অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

য়ুৰি গেগেৰিন

য়ুৰি এলেক্সিয়েভিচ গেগেৰিন (Yuri Alekseyevich Gagarin) (Ю́рий Алексе́евич Гага́рин; ৯ মাৰ্চ ১৯৩৪ - ২৭ মাৰ্চ ১৯৬৮) এগৰাকী ছ'ভিয়েট দেশীয় বৈমাণিক আৰু মহাকাশচাৰী। এখেত মহাকাশলৈ যোৱা প্ৰথম মানৱ। ভস্তক-১ মহাকাশযানত গেগেৰিনে ১৯৬১ চনৰ ১২ এপ্ৰিল তাৰিখে পৃথিৱীৰ চাৰিওফালে এটা কক্ষপথত পৰিভ্ৰমণ সম্পূৰ্ণ কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২,৬৬৫ শব্দ · ১৫ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

য়ুৰি এলেক্সিয়েভিচ গেগেৰিন (Yuri Alekseyevich Gagarin) (Ю́рий Алексе́евич Гага́рин১; ৯ মাৰ্চ ১৯৩৪ - ২৭ মাৰ্চ ১৯৬৮) এগৰাকী ছ'ভিয়েট দেশীয় বৈমাণিক আৰু মহাকাশচাৰী। এখেত মহাকাশলৈ যোৱা প্ৰথম মানৱ। ভস্তক-১ মহাকাশযানত গেগেৰিনে ১৯৬১ চনৰ ১২ এপ্ৰিল তাৰিখে পৃথিৱীৰ চাৰিওফালে এটা কক্ষপথত পৰিভ্ৰমণ সম্পূৰ্ণ কৰে।

মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি হিচাপে গেগেৰিন আন্তৰ্জাতিকভাৱে প্ৰখ্যাত হৈ উঠে আৰু বিভিন্ন দেশৰপৰা বহুতো সন্মান লাভ কৰে। তাৰ ভিতৰত ছ'ভিয়েট দেশৰ সৰ্ব্বোচ্চ সন্মান 'ছ'ভিয়েট ইউনিয়নৰ নায়ক' (Hero of the Soviet Union) প্ৰধান। ভস্তক-১-ৰ ভ্ৰমণেই আছিল তেখেতৰ একমাত্ৰ মহাকাশভ্ৰমণ। ধ্বংসপ্ৰাপ্ত হোৱা ছয়ুজ-১ মহাকাশযানৰ তেখেত সংৰক্ষিত কৰ্মী আছিল। গেগেৰিন পাছলৈ 'মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰ, মস্কো'-ৰ প্ৰশিক্ষণ পৰিচালক হৈছিল। পাছলৈ এই কেন্দ্ৰক তেখেতৰ নামেৰে 'গেগেৰিন মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰ' নাম দিয়া হয়। ১৯৬৮ চনত প্ৰশিক্ষণ বিমান মিগ-১৫-ৰ বৈমাণিক হৈ থাকোঁতে এটা দুৰ্ঘটনাত তেখেতৰ মৃত্যু ঘটে।

শৈশৱ আৰু শিক্ষা

য়ুৰি গেগেৰিনৰ জন্ম হৈছিল ক্লুশ্বিনো নামৰ এখন গাঁৱত। ওচৰৰ চহৰ 'খেচ্ক' (Gzhatsk)। গেগেৰিনৰ মৃত্যুৰ পাছত চহৰখনক তেখেতৰ নামেৰে নামাংকিত কৰা হয়।২ তেখেতৰ পিতৃ আৰু মাতৃৰ নাম ক্ৰমে এলেক্সি ইভান'ভিছ গেগেৰিন আৰু আনা টিম'ফেয়েভনা গেগেৰিন। পিতাকে কাঠমিস্ত্ৰী আৰু ৰাজমিস্ত্ৰীৰ কাম কৰিছিল। মাকে গোৱালনীৰ কাম কৰিছিল। পিতৃ-মাতৃ দুয়ো এখন পামত কাম কৰিছিল।৩ য়ুৰি পৰিয়ালটোৰ তৃতীয় সন্তান আছিল। ককায়েক ভেলেণ্টিন আছিল আটাইতকৈ ডাঙৰ, দ্বিতীয় বায়েক জয়া, আৰু নুমলীয়া ভায়েকৰ নাম আছিল ব'ৰিছ।৪

দ্বিতীয় মহাযুদ্ধৰ সময়ত পৰিয়ালটোৱে কিছু হাৰাশাস্তি সহিবলগীয়া হৈছিল। য়ুৰিৰ দাদাক আৰু বায়েকক জাৰ্মানসকলে পোলেণ্ডলৈ পঠিয়াই দিছিল আৰু তেওঁলোকৰ ঘৰটো দখল কৰি এটা জুপুৰীত তেওঁলোকক থাকিবলৈ বাধ্য কৰা হৈছিল। প্ৰায় ডেৰ বছৰৰ পাছত যুদ্ধ শেষ হোৱাতহে য়ুৰিৰ ককায়েক আৰু বায়েক ঘৰলৈ উভতি আহিছিল।৫৪৬ ১৯৪৬ চনত পৰিয়ালটো খেচ্ক-লৈ যায় আৰু গেগেৰিনে মাধ্যমিক শিক্ষা সম্পন্ন কৰে।৫

আন এক উৎসৰ মতে গেগেৰিনৰ পৰিয়ালে জাৰ্মান সেনাই ১৯৪১ চনত খেচ্ক দখল কৰাৰ আগেয়েই উৰাল পৰ্বত-ৰ পূব অংশলৈ পলাই গৈছিল আৰু যুদ্ধৰ পাছতহে উভতি আহিছিল।৭

