অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ক্ৰমবিকাশ

ক্ৰমবিকাশ বা বিবৰ্তন (Evolution) হৈছে জীৱসমষ্টিৰ পৰৱতী প্ৰজন্মত হোৱা বংশগত বৈশিষ্টসমূহৰ পৰিবৰ্তন। ক্ৰমবিকাশে প্ৰজাতি, একক জীৱ নাইবা আনৱিক, যিকোনো পৰ্যায়ৰ জৈৱিক সংগঠনত বিচিত্ৰতাৰ সৃষ্টি কৰে। প্ৰায় ৩৫০-৩৮০ নিযুত বছৰ আগৰ এটা অন্তিম সাৰ্বজনিক পূৰ্বজৰ পৰাই বৰ্তমান জীৱনৰ বিচিত্ৰতাৰ সৃষ্টি হৈছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ক্ৰমবিকাশ বা বিবৰ্তন (Evolution) হৈছে জীৱসমষ্টিৰ পৰৱতী প্ৰজন্মত হোৱা বংশগত বৈশিষ্টসমূহৰ পৰিবৰ্তন।১ ক্ৰমবিকাশে প্ৰজাতি (জীৱবিদ্যা), একক জীৱ নাইবা আনৱিক, যিকোনো পৰ্যায়ৰ জৈৱিক সংগঠনত বিচিত্ৰতাৰ সৃষ্টি কৰে।২ প্ৰায় ৩৫০-৩৮০ নিযুত বছৰ আগৰ৩ এটা অন্তিম সাৰ্বজনিক পূৰ্বজৰ৪৫৬ পৰাই বৰ্তমান জীৱনৰ বিচিত্ৰতাৰ সৃষ্টি হৈছিল। ক্ৰমবিকাশৰ ইতিহাসত বাৰে বাৰে হোৱা নতুন প্ৰজাতিৰ সৃষ্টি, অন্তঃপ্ৰজাতিক ভিন্নতা আৰু প্ৰজাতিক বিলুপ্তিভৱনে ডি এন এ সজ্জাকে৭ ধৰি বিভিন্ন বাহ্যিক আৰু জৈৱৰাসায়নিক বৈশিষ্ট্য ভাগ বতৰা কৰে। একে শেহতীয়া পূৰ্বজৰ পৰা সৃষ্ট প্ৰজাতিবোৰৰ মাজত এই বৈশিষ্টবোৰৰ সাদৃশ্য থাকে। এই বিৱৰ্তনীয় সম্পৰ্কৰ ভিত্তিত, বৰ্তমান জীৱিত প্ৰজাতি আৰু জীৱাশ্মৰ দ্বাৰা এক প্ৰকাৰৰ জৈবিক "জীৱন -বৃক্ষ"ৰ সজ্জা প্ৰস্তুত কৰিব পাৰি। জীৱাশ্ম তথ্যবোৰ হৈছে প্ৰাক বায়'জেনিক গ্ৰেফাইট, মাইক্ৰ'বিয়েল মেট ফছিল, জীৱাশ্মীভূত বহুকোষী জীৱ। জৈৱ বিচিত্ৰতাৰ বৰ্তমান সজ্জাটো নতুন প্ৰজাতিৰ সৃষ্টি আৰু প্ৰজাতিৰ বিলুপ্তিভৱনৰ দ্বাৰা গঠিত হৈছে। পৃথিৱাৰ সৰ্বমুঠ জীৱনৰ প্ৰায় ৯৯%, প্ৰায় ৫০০ নিযুত প্ৰজাতি, বিলুপ্ত হৈ গ'ল বুলি অনুমান কৰা হৈছে। বৰ্তমান পৃথিৱীত প্ৰায় ১০ ৰ পৰা ১৪ নিযুত প্ৰজাতিৰ জীৱন আছে বুলি অনুমান কৰা হয়। ইয়াৰে প্ৰায় ১.২ নিযুত প্ৰজাতিৰ (১৪%) তথ্য বিজ্ঞানীৰ ওচৰত আছে আৰু প্ৰায় ৮৬%ত কৈয়ো অধিক প্ৰজাতিৰ কোনো তথ্য আজিও আহৰণ কৰিব পৰা হোৱা নাই। বৰ্তমান জীৱিত জীৱৰ প্ৰায় ৯৯% প্ৰজাতি আসন্ন বিলুপ্তিৰ অৱস্থাত আছে বুলি অনুমান কৰা হয়।

