অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ধাতু

ধাতু হৈছে খুব দ্ৰুত গতিত আয়ন সৃষ্টি কৰিব পৰা কিছুমান মৌলিক পদাৰ্থ। ধাতুৰ ৰাসায়নিক বন্ধনক ধাতব বন্ধন বোলে।

হালনাগাদ: ১০ জুন ২০২০ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ধাতু হৈছে খুব দ্ৰুত গতিত আয়ন সৃষ্টি কৰিব পৰা কিছুমান মৌলিক পদাৰ্থ। ধাতুৰ ৰাসায়নিক বন্ধনক ধাতব বন্ধন বোলে।

সংকৰ ধাতু

সংকৰ ধাতু হ’ল দুই বা ততোধিক উপাদানৰ মিশ্ৰণ, যাৰ মূল উপাদান হ’ল ধাতু। বেছিভাগ বিশুদ্ধ ধাতু কোমল, ভংগুৰ বা ব্যৱহাৰিক কাৰ্যৰ বাবে ৰাসায়নিকভাৱে প্ৰতিক্ৰিয়াশীল। সংকৰ ধাতু গঠনৰ মুখ্য উদ্দেশ্য হ’ল ধাতুটিক কম ভঙ্গুৰ আৰু কঠিন আৰু ক্ষয় প্ৰতিৰোধক, বা আৰু ৰঙীণ বা উজ্জ্বল কৰি তোলা। বৰ্তমান ব্যৱহৃত সকলো সংকৰ ধাতুৰ ভিতৰত লোৰ সংকৰৰ (তীখা, নিস্কলংক তীখা, সংকৰ তীখা) পৰিমাণ আৰু বাণিজ্যিক মান উভয় দিশৰ পৰা বেছি।

শ্ৰেণী

মৌলিক ধাতু

ৰসায়ন বিজ্ঞানত মৌলিক ধাতু বুলিলে সেইবোৰ ধাতুক বুজায় যিবোৰ সহজে জাৰিত বা ভাঙিব পৰা যায় আৰু হাইড্ৰোক্ল'ৰিক এচিডৰ সৈতে বিক্ৰিয়া ঘটি ধাতৱ ক্ল'ৰাইড আৰু হাইড্ৰ'জেন গঠন কৰিব পাৰে। উদাহৰণ স্বৰূপে - লো, নিকেল, তাম আৰু দস্তা আদি।

মূল্যবান ধাতু

মূল্যবান ধাতু হ’ল বিৰল ধাতৱ ৰাসায়নিক উপাদান, যাৰ উচ্চ আৰ্থিক মূল্য আছে।১

গধুৰ ধাতু

গধুৰ ধাতু হ’ল তুলনামূলকভাৱে গাঢ় ধাতু।২ধাতুৰ ইয়াতকৈও অধিক সুনিৰ্দিষ্ট সংজ্ঞাৰ প্ৰস্তাৱ কৰা হৈছিল, কিন্তু কোনোটোৱেই সৰ্বজনীনভাৱে গৃহীত হোৱা নাই।

তথ্যসূত্ৰ

  1. ↑ Walther, John V. (2013-02-15). Earth's Natural Resources. Jones & Bartlett Publishers. ISBN 9781449632342
  2. ↑ (2006). Metal contamination. Editions Quae. ISBN 9782759200115

সম্পৰ্কিত শ্ৰেণী

ৰসায়ন বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধাতু” প্ৰবন্ধৰ সংশোধন ২৩৭১৬১ (১০ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।