১৬ বছৰ বয়সত গেগেৰিনে মস্কোৰ এটা তীখাৰ কাৰখানাত এপ্ৰেণ্টিছ হিচাপে যোগ দিয়ে।৪৬ লগতে স্থানীয় বিদ্যালয়ৰ নৈশ শাখাত নাম-ভৰ্তি কৰে।৮ ১৯৫১ চনত এপ্ৰেণ্টিছ হিচাপে প্ৰশিক্ষণ আৰু স্কুলীয়া শিক্ষা একেলগে শেষ কৰে৮ আৰু 'ছাৰাট'ভ উদ্যোগিক প্ৰযুক্তি বিদ্যালয়'ত যোগ দিয়াৰ বাবে নিৰ্বাচিত হয়। ইয়াত য়ুৰিয়ে ট্ৰেক্টৰ-ৰ বিষয়ে অধ্যয়ন কৰে।৪৬৯ ইয়াত থকা কালতে য়ুৰিয়ে এটা স্থানীয় উৰণ ক্লাৱত ছ'ভিয়েট বিমান কেডেট হিচাপে স্বেচ্ছাই সপ্তাহান্তিক প্ৰশিক্ষণত যোগ দিয়ে। তাতেই য়ুৰিয়ে বিমান চালনা শিকে--প্ৰথমে দ্বিডেউকাযুক্ত বিমান, আৰু পাছলৈ য়াক-১৮ বিমান চালনাৰ প্ৰশিক্ষণ লয়।৬৯ সেই সময়ত তেওঁ ভল্গা নদীৰ বন্দৰত শ্ৰমিক হিচাপে কাম কৰিও কিছু উপৰুৱা উপাৰ্জন কৰিছিল।৫

ছ'ভিয়েট বিমান বাহিনীত

১৯৫৫ চনত প্ৰযুক্তি বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ পাছত গেগেৰিন ছ'ভিয়েট সেনাত ভৰ্তি হয়।৮ গেগেৰিনক অ'ৰেনবাৰ্গত থকা প্ৰথম স্কেলভ আকাশী সেনা বৈমাণিকৰ বিদ্যালয়লৈ প্ৰেৰণ কৰা হয় আৰু ১৯৫৭ চনত মিগ-১৫ বিমান অকলে উৰুৱাবলৈ অনুমতি পায়।৪৬৮ তাতেই তেওঁ ভেলেণ্টিনা ইভানোভনা গৰিয়াছেভা-ক লগ পায়।১০ গৰিয়াছেভা অৰেনবাৰ্গ চিকিৎসা বিদ্যালয়ত মেডিকেল টেকনিচিয়ান বিষয়ৰ ছাত্ৰী আছিল।৬৯ ১৯৫৭ চনৰ ৯ নৱেম্বৰ তাৰিখে দুয়ো বিবাহপাশত আৱদ্ধ হয় আৰু সেই দিনতে গেগেৰিনে অৰেনবাৰ্গৰ বিদ্যালয়ৰপৰা সফলতাৰে উত্তীৰ্ণ হয়।১০৬

ইয়াৰ পাছত গেগেৰিনক নৰৱেৰ সীমান্তৱৰ্তী লুঅ'ষ্টৰি বিমান বাহৰত মকৰল কৰা হয়। এই ঠাইৰ বতৰ বিমান চালনাৰ বাবে অনুকূল নাছিল। ১৯৫৭ চনৰ ৫ নৱম্বৰত গেগেৰিনে লেফটেনাণ্ট পদ পায় আৰু ১৯৫৯ চনৰ ৬ নৱেম্বৰত জ্যেষ্ঠ লেফটেনাণ্ট পদলৈ পদোন্নতি পায়।১১

ছ'ভিয়েট মহাকাশ কাৰ্যসূচীত

নিৰ্বাচন আৰু প্ৰশিক্ষণ

১৯৬০ চনত এক বিস্তৃত সন্ধান আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে বিছ গৰাকী বৈমাণিকক মহাকাশচাৰীৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচন কৰা হয়। গেগেৰিন এই উনৈছজনৰ মাজৰ এজন আছিল। গেগেৰিনক তাৰে মাজৰ অতি বিশেষ গোট 'ছচি ছয়' (Sochi Six) লৈ নিৰ্বাচন কৰা হয়। এই ছয়গৰাকী প্ৰাৰ্থীৰ মাজৰপৰাই 'ভস্তক' অভিযানৰ বাবে নিৰ্বাচন কৰা হৈছিল। গেগেৰিন আৰু সহপ্ৰশীক্ষাৰ্থীসকলে শাৰীৰিক আৰু মানসিক কষ্টসহিষ্ণুতাৰ বিভিন্ন পৰীক্ষাৰ মাজেৰে যাবলগীয়া হৈছিল। প্ৰশিক্ষণৰ প্ৰাৰ্থীসকলৰ মাজৰপৰা গেগেৰিন আৰু ঘেৰ্মান টিটভ-ক (Gherman Titov) ভস্তক অভিযানৰ বাবে নিৰ্বাচন কৰা হয়। ভস্তকৰ ভিতৰত স্থানৰ সীমাবদ্ধতাৰ বাবে দৈহিক আকাৰো নিৰ্বাচনৰ মুখ্য কাৰক আছিল। দুয়োগৰাকী প্ৰাৰ্থীয়েই আছিল চুটি। গেগেৰিনৰ উচ্চতা আছিল 1.57 মিটাৰ

১৯৬০ চনৰ আগষ্ট মাহত গেগেৰিনৰ 'ব্যক্তিত্ব' সম্পৰ্কে বিমান বাহিনীৰ চিকিৎসকে দিয়া মন্তব্য আছিল:১২

অমায়িক; তেখেতৰ ধেমালিবোৰ কেতিয়াবা বেছি পাতলীয়া হৈ পৰিলে লাজ পায়; উচ্চ মানৰ বৌদ্ধিক বিকাশৰ চিন য়ুৰিত দেখা যায়; প্ৰখৰ স্মৃতি শক্তি; পৰিবেশৰ প্ৰতি তীক্ষ্ণ আৰু বহুল একাগ্ৰতাৰ ক্ষেত্ৰত সহপ্ৰশিক্ষাৰ্থীসকলতকৈ বহু আগত; কল্পনা শক্তি অতি উন্নত; খৰতকীয়া প্ৰতিক্ৰীয়া; কষ্টসহিষ্ণু, নিজৰ কামৰ বাবে আৰু প্ৰশিক্ষণৰ বাবে নিজকে কষ্টেৰে সাজু কৰে, জোৰ্তিগতিবিজ্ঞান আৰু গণিতৰ সূত্ৰ আদিত পটু, উচ্চ গণিতৰ ক্ষেত্ৰতো আগবঢ়া; নিজৰ মত শুদ্ধ বুলি ভাবিলে তাক প্ৰতিষ্ঠিত কৰাত পিছ নোহোঁহকে; বোধ হয় তেখেতে যেন জীৱনক তেখেতৰ আন বহু বন্ধুতকৈ ভালকৈ বুজি পায়।
— Soviet Air Force doctor

