চন্দ্ৰযান-২ (चन्द्रयान-२;; lit: Moon-vehicle১২ ) হৈছে চন্দ্ৰযান-১ ৰ৩৪৫ পিছত ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা এই অভিযানটো ভূ-সকালীকৃত উপগ্ৰহ উৎক্ষেপণ যান মাৰ্ক ৩ ৰ (GSLV Mk III) দ্বাৰা উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছে। ইয়াত থলুৱাভাৱে নিৰ্মাণ কৰা এখন চন্দ্ৰ পৰিভ্ৰামক (orbiter), লেণ্ডাৰ আৰু ৰ'ভাৰ সন্নিৱিষ্ট আছে।৬
৭ চেপ্টেম্বৰ,২০১৯ তাৰিখে পুৱা ১:৫৫ বজাত চন্দ্ৰযান-২ৰ লেণ্ডাৰ খনে চন্দ্ৰৰ ৭০° দক্ষিণ অক্ষাংশত অৱস্থিত "মাঞ্জিনাছ চি" আৰু "চিম্পেলিয়াছ এন" নামৰ দুই খাদৰ মাজৰ এক উচ্চভূমি অঞ্চলত অৱতৰণ কৰাৰ প্ৰয়াস কৰে। চকা থকা ৰ'ভাৰ যানখন অৱতৰণৰ পিছতে চন্দ্ৰপৃষ্ঠত চলিবলৈ আৰম্ভ কৰাৰ কথা আছিল। ৭৮৯ সফলভাৱে অৱতৰণ কৰিব পাৰিলেই ভাৰতক আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ মহাকাশ প্ৰতিষ্ঠানৰ পিছত চন্দ্ৰত মৃদু অৱতৰণ কৰিবলৈ সক্ষম হোৱা চতুৰ্থখন দেশত পৰিণত কৰিলেহেঁতেন। কিন্তু চন্দ্ৰপৃষ্ঠৰ পৰা ২.১ কিমি উচ্চতাত মৃদু অৱতৰণ কৰাৰ সময়ত লেণ্ডাৰ খনৰ লগত ইছৰোৰ নিয়ন্ত্ৰণ কক্ষৰ সংযোগ বিচ্ছিন্ন হয়। ফলত লেণ্ডাৰ খনৰ ভিতৰত সোমাই থকা ৰ'ভাৰ যানখনো নিয়ন্ত্ৰণৰ বাহিৰ হয়। ১০১১
চন্দ্ৰযান-২ৰ উৎক্ষেপণৰ সময় পূৰ্বতে ১৪ জুলাইৰ ২১:২১ UTCত (ভাৰতীয় মান সময় অনুসৰি ১৫ জুলাই, ২০১৯ৰ ০২:৫১) নিৰ্ধাৰণ কৰা হৈছিল যদিও এটা কাৰিকৰী বিজুতিৰ বাবে উৎক্ষেপণৰ মাত্ৰ ৫৬ মিনিট পূৰ্বে সিদিনা অভিযানটো বাতিল কৰা হৈছিল। ১২১৩
ইতিহাস
২০০৭ চনৰ ১২ নৱেম্বৰত ৰাছিয়ান ফেডাৰেল স্পেছ্ এজেন্সী (ৰছকছমছ) আৰু ইছৰ'ৱে চন্দ্ৰযান-২ প্ৰকল্পৰ বাবে একেলগে কাম কৰিবলৈ এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল।১৪ ইছৰ'ৱে পৰিভ্ৰামক (orbiter) আৰু ৰ'ভাৰখনৰ নিৰ্মাণৰ মূল দায়িত্ব লৈছিল, আনফালে ৰছকছমছে লেণ্ডাৰখন সাজি উলিওৱাৰ সিদ্ধান্তত উপনীত হৈছিল। ২০০৮ চনৰ ১৮ ছেপ্টেম্বৰত সেইসময়ৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত ইউনিয়ন কেবিনেটৰ বৈঠকত ভাৰত চৰকাৰে অভিযানটোত অনুমোদন জনাইছিল।১৫ ২০০৯ চনৰ আগষ্ট মাহত যানখনৰ চানেকিটো সম্পূৰ্ণ হৈছিল আৰু দুয়োখন দেশৰ বিজ্ঞানীয়ে যুটীয়াভাৱে চানেকিটো পুনৰ্নিৰীক্ষণ কৰি চাইছিল।১৬১৭
নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ইছৰ'ৱে চন্দ্ৰযান-২ৰ যন্ত্ৰভাৰখিনি চূড়ান্ত কৰি পেলাইছিল১৮ যদিও ২০১৩ চনৰ জানুৱাৰীত অভিযানটো স্থগিত ৰখা হয়।১৯ ৰাছিয়াই সময়মতে লেণ্ডাৰখন সাজি উলিয়াব নোৱাৰাত ২০১৬ চনলৈ অভিযানটো পিছুৱাই দিয়া হয়।২০২১ ৰাছিয়াৰ মংগল গ্ৰহ অভিমুখী ফবছ-গাণ্টছ্ অভিযান ব্যৰ্থ হোৱাত পিছলৈ ৰছকছমছে নিজৰ দায়িত্বৰ পৰা অব্যাহতি লয়।২০ কাৰণ ফবছ-গাণ্টছ্ অভিযানত ব্যৱহৃত প্ৰযুক্তিয়েই তেওঁলোকে চন্দ্ৰ অভিযানতো ব্যৱহাৰ কৰিবলগীয়া আছিল। যেতিয়া ৰাছিয়াই ২০১৫ চনৰ ভিতৰতো লেণ্ডাৰখন যোগান ধৰিবলৈ সক্ষম নহ'ব বুলি ক'লে, ভাৰতে সম্পূৰ্ণ স্বাধীনভাৱে চন্দ্ৰ অভিযানটো পৰিচালনা কৰাৰ সিদ্ধান্ত ল'লে।১৯২২২৩
২০১৮ চনৰ মাৰ্চত যানখন উৎক্ষেপণ কৰাৰ কথা আছিল যদিও যানখনৰ ওপৰত অধিক পৰীক্ষা-নিৰীক্ষা চলাবলৈ প্ৰথমে এপ্ৰিললৈ আৰু তাৰ পিছত অক্টোবৰ মাহলৈ পিছুৱাই দিয়া হয়।২৪২৫ ২০১৮ চনৰ ১৯ জুনত চন্দ্ৰ অভিযানটোৰ কাৰিকৰী সমীক্ষা সম্পৰ্কীয় চতুৰ্থখন বিস্তাৰিত সভা অনুষ্ঠিত হোৱাৰ পিছত যানখনৰ গাঁথনিটো আৰু অৱতৰণৰ লগত জড়িত কিছু অংশৰ সালসলনি ঘটোৱা হয়। ফলত যানখনৰ উৎক্ষেপণৰ সময় ২০১৯ চনৰ প্ৰথমভাগলৈ পিছুৱাই যায়।২৬ ২০১৯ চনৰ ফেব্ৰুৱাৰীত লেণ্ডাৰখনৰ পুনৰ্নিৰীক্ষণ কৰি থাকোঁতে দুটা ভৰিত সামান্য ক্ষতিও হয়।২৭
চন্দ্ৰযান-২ৰ উৎক্ষেপণৰ সময় পূৰ্বতে ১৪ জুলাইৰ ২১:২১ UTCত (১৫ জুলাই ২০১৯ ২:৫১ ভাৰতীয় মান সময়) নিৰ্ধাৰণ কৰা হৈছিল যদিও এটা কাৰিকৰী বিজুতিৰ বাবে উৎক্ষেপণৰ মাত্ৰ ৫৬ মিনিট পূৰ্বে সিদিনা অভিযানটো বাতিল কৰা হয়।২৮ উৎক্ষেপণৰ বাবে ধাৰ্য্য কৰা নতুন সময় হৈছে- ২২ জুলাইৰ ০৯:১৩ UTC (১৪:৪৩ ভাৰতীয় মান সময়)।১৩২৯
লক্ষ্য
চন্দ্ৰযান-২ৰ মূল লক্ষ্য হৈছে চন্দ্ৰপৃষ্ঠত মৃদু অৱতৰণ কৰা আৰু পৃষ্ঠৰ ওপৰত এখন ৰবটিক ৰ'ভাৰ চলোৱা। বৈজ্ঞানিক অনুসন্ধানসমূহৰ ভিতৰত আছে- চন্দ্ৰৰ ভূ-পৃষ্ঠৰ বিতং অধ্যয়ন, মণিকতত্ত্ব অধ্যয়ন, বিভিন্ন মৌলসমূহৰ প্ৰাচুৰ্য্য নিৰূপণ, চন্দ্ৰৰ এক্স'স্ফিয়াৰ অধ্যয়ন, আৰু হাইড্ৰক্সিল (OH) আৰু বৰফৰ স্বাক্ষৰ সন্ধান।৩০ পৰিভ্ৰামকখনে চন্দ্ৰপৃষ্ঠৰ এখন মানচিত্ৰ তৈয়াৰ কৰিব আৰু এখন ত্ৰিমাত্ৰিক (3D) মানচিত্ৰ তৈয়াৰ কৰাত সহায় কৰিব। তাত থকা ৰাডাৰটোৱেও চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ বৰফ আৰু চন্দ্ৰৰ উপৰিভাগৰ শিল, বালিৰ তৰপটোৰ (regolith) গভীৰতা সম্পৰ্কে অধ্যয়ন চলাই এখন মানচিত্ৰ প্ৰস্তুত কৰিব।৩১ নাছাৰ আৰ্টেমিছ কাৰ্য্যসূচী অনুসৰি হ'বলগীয়া আগন্তুক মানৱবাহী চন্দ্ৰ অভিযানৰ সুবিধা হোৱাকৈ চন্দ্ৰযান-২য়ে পানীৰ উপস্থিতিৰ স্থান আৰু পৰিমাণ নিৰূপণ কৰিব।৩২