১৯ শতিকাৰ মধ্যভাগত, চাৰ্লছ ডাৰউইনে, তেওঁৰ গ্ৰন্থ "জীৱৰ উৎপত্তি (Origin of Species, 1859)"ত ক্ৰমবিকাশৰ সূত্ৰ "প্ৰাকৃতিক নিৰ্বাচন" প্ৰকাশ কৰিছিল। কিছুমান জীৱ প্ৰতিকুল পৰিৱেশৰ লগত খাপ খাব পৰাকৈ পৰিবৰ্তন ঘটে আৰু সেইবোৰেই জীয়াই থাকিবলৈ সক্ষম হয়। ইয়াৰ তিনিটা কাৰক হৈছে:

  1. বাহ্যক গঠন, শাৰীৰীক গঠন, আৰু আচৰণৰ ভিন্নতা থাকে,
  2. ভিন্ন বৈশিষ্ট্য যুক্ত জীৱৰ জীয়াই থকাৰ ক্ষমতা আৰু প্ৰজনন ক্ষমতাও ভিন্ন হয়।
  3. বৈশিষ্টবোৰ এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ পৰিবাহিত হয়।৮

এইদৰে এটা প্ৰজাতিৰ সদস্য সকলক পৰৱৰ্তী প্ৰজন্মৰ অধিক সক্ষম সদস্যবোৰে প্ৰতিষ্ঠাপন কৰে আৰু জৈৱভৌতিক পৰিৱেশত প্ৰজনন কৰে, এনে ক্ষেত্ৰতে পাকৃতিক নিৰ্বাচনে কাৰ্য কৰে। এনেদৰেই প্ৰাকৃতিক নিৰ্বাচন প্ৰক্ৰিয়া সৃষ্টি হয় আৰু জীৱবোৰে প্ৰদৰ্শন কৰা কাৰ্যকৰী নীতিৰ বাবে যোগ্য বিবেচিত হোৱা বৈশিষ্টবোৰ সংৰক্ষিত হয়।৯ প্ৰাকৃতিক নিৰ্বাচন হৈছে সমাযোজনৰ এক মাত্ৰ জ্ঞাত কাৰণ, কিন্তু ই ক্ৰমবিৱৰ্তনৰ একমাত্ৰ কাৰণ নহয়। ক্ষুদ্ৰক্ৰমবিকাশৰ অন্য কাৰকবোৰ হৈছে মিউটেছন আৰু জিনীয় কলম।১০

প্ৰাকৃতিক নিৰ্বাচনৰ গুৰুত্ব ক্ৰমবিকাশৰ এটা কাৰণ হিচাপে জীৱবিজ্ঞানৰ অন্য শাখাবোৰত গ্ৰহণ কৰা হয়। বিজ্ঞানীসকলে ক্ৰমবিকাশ জীৱবিদ্যাৰ বিভিন্ন দিশৰ অধ্যয়ন, মতবাদৰ সৃষ্টি আৰু পৰীক্ষণ, জীৱবৈজ্ঞানিক সূত্ৰ আৰু সূত্ৰীয় জীৱবিজ্ঞানৰ গাণিতীক আৰ্হি নিৰ্মাণ, নিৰীক্ষণৰ পৰা প্ৰাপ্ত তথ্যৰ ব্যৱহাৰ, আৰু পৰীক্ষাগাৰ আৰু বাস্তৱজগতত পৰীক্ষা-নিৰীক্ষা কৰে।

তথ্যসূত্ৰ

  1. ↑ Hall Hallgrímsson 2008, পৃ. 4–6
  2. ↑ Hall Hallgrímsson 2008, পৃ. 3–5
  3. ↑ Schopf, J. William; Kudryavtsev, Anatoliy B.; Czaja, Andrew D. (October 5, 2007). Evidence of Archean life: Stromatolites and microfossils. Precambrian Research. Elsevier. পৃ. 141–155
  4. ↑ Kampourakis 2014, পৃ. 127–129
  5. ↑ Doolittle, W. Ford. (February 2000). Uprooting the Tree of Life. Scientific American. Georg von Holtzbrinck Publishing Group. পৃ. 90–95
  6. ↑ Glansdorff, Nicolas; Ying Xu; Labedan, Bernard. (July 9, 2008). The Last Universal Common Ancestor: emergence, constitution and genetic legacy of an elusive forerunner. Biology Direct. BioMed Central. পৃ. 29
  7. ↑ Panno 2005, পৃ. xv-16
  8. ↑ Lewontin, R. C. (November 1970). The Units of Selection. Annual Review of Ecology and Systematics. Annual Reviews. পৃ. 1–18
  9. ↑ Darwin 1859
  10. ↑ Kimura, Motoo. (1991). The neutral theory of molecular evolution: a review of recent evidence. The Japanese Journal of Human Genetics. Genetics Society of Japan. পৃ. 367–386

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰমবিকাশ” প্ৰবন্ধৰ সংশোধন ৬২৪৩১৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।