গেগেৰিনক তেখেতৰ সহকৰ্মীসকলৰো পছন্দৰ ব্যক্তি আছিল। বিছ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত নামবিহীন ভাৱে পতা ভোটদান প্ৰক্ৰিয়াত তিনিজনৰ বাহিৰে বাকী আটায়ে গেগেৰিনকে প্ৰথম মহাকাশচাৰী হিচাপে নিৰ্বাচন কৰিছিল।১৩ তাৰে এগৰাকী য়েভগেনী খ্ৰুনভ-ৰ মতে গেগেৰিন আছিল অত্যন্ত একাগ্ৰ, আৰু প্ৰয়োজনত নিজৰ লগতে আনকো প্ৰবুদ্ধ কৰিব পাৰিছিল।১৪

গোটেই জীৱন জুৰি গেগেৰিনে নিজকে শাৰীৰিকভাৱে প্ৰস্তুত কৰি ৰাখিছিল। তেওঁ খেলত বেছ মনোযোগ দিছিল। গেগেৰিনে বৰফ হকী খেলিবলৈ ভাল পাইছিল। গ'ল কীপাৰ হ'বলৈ তেওঁ বেচি ভাল পাইছিল।১৫ বাস্কেটবল খেলাটো গেগেৰিনৰ ৰাপ আছিল। ছাৰাট'ভৰ স্কুলত তেখেত আছিল স্কুল দলৰ প্ৰশিক্ষক আৰু ৰেফাৰীও।১৬

ভস্তক ১

Гагарин перед полётом.jpg
ছবি: Минобороны РФ / РИА Новости · CC BY 4.0

মূল প্ৰবন্ধ: Vostok 1

১৯৬১ চনৰ ১২ এপ্ৰিল তাৰিখত 'ভস্তক ৩কেএ-৩' (ভস্তক-১)-ত কৰা মহাকাশ ভ্ৰমণেৰে গেগেৰিন মহাকাশলৈ যোৱা প্ৰথম মানুহ বুলি পৰিগণিত হয়, লগতে পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমজন ব্যক্তি হিচাপেও চিহ্নিত হয়। তেখেতৰ সাংকেতিক চিন আছিল 'কেডাৰ' (Kedr (Cedar, Кедр).১৭

ভস্তক-ৰে ভ্ৰমণ কৰাৰ পাছত তেখেতে লিখা নথিত তেখেতৰ অভিজ্ঞতা তলত দিয়াৰ দৰে বৰ্ণনা কৰিছে:

পৃথিৱীৰ তুলনাত ওজনহীনতাৰ অনুভৱ কিছু অচিনাকি আছিল। ইয়াত এনেকুৱা লাগে যেন কোনোবাই আপোনাক ৰছীৰে বান্ধি পথালিকৈ ওলমাই থৈছে।১৮
Vostok I capsule on display at the RKK Energiya museum
Vostok I capsule on display at the RKK Energiya museumছবি: SiefkinDR · CC BY-SA 3.0

উৰণৰ পাছত গেগেৰিনে ছ'ভিয়েট ইউনিয়নৰ সাধাৰণ সম্পাদক নিকিটা খ্ৰুছেভ-ক কৈছিল যে পৃথিৱীৰ পৰিমণ্ডলত সোমোৱাৰ সময়ত তেখেতে 'মাতৃভূমিয়ে শুনে, মাতৃভূমিয়ে জানে' ("The Motherland Hears, The Motherland Knows" ("Родина слышит, Родина знает") গানটো গুণগুণাইছিল।১৯২০ গানটোৰ প্ৰথম দুফাকি আছিল "মাতৃভূমিয়ে শুনে, মাতৃভূমিয়ে জানে/ পুত্ৰই কোন আকাশত উৰে" (The Motherland hears, the Motherland knows/Where her son flies in the sky).২১ ১৯৫১ চনত ৰচিত গীতটিৰ ৰচক আছিল 'ডিমিত্ৰি শ্ব'ছষ্টেক'ভিচ' (Dmitri Shostakovich), শব্দ সংযোজন কৰিছিল 'য়েভগেনি ড'লমেট'ভস্কি'য়ে।

কিছুমান সূত্ৰৰ মতে যাত্ৰাকালত গেগেৰিনে কৈছিল, 'মই ওপৰত কোনো ভগৱানক দেখা নাই' (I don't see any God up here)। কিন্তু এই কথাফাকি কোৱাৰ কোনো প্ৰমাণ ভূ-কেন্দ্ৰৰ লগত হোৱা তেখেতৰ কথপোকথনৰ নথিত পোৱা নাযায়।২২ ২০০৬ চনত দিয়া এটা সাক্ষাৎকাৰত গেগেৰিনৰ বন্ধু কৰ্নেল ভেলেণ্টিন পেট্ৰভে কৈছিল গেগেৰিন তেনেদৰে কোৱা নাছিল। এই উৰাবাতৰিৰ আৰম্ভণি হৈছিল 'নিকিটা খ্ৰুছেভে' দিয়া বক্তৃতাৰপৰাহে, য'ত তেখেতে কৈছিল, 'মহাকাশলৈ যাওঁতেও গেগেৰিনে কোনো ভগৱানক দেখা নাছিল। '২৩ পেট্ৰভে উল্লেখ কৰিছিল যে গেগেৰিন শিশুকালতে 'ৰক্ষণশীল গীৰ্জা'ৰ (Orthodox Church) অধীনত দীক্ষা (baptise) লৈছিল। সেই গীৰ্জাৰ ষ্টাৰ চিটিৰ যাজকে ২০১১ চনত কৈছিল যে গেগেৰিনে জেষ্ঠা কন্যা য়েলেনাক মহাকাশলৈ যোৱাৰ কিছুদিন আগেয়ে দীক্ষা দিয়াইছিল, আৰু তেওঁলোকৰ পৰিয়ালে খ্ৰীষ্টমাচ, ইষ্টাৰ আদি পালন কৰাৰ লগতে, ঘৰত মূৰ্তি আদিও ৰাখিছিল।২৪

ভস্তক-১ৰ পাছত

মহাকাশ ভ্ৰমণৰ পাছতেই য়ুৰি গেগেৰিনৰ খ্যাতি সমগ্ৰ পৃথিৱীতে বিয়পি পৰে। তেওঁ ইটালী, জাৰ্মানী, কানাডা, ব্ৰাজিল, জাপান, ইজিপ্ত২৫ আৰু ফিনলেণ্ড ভ্ৰমণ কৰি ছ'ভিয়েট দেশে মহাকাশলৈ মানৱ প্ৰেৰণ কৰাৰ সফলতাৰ বিষয়ে প্ৰচাৰ কৰে। ভস্তক-১ উৰণৰ তিনি মাহৰ পাছত তেখেতে ইংলেণ্ড ভ্ৰমণ কৰে আৰু লণ্ডন আৰু মানচেষ্টাৰলৈ যায়।২৬২৭