ৰূপাংকন
উৎক্ষেপক
ভূ-সকালীকৃত উপগ্ৰহ উৎক্ষেপণ যান মাৰ্ক ৩য়ে চন্দ্ৰযান-২ ক ইয়াৰ নিৰ্দিষ্ট কক্ষপথলৈ লৈ যাব। তিনি স্তৰীয়া জি এছ এল ভি মাৰ্ক ৩ হৈছে এতিয়ালৈকে নিৰ্মিত ভাৰতৰ আটাইতকৈ শক্তিশালী উৎক্ষেপণ যান৩৩। ই ৪টন শ্ৰেণীৰ উপগ্ৰহক ভূ-সকালীকৃত্বকক্ষপথত স্থাপন কৰিব পাৰে। ইয়াৰ অংশসমূহ হ'ল এছ২০০ গোটা ৰকেট বুস্তাৰ, এল ১১০ জুলীয়া স্তৰ আৰু চি ২৫ শীৰ্ষ স্তৰ৩৩।
পৰিভ্ৰামক
চন্দ্ৰযান-২ পৰিভ্ৰামকখনৰ ভৰ হৈছে ২৩৭৯ কেজি। ই ভাৰতীয় গভীৰ মহাকাশ নেটৱৰ্ক আৰু বিক্ৰম লেণ্ডাৰৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে৩৪।
লেণ্ডাৰ
বিক্ৰম লেণ্ডাৰৰ ভৰ হৈছে ১৪৭১ কেজি৩৪। বিক্ৰম লেণ্ডাৰৰ নামটো বিক্ৰম সাৰাভাইৰ নাম অনুসাৰে দিয়া হৈছে। বিক্ৰম লেণ্ডাৰ এক লুনাৰ দিন(পৃথিৱীৰ ১৪ দিন)ৰ কাৰণে কাৰ্যক্ষম। ই ভাৰতীয় গভীৰ মহাকাশ নেটৱৰ্ক, চন্দ্ৰযান-২ পৰিভ্ৰামক আৰু ৰ'ভাৰৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে। বিক্ৰম লেণ্ডাৰক চন্দ্ৰপৃষ্ঠত নৰম ভাৱে অৱতৰণ কৰিব পৰাকৈ বনোৱা হৈছে।
ৰ'ভাৰ
চন্দ্ৰযান-২ ৰ'ভাৰখনৰ নাম হৈছে প্ৰজ্ঞান। ইয়াৰ ভৰ হৈছে ২৭কেজি। ৰ'ভাৰ হৈছে আঠটা চকাযুক্ত ৰবটযান। ই কেৱল লেণ্ডাৰৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে৩৪।
যন্ত্ৰভাৰ
ইছৰ'ৱে পৰিভ্ৰামকখনৰ বাবে আঠটা, লেণ্ডাৰখনৰ বাবে চাৰিটা৩৫৩৬৩৭ আৰু ৰ'ভাৰখনৰ বাবে দুটা বৈজ্ঞানিক আহিলা নিৰ্বাচন কৰিছে।১৮৩৮ পূৰ্বতে যদিও খবৰ ওলাইছিল যে নাছা (NASA) আৰু ইছায়ো (ESA) পৰিভ্ৰামকখনৰ বাবে দুটামান যন্ত্ৰ যোগান ধৰি অভিযানটোত অংশগ্ৰহণ কৰিব,৩৯ ২০১০ চনত ইছৰ'ৱে স্পষ্ট কৰি দিছিল যে ওজনৰ ক্ষেত্ৰত থকা সীমাৱদ্ধতাৰ বাবে তেওঁলোকে অভিযানটোত কোনো বিদেশী যন্ত্ৰভাৰ কঢ়িয়াই নিনিয়ে।৪০ অৱশ্যে অভিযানটো আৰম্ভ হ'বলৈ এমাহ বাকী থাকোঁতে লেণ্ডাৰখনৰ যন্ত্ৰভাৰত নাছাৰ সৰু লেজাৰ ৰেট্ৰ'ৰিফ্লেক্টৰ এটা যোগ কৰাৰ সিদ্ধান্ত লোৱা হয়। যন্ত্ৰটোৱে বিজ্ঞানীসকলক চন্দ্ৰলৈ নিখুঁত দূৰত্ব উলিওৱাত আৰু চন্দ্ৰৰ দশা নিৰ্ণয় কৰাত সহায় কৰিব।৪১
তথ্যসূত্ৰ
- ↑ candra. Spoken Sanskrit
- ↑ yaana. Spoken Sanskrit
