প্ৰদাহ বা Inflammation (লেটিন ভাষা inflammatioৰ পৰা) ক্ষতিকৰ উদ্দীপক যেনে জীৱাণু, ধ্বংসগ্ৰস্ত কোষ, বা কোনো উত্তাপকৰ (irritant) ফলত শৰীৰৰ কোষত হোৱা এক জটিল জৈৱিক প্ৰত্যুত্তৰৰ অংশ।১ প্ৰতিৰক্ষা কোষ, ৰক্ত নলীকা আৰু আণৱিক দ্ৰব্যক সামৰি হোৱাই এক সুৰক্ষাজনিত প্ৰক্ৰিয়া। প্ৰদাহৰ কাম হৈছে কোষৰ আঘাতৰ প্ৰাথমিক কাৰক আঁতৰোৱা, মৃত কোষ আৰু ক্ষতিগ্ৰস্ত কলা চাফা কৰা, আৰু কলাৰ মেৰামতি আৰম্ভ কৰা।
প্ৰদাহৰ দ্ৰুপদী চিহ্নসমূহ হ'ল বিষ, তাপ, ৰঙা পৰা, ফুলা আৰু অকামিলা হোৱা। প্ৰদাহ এক সামগ্ৰিক সঁহাৰি। সেইবাবে ইয়াক সহজাত প্ৰতিৰক্ষাৰ অংশ বুলি ধৰা হয়। ইয়াৰ বিপৰীতে লব্ধ প্ৰতিৰক্ষা প্ৰতিটো বীজাণুৰ বাবে নিৰ্দিষ্ট।২ প্ৰদাহ কমকৈ হ'লে ক্ষতিকৰ উদ্দীপক (যেনে বেক্টেৰিয়া)ৰ পৰা কলাৰ অধিক ক্ষতি হ'ব পাৰে আৰু জীৱৰ প্ৰাণলৈ টনাটনি হ'ব পাৰে। ইয়াৰ বিপৰীতে দীৰ্ঘম্যাদী প্ৰদাহৰ ফলত hay fever, periodontitis, এথেৰ'স্লেৰ'চিছ, ৰিউমেটইড আৰ্থ্ৰাটিছ আৰু আনকি কৰ্কট ৰোগ (যেনে- পিত্তকোষৰ কৰ্কট) পৰ্যন্ত হ'ব পাৰে। সেইবাবে শৰীৰে প্ৰদাহৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে।
প্ৰদাহক হ্ৰস্বম্যাদী (acute) বা দীঘম্যাদী (chronic) বুলি ভগাব পাৰি। হ্ৰস্বম্যাদী প্ৰদাহ শৰীৰে ক্ষতিকৰ উদ্দীপকৰ উত্তৰত কৰা প্ৰাথমিক প্ৰক্ৰিয়া। ইয়াত তেজৰ পৰা ক্ষতিগ্ৰস্ত কলালৈ প্লাজমা আৰু শ্বেত ৰক্ত কণিকাৰ (বিশেষকৈ গ্ৰেনুল'চাইটসমূহ) সঞ্চালন হয়। ৰক্ত পৰিবহণ তন্ত্ৰ, প্ৰতিৰোধ তন্ত্ৰ আৰু ক্ষতিগ্ৰস্ত কলাৰ বিভিন্ন কোষ আদিক সামৰি কেইবাটাও জৈৱৰাসায়নিক প্ৰক্ৰিয়াৰ সন্মিলনত প্ৰদাহ পূৰঠ হয়। প্ৰদাহ দীঘলীয়া হ'লে ইয়াক দীৰ্ঘম্যাদী প্ৰদাহ বোলে, যাৰ ফলত লাহে লাহে প্ৰদাহৰ স্থানলৈ মন'নিউক্লিয়েৰ কোষৰ আগমণ হয় আৰু কলাত একাধাৰে ক্ষতি আৰু আৰোগ্যৰ প্ৰকিৰ্য়া চলি থাকে।
প্ৰদাহ আৰু সংক্ৰমণ একে নহয়। সংক্ৰমণ হ'লে জীৱাণুৰ আৰু শৰীৰৰ প্ৰতিৰক্ষা প্ৰণালীৰ যুঁজ হয়। গতিকে জীৱাণুৰ আগমণত প্ৰদাহৰ ৰূপত দেখা যোৱা সঁহাৰি বুজাবলৈ সংক্ৰমণ শব্দটো ব্যৱহাৰ কৰা হয়। আনহাতে প্ৰদাহ শব্দটোৱে কাৰণ নিৰ্বিশেষে শৰীৰৰ প্ৰতিৰক্ষা-সংবহন প্ৰণালীৰ সঁহাৰিক বুজায়। কিন্তু দুয়োটা শব্দৰে সলনা-সলনিকৈ উপযোগৰ ফলত -itisৰে শেষ হোৱা শব্দ (যিয়ে প্ৰদাহ বুজায়) মাজে মাজে সংক্ৰমণ বুজাবলৈও ব্যৱহাৰ হয়। যেনে- ইউৰেথ্ৰাইটিছ (urethritis)ৰ অৰ্থ কেৱল "প্ৰস্ৰাৱৰ নলীৰ প্ৰদাহ", কিন্তু চিকিৎসা কৰ্মীসকলে ইউৰেথ্ৰাইটিছক প্ৰস্ৰাৱৰ নলীৰ সংক্ৰমণ বুলিয়েই আলোচনা কৰে কাৰণ ইউৰেথ্ৰাইটিছৰ সাধাৰণ কাৰণ হৈছে নলীডালৰ জীৱাণুৰ আক্ৰমণ।
বহু ৰোগত প্ৰদাহৰ লগত জীৱাণুৰ সংক্ৰমণ নহয়- যেনে, এথেৰ'স্লেৰ'চিছ, টাইপ III হাইপাৰছেন্ছিটিভিটী, ট্ৰমা, ইস্কেমিয়া আদি। আকৌ কিছুমান ৰোগত জীৱাণুৰ সংক্ৰমণৰ দ্ৰুপদী প্ৰদাহ প্ৰক্ৰিয়া দেখা নাযায়। যেনে- পাৰাচাইট'চিছ, ইয়'চিন'ফিলিয়া।
তথ্যসূত্ৰ
- ↑ Ferrero-Miliani L, Nielsen OH, Andersen PS, Girardin SE; Nielsen; Andersen. (February 2007). Chronic inflammation: importance of NOD2 and NALP3 in interleukin-1beta generation. Clin. Exp. Immunol.. পৃ. 061127015327006––
- ↑ Abbas A.B.; Lichtman A.H. (2009). Basic Immunology. Functions and disorders of the immune system. ISBN 978-1-4160-4688-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰদাহ” প্ৰবন্ধৰ সংশোধন ১৭৬১৩০ (২৮ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।