সঘনাই ভ্ৰমণ কৰিবলগীয়া হোৱাৰ বাবে গেগেৰিনৰ স্বাস্থ্যৰ অৱনতি আৰম্ভ হয়। গেগেৰিনে হিচাপ কৰিহে সুৰাপান কৰিছিল যদিও ভ্ৰমণৰ কালত আৰু তেওঁৰ সন্মানাৰ্থে আয়োজিত বিভিন্ন ভোজমেলত তেওঁ নিয়মীয়াকৈ মদ্যপান কৰিছিল। শুনা যায় যে ১৯৬১ চনৰ ছেপ্টেম্বৰ মাহত কৃষ্ণ সাগৰৰ পাৰৰ এখন ৰিজ'ৰ্টত গেগৰিনৰ পত্নীয়ে তেখেতক আন এৰাকী মহিলাৰ লগত একেটা কোঠাত আৱিষ্কাৰ কৰিছিল। সেই অৱস্থাৰপৰা পলাই সাৰিবলৈ তেওঁ খিৰিকীৰে দ্বিতীয় মহলাৰপৰা তললৈ জাঁপ দিছিল। এই ঘটনাতে তেখেতৰ বাওঁচকুৰ ওপৰত কটা দাগ এটা পাছলৈ ৰৈ গৈছিল।৪৯

১৯৬২ চনত গেগেৰিনে উপ 'সৰ্ব্বোচ্চ ছ'ভিয়েট' হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে। তেওঁ যুৱ কমিউনিষ্ট লীগৰ কেন্দ্ৰীয় সমিতিলৈও নিৰ্বাচিত হৈছিল। পাছত তেওঁ আকৌ ষ্টাৰ চিটিলৈ ঘূৰি আহি মহাকাশচাৰী কেন্দ্ৰত যোগদান কৰে আৰু পুনৰ-ব্যৱহাৰযোগ্য মহাকাশযানৰ আৰ্হি নিৰ্মাণ কাৰ্যত সাত বছৰ মনোনিয়োগ কৰে। ১২ জুন, ১৯৬২ চনত তেওঁ ছোভিয়েট বায়ু সেনা-ৰ লেফটেনাণহট কৰ্নেল পদবীলৈ পদোন্নতি লাভ কৰে আৰু ১৯৬৩ চনত কৰ্নেললৈ উন্নীত হয়।১১ ছ'ভিয়েট কৰ্মকৰ্তাসকলে গেগেৰিনক আকৌ বিমান উৰাবলৈ দিব বিচৰা নাছিল। তেওঁলোকে কোনো দুৰ্ঘটনাত ৰাষ্ট্ৰীয় নায়কজনৰ প্ৰাণহানি হোৱাতো বিচৰা নাছিল। গেগৰিনে তেখেতৰ বন্ধু ভ্লাডিমিৰ ক'মাৰভ-ৰ 'বেক আপ' পাইলট হিচাপে ছয়ুজ-১ বিমানত কাম কৰিছীল। ছয়ুজ-১ বিমান প্ৰচলন কৰাৰ আগেয়ে গেগেৰিনে এই বিমানৰ নিৰাপত্তা ব্যৱস্থা আৰু উন্নত হোৱাতো বিচাৰিছিল।২৮ বন্ধু ক'মাৰভ-ৰ এক বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত গেগেৰিনক মহাকাশযানৰ প্ৰশিক্ষণ বা চালনাৰপৰা বাৰণ কৰা হৈছিল।

গেগেৰিন ষ্টাৰ চিটিৰ মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰৰ উপ প্ৰশিক্ষণ পৰিচালক হৈছিল। একে সময়তে তেওঁ আকৌ যুঁজাৰু বিমানৰ বৈমাণিক হোৱাৰ বাবেও চেষ্টা চলাইছিল।

মৃত্যু

১৯৬৮ চনৰ ২৭ মাৰ্চ তাৰিখে শ্লাভ'স্কি বিমান কেন্দ্ৰৰ পৰা মিগ-১৫ বিমানৰ এক প্ৰশিক্ষণ উৰণত যাওঁতে গেগেৰিন আৰু উৰণ প্ৰশিক্ষক ভ্লাডিমিৰ ছেৰ'গিন-ৰ এক দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটে। কিৰ্জাস নামৰ ঠাইৰ ওচৰত এই দুৰ্ঘটনা সংঘটিত হৈছিল। গেগেৰিন আৰু ছেৰ'গিনৰ মৃতদেহ দাহ কৰা হৈছিল, আৰু মৃতকৰ চিতাভস্ম 'ৰেড স্কোৱেৰ' 'ক্ৰেমলিন দেৱাল'ত সমাধিস্থ কৰা হয়।

গেগেৰিনে পত্নী ভেলেণ্টিনা আৰু দুই জীয়ৰী য়েলেনা আৰু গেলিনা-ক এৰি যায়। য়েলেনা য়ুৰিয়েভনা গেগেৰিনা কলাৰ ঐতিহাসিক হিচাপে মস্কো-ক্ৰেমলিন যাদুঘৰৰ মুখ্য-পৰিচালক হিচাপে ২০০১ চনৰপৰা কৰ্মৰত।২৯৩০ সৰু জীয়ৰী গেলিনা য়ুৰিয়েভনা গেগেৰিনা মস্কোৰ প্লেখানভ ৰাছিয়ান অৰ্থনীতি বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক।২৯৩১

বিমান দুৰ্ঘটনাৰ কাৰণ

গেগেৰিনৰ মৃত্যু হোৱা কাৰণ বিমান দুৰ্ঘটনা অদ্যাপি সম্পূৰ্ণ নিশ্চিত নহয়, সেয়ে এই বিমান দুৰ্ঘটনাক লৈ জল্পনা-কল্পনা আৰু ষড়যন্ত্ৰৰ সন্দেহ আদি দেখা যায়।

