds Direct Proof of Dark Matter. NASA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰকাৰাজ্য” প্ৰবন্ধৰ সংশোধন ৬৩২১৩৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।