- ↑ (25 October 2017). ISRO begins flight integration activity for Chandrayaan-2, as scientists tests lander and rover. The Indian Express. Press Trust of India
- ↑ Chandrayaan-2 nearly ready for July launch
- ↑ ISRO gears up for Chandrayaan-2 mission
- ↑ Bagla, Pallava. (4 August 2018). India Slips in Lunar Race with Israel As Ambitious Mission Hits Delays. NDTV
- ↑ Subramanian, T. S. (4 January 2007). ISRO plans Moon rover. The Hindu
- ↑ Rathinavel, T.; Singh, Jitendra. (24 November 2016). Question No. 1084: Deployment of Rover on Lunar Surface. ৰাজ্যসভা
- ↑ Ramesh, Sandhya. (12 June 2019). Why Chandrayaan-2 is ISRO's 'most complex mission' so far. ThePrint
- ↑ timesofindia.indiatimes.com/india/isro-loses-con
- ↑ (2019-06-12). India Plans to Launch Moon Mission in July
- ↑ (12 June 2019). Press Meet - Briefing by Dr. K Sivan, Chairman, ISRO. isro.gov.in. ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
- ↑ (July 18, 2019). CHANDRAYAAN -2 LAUNCH RESCHEDULED ON 22ND JULY, 2019, AT 14:43 HRS. ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
- ↑ Chand, Manish. (12 November 2007). India, Russia to expand n-cooperation, defer Kudankulam deal. Nerve
- ↑ Sunderarajan, P. (19 September 2008). Cabinet clears Chandrayaan-2. The Hindu
- ↑ (17 August 2009). ISRO completes Chandrayaan-2 design. Domain-b.com
- ↑ (17 August 2009). India and Russia complete design of new lunar probe. Sputnik News. RIA Novosti
- ↑ (30 August 2010). Payloads for Chandrayaan-2 Mission Finalised. Indian Space Research Organisation
- ↑ Ramachandran, R. (22 January 2013). Chandrayaan-2: India to go it alone. The Hindu
- ↑ Laxman, Srinivas. (6 February 2012). India's Chandrayaan-2 Moon Mission Likely Delayed After Russian Probe Failure. Asian Scientist
- ↑ (9 September 2012). India's next moon mission depends on Russia: ISRO chief. NDTV. Indo-Asian News Service
- ↑ (14 August 2013). Chandrayaan-2 would be a lone mission by India without Russian tie-up.. Press Information Bureau, Government of India