মাৰ্চ মাহ, ২০০৩ চনত ছভিয়েট চৰকাৰে ৰাইজৰ বাবে মুকলি কৰি দিয়া নথিৰপৰা জনা যায় যে ছোভিয়েট গপ্তচৰ বিচাগ কেজিবি-য়ে এই বিমান দুৰ্ঘটনাৰ অনুসন্ধান চলাইছিল। ইয়াৰোপৰি দুটাকৈ সামৰিক আৰু এটা চৰকাৰী অনুসন্ধান কৰা হৈছিল। কেজিবি-ৰ প্ৰতিবেদনত ষড়যন্ত্ৰৰ সন্দেহ অমূলক বুলি কোৱাৰ লগতে এই দুৰ্ঘটনা বিমান কেন্দ্ৰৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে হোৱা বুলি উল্লেখ কৰা হৈছিল। কোৱা হৈছিল যে 'এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰে' গেগেৰিনক বতৰ সম্বন্ধে তথ্য দিঁওতে পুৰণি তথ্য দিছিল। ভূ-কৰ্মীয়েও বিমানৰ বৰ্হিভাগত থকা ইন্ধনৰ টেংকি আঁতৰোৱা নাছিল। কিন্তু গেগেৰিনৰ প্ৰশিক্ষণ উৰণৰ বাবে আৱহাৱা নিৰাপদ হোৱাৰ লগতে বৰ্হি ইন্ধনৰ টেংকি খুলি ৰখাটো উচিত আছিল। অনুসন্ধানৰ প্ৰতিবেদনৰ মতে গেগেৰিনৰ বিমানখনে এটা 'ঘূৰ্ণী'ৰ (spin) মাজত সোমাই পৰিছিল। কোনোবা চৰাইৰ লগত খুন্দা মৰা বা আন এখন বিমানৰ বাবে বাট এৰি দিবলৈ তেওঁলোকে তেনে কৰিব পাৰে বুলি কোৱা হৈছে। ভুল বতৰ-তথ্যৰ বাবে বৈমাণিক দুয়োজনে বিমানৰ উচ্চতা প্ৰকৃত উচ্চতাততকৈ ওপৰত বুলি ভাবিছিল আৰু সেয়ে ঘূৰ্ণীৰ মাজৰপৰা সফলতাৰে বিমানখন উলিয়াই আনিবলৈ সক্ষম নহ'ল।৩২

২০০৫ চনত আগবঢ়োৱা আন এটা তত্ত্বৰ মতে কেবিনৰ বায়ু দ্বাৰ এখন হয়তো কৰ্মচাৰীয়ে বা আগৰ পাইলটে বন্ধ কৰিবলৈ পাহৰি গৈছিল যাৰ কাৰণে অক্সিজেনৰ অভাৱ হৈছিল আৰু দুই বৈমাণিকে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল।৩৩ 'এয়াৰ এণ্ড স্পেচ' আলোচনীতো প্ৰায় একে ব্যাখ্যা দিয়া হৈছিল। তেওঁলোকে কৈছিল যে বৈমাণিক দুয়োজনে দুৱাৰখন খোলা দেখি তাৎক্ষণিকভাৱে তললৈ নামি আহিছিল। কিন্তু তললৈ হঠাৎ নামি অহাৰ বাবে তেওঁলোক সংজ্ঞাহীন হৈ পৰে আৰু দুৰ্ঘটনাত পতিত হয়।৩৪

২০০৭ চনৰ ১২ এপ্ৰিল তাৰিখে গেগেৰিনৰ মৃত্যুৰ ওপৰত আন এটা অনুসন্ধানৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰা হয়। চৰকাৰী বিষয়াই অনুসন্ধান আকৌ এবাৰ আৰম্ভ কৰাৰ কোনো যুক্তি নথকা বুলি উল্লেখ কৰে।৩৫

কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিয়ে ১৯৬৮ চনত গেগেৰিনৰ বিমান দুৰ্ঘটনাৰ কাৰণ জানিবলৈ গঠন কৰা এখন কমিছনৰ ৰিপোৰ্ট ২০১১ চনৰ এপ্ৰিল মাহত ৰাজহুৱা কৰা হয়। এই ৰিপোৰ্ট অনুসৰি গেগেৰিন আৰু ছেৰ'গিনে কিবা এটা কাৰণত তীক্ষ্ণ মোৰ ল'বলগীয়া হৈছিল, সম্ভৱতঃ বতৰ-বেলুনত খুন্দা নামাৰিবলৈ বা ডাৱৰৰ প্ৰথম তৰপৰ ওপৰলৈ যাবলৈ তেওঁলোকে খৰতকীয়া কোনো মোৰ লবলগীয়া হৈছিল যাৰ বাবে বিমানখন জৰুৰী অৱস্থা পাইছিল আৰু জটিল আৱহাৱাৰ মাজলৈ সোমাই গৈছিল।৩৬

এলক্সি লিঅ'নভ-ৰ ২০০৪ চনত প্ৰকাশিত Two Sides of the Moon নামৰ কিতাপখনত গেগেৰিনৰ মৃত্যুৰ কাৰণ সম্বন্ধে আন এটা ব্যাখ্যা দিয়া হৈছে। লিঅ'নভ ১৯৬৮ চনৰ চৰকাৰী অনুসন্ধান সমিতিৰ সদস্য আছিল। তেখেতে লিখিছে-- সেই সময়ত তেখেতেও একেটা অঞ্চলতে হেলিকপ্তাৰ চালনা কৰি আছিল আৰু তেখেতে দুটা ডাঙৰ শব্দ শুনিছিল। সংশ্লিষ্ট আন তথ্যৰপৰা তেখেতে ডাঙি ধৰিছে যে সেই সময়ত আন এখন ছুখয় বিমান (Su-15 'Falgon') ওচৰতে সৰ্বনিম্ন নিৰাপদ উচ্চতাৰ তলত উৰি আছিল, আৰু বিমানখনে বেয়া বতৰৰ বাবে ভালদৰে অৱস্থান নিৰ্ণয় কৰিব নোৱাৰি গেগেৰিন আৰু ছেৰেগিনৰ বিমানৰ ১০-২০ মিটাৰ ওচৰলৈ গুচি গৈছিল আৰু সেই সময়তে বিমানখনে শব্দ-বেগো উত্তীৰ্ণ হৈছিল। সেই বাবে সৃষ্টি হোৱা বায়ু সঞ্চালনে গেগেৰিনৰ মিগ বিমানখনক ঘূৰ্ণীৰ মাজলৈ ঠেলি পঠিয়ায়। লিঅ'নভে শুনা দুটা ডাঙৰ শব্দৰ প্ৰথমটো আছিল ছুখয় বিমানখনে শব্দ-বেগ পাৰ হোৱাৰ সময়ত হোৱা 'ছনিক বুম' আৰু দ্বিতীয়টো আছিল গেগেৰিনৰ বিমানখন পতিত হোৱাৰ সময়ত উঠা শব্দ।৩৭ ২০১৩ চনত লিঅ'নভে এটা ৰাছিয়ান টিভি চেনেলক সাক্ষাৎকাৰত উল্লেখ কৰে যে ৰিপোৰ্টত আন এখন অনা-অনুমতি প্ৰাপ্ত বিমান সেই স্থানত থকাৰ কথা উল্লেখ কৰিছে। এই আলোচনা কৰাৰ সময়ত লিঅ'নভে যাতে আনখন বিমানৰ চালকৰ নাম উল্লেখ নকৰে, সেইটো বাধ্য-বাধকতা আছিল বাবে তেখেতে নামোল্লেখ কৰা নাছিল। কিন্তু সেই পাইলটজনৰ ২০১৩ চনত বয়স ৮০ বছৰ আৰু স্বাস্থ্য-দুৰ্বল বুলি উল্লেখ কৰিছিল।৩৮৩৯

