অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ৰাসায়নিক যৌগ

ৰাসায়নিক যৌগ হৈছে দুটা বা তাতোধিক ভিন্ন মৌল ৰাসায়নিক বন্ধনৰ দ্বাৰা লগলাগি সৃষ্টি হোৱা এক গঠন। মৌলবোৰ কিদৰে লগলাগে তাৰ ভিত্তিত চাৰি প্ৰকাৰৰ যৌগ গঠিত হয়: সহযোজী বান্ধনিৰ দ্বাৰা, লৱনসমূহ আয়নিয় বান্ধনিৰ দ্বাৰা, ধাতু সমূহ ধাতৱ বান্ধনিৰ দ্বাৰা আৰু কিছুমান জটিল যৌগ সমন্বয়ী সহযোজী বান্ধনিৰ দ্বাৰা।

হালনাগাদ: ৪ ছেপ্তেম্বৰ ২০১৭ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

ৰাসায়নিক যৌগ হৈছে দুটা বা তাতোধিক ভিন্ন মৌল ৰাসায়নিক বন্ধনৰ দ্বাৰা লগলাগি সৃষ্টি হোৱা এক গঠন। মৌলবোৰ কিদৰে লগলাগে তাৰ ভিত্তিত চাৰি প্ৰকাৰৰ যৌগ গঠিত হয়: সহযোজী বান্ধনিৰ দ্বাৰা, লৱনসমূহ আয়নিয় বান্ধনিৰ দ্বাৰা, ধাতু সমূহ ধাতৱ বান্ধনিৰ দ্বাৰা আৰু কিছুমান জটিল যৌগ সমন্বয়ী সহযোজী বান্ধনিৰ দ্বাৰা।

নিৰ্দিষ্ট যোগৰ ৰাসায়নিক সংকেতৰ দ্বাৰা যৌগটো গঠন হোৱা মৌলসমূহৰ অনুপাত, মৌলসমূহৰ চমুনাম, আৰু মৌলসমূহৰ সংখ্যা প্ৰকাশ কৰা হয়। উদাহৰণ স্বৰূপে, পানী এবিধ যৌগ আৰু ইয়াৰ গঠন হ'বলৈ দুটা উদজানৰ মৌল আৰু এটা অম্লজানৰ মৌল লাগে: ইয়াৰ ৰাসায়নিক সংকেত হৈছে H২O। দুটা ভিন্ন যৌগ লগলাগি এটা বা একাধিক অন্য যৌগৰ সৃষ্টি হ'ব পাৰে, এই পৰিঘটনাক ৰাসায়নিক বিক্ৰিয়া বোলে। এই পক্ৰিয়াত যৌগৰ মৌলসমূহৰ মাজৰ বান্ধনি ভাগি যায় আৰু মৌলসমূহ পুনৰ নতুনকৈ বান্ধনিৰ দ্বাৰা লগ লাগি নতুন যৌগ গঠন কৰে। সাংকেতিকভাৱে এই প্ৰক্ৰিয়াক AB + CD --> AC + BD হিচাপে বৰ্ণনা কৰিব পাৰি, য'ত A, B, C, আৰু D প্ৰতিটো একক পৰমানু; আৰু AB, CD, AC, আৰু BD প্ৰতিটোৱে হৈছে একক যৌগ। একাধিক একেধৰনৰ মৌল লগলাগিলে তাক যৌগ বুলি কোৱা নহয়, মৌল বুলিয়েই কোৱা হয়, যেনে হাইড্ৰ'জেনৰ দ্বিপৰমানুবিশিষ্ট মৌল (H২) আৰু ছালফাৰৰ বহু পৰমানুবিশিষ্ট মৌল (S৮)।

সম্পৰ্কিত শ্ৰেণী

ৰসায়ন বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাসায়নিক যৌগ” প্ৰবন্ধৰ সংশোধন ১৭০৫১০ (৪ ছেপ্তেম্বৰ ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।