- ↑ Chandrayaan-2. pib.nic.in
- ↑ Clark, Stephen. (15 August 2018). Launch Schedule. Spaceflight Now
- ↑ (23 March 2018). Chandrayaan-2 launch postponed to October: ISRO chief. The Economic Times. Press Trust of India
- ↑ ISRO to launch PSLVC-46 followed by PSLVC-47, Chandrayaan-2 in May by ISRO chairman K.Sivan Reterived April 1, 2019
- ↑ India's Moon Lander Damaged During Test, Chandrayaan 2 Launch Put on Hold. The Wire
- ↑ Chandrayaan 2 Moon Mission Launch Aborted After Technical Snag: 10 Points. NDTV.com
- ↑ twitter.com/isro/status/1151727440667893760
- ↑ Chandrayaan 2. NSSDCA Master Catalog. NASA
- ↑ Banerji, Abigail. (13 July 2019). Chandrayaan 2: Everything you need to know about the orbiter's mission and design. Tech2
- ↑ (2019-07-14). Chandrayaan 2: How ISRO's lunar mission is setting a milestone in the history of Moon expeditions. The Financial Express
- ↑ Geosynchronous Satellite Launch Vehicle Mark-III (GSLV Mk-III). Indian Space Research Organisation
- ↑ Lander — Vikram. Indian Space Research Organisation
- ↑ Bagla, Pallava. (31 January 2018). India plans tricky and unprecedented landing near moon's south pole. Science
- ↑ (19 July 2019). Launch Kit of GSLV Mk III M1 Chandrayaan-2. ISRO
- ↑ (12 June 2019). Chandrayaan-2 Payloads
- ↑ Johnson, T. A. (31 August 2010). Three new Indian payloads for Chandrayaan 2, decides ISRO. The Indian Express
- ↑ Beary, Habib. (4 February 2010). NASA and ESA to partner for Chandrayaan-2. Sakal Times
- ↑ Laxman, Srinivas. (5 September 2010). 'We're launching Chandrayaan-2 for a total coverage of the moon'. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Bartels, Meghan. (24 March 2019). How NASA Scrambled to Add Science Experiments to Israeli, Indian Moon Probes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰযান-২” প্ৰবন্ধৰ সংশোধন ৬৩৯৬০৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।