জনপ্ৰবাদ আৰু শ্ৰদ্ধাঞ্জলি

জনপ্ৰবাদ

চুটি দেহ (1.57 মিটাৰ)-ৰ বাহিৰেও গেগেৰিনৰ চকুত লগা লক্ষণ আছিল, তেখেতৰ হাঁহি।৪০ বহুতে উল্লেখ কৰিছে যে গেগেৰিনৰ হাঁহিয়ে ভীৰৰ মাজতো ৰাইজক তেখেতলৈ আকৰ্ষিত কৰিছিল।২৭

ৰাইজৰ মাজতো গেগেৰিনে আশাব্যঞ্জক সঁহাৰি পাবলৈ সক্ষম হৈছিল। ইংলেণ্ডৰ মানচেষ্টাৰ ভ্ৰমণৰ সময়ত বৰষুণ দি থকা সত্ত্বেও গেগেৰিনে গাড়ীৰ ছাদখন উঠাই দিবলৈ মানা কৰিছিল, যাতে ৰাইজে তেওঁক ভালদৰে চাবলৈ পায়। গেগেৰিনে কৈছিল, 'ইমানখিনি মানুহে যদি মোক চাবলৈ আহি বৰষুণত ৰৈ থাকিব পাৰে, তেন্তে ময়ো তিতিব পাৰিম। ' গেগেৰিনে আনকি ছাতি ল'বলৈও মানা কৰিছিল, আৰু তেনেকৈয়ে ৰাইজৰ মাজেৰে আগবাঢ়ি গৈছিল।২৭

ছোভিয়েট মহাকাশ প্ৰকল্পৰ এগৰাকী প্ৰভাৱশালী চিন্তানায়ক ছেৰ্গেই কৰ'লেভ-য়ে কৈছিল যে গেগেৰিনৰ উজ্জ্বল হাঁহিটো আছিল এনেকুৱা যে সি আনকি শীতল যুদ্ধখনকো পোহৰাই তুলিব পাৰে।৪১

শ্ৰদ্ধাঞ্জলি

'এপ'লো-১১' অভিযানত চন্দ্ৰত আৰোহণ কৰা নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিনে-য়ে গেগেৰিন আৰু ভ্লাডিমিৰ কমাৰ'ভ-ৰ নামোল্লেখিত পদক এক স্মাৰক মোনাত চন্দ্ৰ পৃষ্ঠত এৰি আহে। ১৯৭১ চনৰ এপ'ল'-১৫ অভিযানৰ মহাকাশচাৰী ডেভিদ স্কট আৰু জেম্‌ছ আৰউইন-য়ে মহাকাশ দৌৰৰ সময়ত মৃত্যু হোৱা ৰাছিয়া আৰু আমেৰিকাৰ মহাকাশচাৰীৰ নামোল্লেখিত ফলেন এষ্ট্ৰ'নট শীৰ্ষক ভাস্কৰ্য চন্দ্ৰত এৰি আহে। এই তালিকাৰ ১৪ নম্বৰত গেগেৰিনৰ নাম উল্লেখ কৰা হৈছিল।

২০০১ চনত প্ৰৱৰ্তিত গেগেৰিনৰ স্মৃতিত নিৰ্মিত ৰুবল মুদ্ৰা
২০০১ চনত প্ৰৱৰ্তিত গেগেৰিনৰ স্মৃতিত নিৰ্মিত ৰুবল মুদ্ৰাছবি: ЦБ РФ · Public domain

গেগেৰিনৰ মহাকাশ ভ্ৰমণৰ ২০-তম আৰু ৩০-তম বাৰ্ষিকীত ছোভিয়েট চৰকাৰে দুটা স্মাৰক মুদ্ৰা প্ৰণয়ন কৰে। ১৯৮১ চনত প্ৰনয়ণ কৰা হৈছিল তাম আৰু নিকেলৰ ১ ৰুবল-ৰ আৰু ১৯৯১ চনত ৰূপৰ ৩ ৰুবলৰ মুদ্ৰা। ২০০১ চনত ৪০-তম বাৰ্ষিকী উপলক্ষ্য চাৰিটা মুদ্ৰাৰ এটা ছিৰিজ উন্মোচন কৰা হয়, য'ত তেখেতৰ মুখাৱয়ৱৰ সাদৃশ্য থকা প্ৰতিকৃতি খোদিত কৰা আছে। ইয়াৰে ১০০ ৰুবল মূল্যৰ মুদ্ৰাটি ৰূপৰ আছিল। স্বৰ্ণজয়ন্তী বাৰ্ষিকীত, ২০১১ চনত ৰুছিয়াই সোণৰ ১০০০ ৰুবলৰ আৰু ৰূপৰ ৩ ৰুবলৰ মুদ্ৰা প্ৰণয়ন কৰে।৪২

লণ্ডনৰ Admiralty Arch-ৰ ওচৰত গেগেৰিনৰ প্ৰতিমূৰ্তি
লণ্ডনৰ Admiralty Arch-ৰ ওচৰত গেগেৰিনৰ প্ৰতিমূৰ্তিছবি: Alexf · CC BY-SA 3.0

উইক্ৰেইনৰ ছেভাষ্ট'প'ল চহৰত গেগেৰিনৰ স্মৃতিত Gagarin Raion স্থাপন কৰা হয়।

২০০৮ চনত 'কণ্টিনেণ্টেল হকি লীগ'-ক গেগেৰিনৰ নামেৰে 'গেগৰিন কাপ' নাম দিয়া হয়।৪৩

২০১০ চনত প্ৰণীত 'স্পেচ ফাউণ্ডেশ্যন'ৰ সমীক্ষাত জনপ্ৰিয়তাৰ তালিকাত গেগেৰিনে ৬ষ্ঠ স্থান লাভ কৰে। একেটা স্থানতে 'ষ্টাৰ ট্ৰেক' ছিৰিজৰ চৰিত্ৰ কেপ্টেইন 'জেম্‌ছ টি. কাৰ্ক'-য়েও অৱস্থান কৰে।৪৪

২০১১ চনত আৰ্মেনিয়াৰ প্ৰথমখন ছুখয় ছুপাৰজেট ১০০- গেগেৰিনৰ সন্মানত নামকৰণ কৰা হয়।৪৫

১৪ জুলাই ২০১১ তাৰিখে গেগেৰিনৰ বিদ্যালয়ত সন্মুখত থকা এটা প্ৰতিমূৰ্তি লণ্ডনৰ 'এড্‌মিৰেলটি আৰ্ক'-ৰ ওচৰত পুনৰ সংস্থাপন কৰা হয়।৪৬

স্বৰ্ণজয়ন্তী

গেগেৰিনৰ মহাকাশ ভ্ৰমণৰ স্বৰ্ণজয়ন্তী বৰ্ষ ২০১১ চনত সমগ্ৰ পৃথিৱী জুৰি মহাকাশ বিজয়ে সোঁৱৰণী পালন কৰা হয়। এই উপলক্ষ্যে আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ পৰা নিৰ্মিত এখন চলচ্চিত্ৰ 'ফাৰ্ষ্ট অৰবিট'-ত গেগেৰিনে ভ্ৰমণ কৰা কক্ষপথ দেখুওৱাৰ উপৰিও যানত থকা সময়ত গেগেৰিনৰ কথোপকথনৰ অংশ-বিশেষো ব্যৱহাৰ কৰা হয়।৪৭ ৰাছিয়া, আমেৰিকা আৰু ইটালী-ৰ সদস্য থকা Expedition 27 অভিযানৰ কৰ্মীসকলে এক বিশেষ ভিডিঅ' বাৰ্তা যোগে ৰাইজলৈ শুভ গেগেৰিন সন্ধ্যা-ৰ (Happy Yuri's Night) ওলগ যাচে। এই ভিডিঅ' বাৰ্তা দিয়াৰ সময়ত তেওঁলোকে গেগৰিনৰ ছবি থকা চোলা পৰিধান কৰিছিল।

২০১১ চনৰ ৪ এপ্ৰিল তাৰিখে প্ৰেৰিত ছয়ুজ টিএমএ-২১-ৰ যাত্ৰাক প্ৰথম মহাকাশ ভ্ৰমণৰ স্বৰ্ণজয়ন্তীলৈ অৰ্পণ কৰা হয়।৪৮

সন্মান আৰু পুৰস্কাৰ

  • জুবিলী মেডেল "40 Years of the Armed Forces of the USSR" (USSR, ১৯৫৮)
  • Hero of the Soviet Union (১৪ এপ্ৰিল ১৯৬১)
  • Order of Lenin (USSR, ১৪ এপ্ৰিল ১৯৬১)
  • Hero of Socialist Labour (Czechoslovak Socialist Republic, ২৯ এপ্ৰিল ১৯৬১)
  • Hero of Socialist Labour, (People's Republic of Bulgaria, ২৪ মে ১৯৬১)
  • Order of Georgi Dimitrov (বুলগেৰিয়া, ২৪ মে ১৯৬১)
  • Order of the Star]], 2nd Class (ইণ্ডোনেছিয়া, ১০ জুন ১৯৬১)
  • Cross of Grunwald]], 1st class (পোলেণ্ড, ২০ জুন ১৯৬১)
  • Pilot-Cosmonaut of the USSR (২৭ জুন ১৯৬১)
  • The first Commander of the Order "Playa Giron" (কিউবা, ১৮ জুলাই ১৯৬১)
  • "For achievements in aeronautics" (ব্ৰাজিল, ২ আগষ্ট ১৯৬১)
  • Order of the Southern Cross (ব্ৰাজিল, 3 আগষ্ট ১৯৬১)৪৯
  • Order of the Flag of the Hungarian Republic, 1st class with diamonds (হাংগেৰী, ২১ আগষ্ট ১৯৬১)
  • Honored Master of Sports of the USSR (১৯৬১, মহাকাশ ভ্ৰমণৰ পুৰস্কাৰ হিচাপে এই পদক দিয়া হৈছিল)
  • Military Pilot 1st Class (১৯৬১, awarded the qualification of space flight)
  • Gold Medal of the British Society for interplanetary travel, ১৯৬১
  • Honorary suvorovets (Moscow Suvorov Military School, ১৯৬২)
  • Order of the Nile (ইজিপ্ট, ৩১ জানুৱাৰী ১৯৬২)
  • Order of the African Star (লিবেৰিয়া, ৬ ফেব্ৰুৱাৰী ১৯৬২)
  • Hero of Labour, (ভিয়েটনাম, ২৪ এপ্ৰিল ১৯৬২)
  • Gold Medal of the Austrian Government, ১৯৬২
  • Honorary president of the Soviet-Cuban friendship society
  • Honorary Member of the Society, "the Finland-Soviet Union"
  • Order of Karl Marx (German Democratic Republic, ২২ অক্টোবৰ ১৯৬৩)
  • Jubilee Medal "Twenty Years of Victory in the Great Patriotic War 1941–1945" (USSR, ৯ মে ১৯৬৫)
  • Medal "For Impeccable Service", 3rd class (Soviet Union, মাৰ্চ ১৯৬৬)
  • Honorary member of the International Academy of Astronautics (১৯৬৬)
  • Order of Klement Gottwald (Czechoslovak Socialist Republic)
  • Jubilee Medal "50 Years of the Armed Forces of the USSR"]] (USSR, জানুৱাৰী ১৯৬৮)
  • Konstantin Tsiolkovsky Gold Medal "for outstanding work in the field of interplanetary communications" (USSR)
  • Medal of de Lavaux (FAI)
  • Gold medal and diploma "Man in Space", the Italian Association of Space
  • Gold Medal "For outstanding difference" and the Royal Aero Club Diploma, ছুইডেন
  • Medal of Columbus (ইটালী)
  • Gold Medal of Saint-Denis (ফ্ৰান্স)
  • Gold Medal Award "for courage" of the Fund Matstsotti (ইটালী), ২০০৭

আৰু অন্যান্য

য়ুৰি গেগেৰিনক নিম্নোক্ত কেউখন দেশৰে সন্মানীয় নাগৰিক-ৰ মৰ্যাদা দিয়া হয়:

য়ুৰি গেগেৰিনলৈ সন্মান স্বৰূপে ইজিপ্টৰ কাইৰো আৰু আলক্সেন্দ্ৰিয়া চহৰৰ সোণালী চাবি অৰ্পণ কৰা হয়।

তথ্য সংগ্ৰহ

তথ্য-উৎস

আৰু জানিবলৈ পঢ়ক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ গেগেৰিনৰ প্ৰথম নামটোক ইংৰাজীত লিখোঁতে Yuri, Yuriy, Youri, বা Yury বিভিন্ন ধৰণে লিখা হয়।
  2. ↑ (2010). The Great Explorers. Thames & Hudson. পৃ. 270. ISBN 978-0-500-25169-0
  3. ↑ Tito, Dennis. (13 November 2006). Yuri Gagarin. Time Europe via Time.com
  4. ↑ Rodgers, Paul. (3 April 2011). Yuri Gagarin: The man who fell to Earth. The Independent
  5. ↑ Moskvitch, Katia. (3 April 2011). Yuri Gagarin's Klushino: Forgotten home of space legend. BBC News
  6. ↑ Bizony, Piers. (14 March 2011). First man of Space – the flight and plight of Yuri Gagarin. Engineering & Technology
  7. ↑ (1968-03-28). Yuri Gagarin Killed As Test Plane Falls. New York Times
  8. ↑ (30 March 2011). Yury Gagarin: Biography. RIA Novosti
  9. ↑ Rincon, Paul; Moskvitch, Katia. (4 April 2011). Profile: Yuri Gagarin. BBC News
  10. ↑ Rosenberg, Jennifer. Yuri Gagarin: The First Man in Space. About.com
  11. ↑ (11 July 2007). Юрий Алексеевич Гагарин. Astronaut.ru
  12. ↑ Quoted in Siddiqi 2000, p. 262
  13. ↑ Siddiqi 2000, p. 262
  14. ↑ Siddiqi 2000, p. 261
  15. ↑ Bykovsky quoted in Gavrilin 1973, p. 26-27
  16. ↑ Louis, Victor E; Louis, Jennifer M. (1980). Sport in the Soviet Union. Pergamon. পৃ. 43. ISBN 0-08-024506-4
  17. ↑ Siddiqi 2000, p. 275
  18. ↑ Quoted in Siddiqi 2000, p. 278
  19. ↑ Гагарин, Юрий. (3 December 2004). Дорога в космос. Pravda via TestPilot.ru
  20. ↑ Motherland Hears (download). SovMusic.ru
  21. ↑ Motherland Hears (lyrics). SovMusic.ru
  22. ↑ Полная стенограмма переговоров Юрия Гагарина с Землей с момента его посадки в корабль (за два часа до старта) до выхода корабля "Востока-1" из зоны радиоприема. Cosmoworld.ru
  23. ↑ (12 April 2006). I am proud to be accused of having introduced Yury Gagarin to Orthodoxy. Interfax-religion.com
  24. ↑ (11 April 2011). Gagarin's family celebrated Easter and Christmas, Korolev used to pray and confess. Interfax-religion.com
  25. ↑ (24 April 2011). На орбите дружбы. МК в Египте
  26. ↑ Callow, John. (17 January 2009). Yuri Gagarin in Manchester. WCML.org.uk
  27. ↑ French, Francis. (1998). Yuri Gagarin's Visit to Manchester. Spaceflight. British Interplanetary Society
  28. ↑ Krulwich, Robert. (18 March 2011). Cosmonaut Crashed Into Earth 'Crying In Rage'. Krulwich Wonders via NPR.org
  29. ↑ Abel, Allen. (2011). The Family He Left Behind. Air & Space
  30. ↑ (12 April 2011). Gagarin in his daughter's words. Euronews.net
  31. ↑ (11 April 2011). Праздничные мероприятия, посвященные 50-летию полета Ю.А. Гагарина в космос. Rea.ru
  32. ↑ Aris, Ben. (28 March 2008). KGB held ground staff to blame for Gagarin's death. The Daily Telegraph
  33. ↑ Holt, Ed. (3 April 2005). Inquiry promises to solve Gagarin death riddle. Scotland on Sunday
  34. ↑ Osborn, Andrew. (2010). What Made Yuri Fall?. Air & Space
  35. ↑ Osborn, Andrew. (12 April 2007). Kremlin vetoes new inquiry into mystery death of Yuri Gagarin. The Belfast Telegraph
  36. ↑ Malpas, Anna. (8 April 2011). Russia sheds light on Gagarin death mystery. AFP
  37. ↑ Leonov, Alexei; Scott, David. (2004). Two Sides of the Moon. Thomas Dunne Books. পৃ. 218. ISBN 0-312-30865-5
  38. ↑ (14 June 2013). Death of Yuri Gagarin demystified 40 years on. RT.com
  39. ↑ Major, Jason. (14 June 2013). Details of Yuri Gagarin's Tragic Death Revealed. Universe Today
  40. ↑ Williams, Huw. (7 March 2011). Memories sought of Yuri Gagarin's way into space. BBC News
  41. ↑ McKie, Robin. (13 March 2011). Sergei Korolev: the rocket genius behind Yuri Gagarin. The Guardian
  42. ↑ (14 April 2011). Yuri Gagarin Featured on Russian Gold and Silver Coins. Coin Update
  43. ↑ Fraser, Adam. (19 May 2010). UFA Sports to market Kontinental Hockey League. SportsPro Media
  44. ↑ (27 October 2010). Space Foundation Survey Reveals Broad Range of Space Heroes. Space Foundation
  45. ↑ Kaminski-Morrow, David. (15 January 2011). Picture: First Armavia Superjet awaits delivery. FlightGlobal.com
  46. ↑ Parfitt, Tom. (6 April 2011). How Yuri Gagarin's historic flight was nearly grounded. The Guardian
  47. ↑ Riley, Christopher. (11 April 2011). What Yuri Gagarin saw: First Orbit film to reveal the view from Vostok 1. The Guardian
  48. ↑ Anikeev, Alexander. (29 April 2011). Spacecraft "Soyuz-TMA21". Manned Aeronautics
  49. ↑ Hoffmann, Bruno. Para Yuri Gagarin, Brasília era um planeta diferente. Brasil Almanaque de Cultura Popular

সম্পৰ্কিত শ্ৰেণী

মহাকাশচাৰীৰাছিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ুৰি গেগেৰিন” প্ৰবন্ধৰ সংশোধন ৬৩১৫০৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।