অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ৰাজ্য (জীৱবিজ্ঞান)

জীৱবিজ্ঞানত, ৰাজ্য বা জগত ( English: Kingdom, Latin: regnum, pl. regna ) অধিজগতৰ তলতেই বৰ্গীকৰণৰ দ্বিতীয় উচ্চ স্থানত অৱস্থান কৰিছে। ৰাজ্য সমূহক পৰ্ব নামৰ সৰু সৰু গোটত ভাগ কৰা হৈছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ১,০৮৬ শব্দ · ৬ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জীৱবিজ্ঞানত, ৰাজ্য বা জগত ( English: Kingdom, Latin: regnum, pl. regna ) অধিজগতৰ তলতেই বৰ্গীকৰণৰ দ্বিতীয় উচ্চ স্থানত অৱস্থান কৰিছে। ৰাজ্য সমূহক পৰ্ব নামৰ সৰু সৰু গোটত ভাগ কৰা হৈছে। পৰম্মৰাগতভাৱে, অসম, ব্ৰিটিছ, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ পাঠ্যপুথিত পাঁচখন ৰাজ্যৰ ( প্ৰাণী, উদ্ভিদ, ভেকুৰ, প্ৰ'ট'কটিষ্টা, আৰু প্ৰকোষকেন্দ্ৰীয়/ ম'নেৰা ) পদ্ধতি ব্যৱহাৰ কৰা হয় আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাঠ্যপুথিত ছখন ৰাজ্যৰ ( প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, প্ৰটিষ্টা, আৰ্কেৰিয়া, আৰু বেক্টেৰিয়া ) পদ্ধতি ব্যৱহাৰ কৰা হয়।

সংজ্ঞা আৰু সম্বন্ধিত পদবোৰ

যেতিয়া কাৰ্ল লিনিয়াচে (কাৰ্ল লিনিয়াছ) জীৱবিজ্ঞানত স্থান-ভিত্তিক নামকৰণ পদ্ধতি প্ৰৱৰ্তন কৰিলে, একেবাৰে উচ্চ স্থানটোক "ৰাজ্য" নাম দিছিল আৰু তাৰ তলতেই অন্য চাৰিটা প্ৰধান স্থান ৰাখিছিল; শ্ৰেণী, বৰ্গ, আৰু জাতি। পাছত বাকী দুটা প্ৰধান স্থান প্ৰৱৰ্তন কৰি, ৰাজ্য, পৰ্ব বা বিভাগ, শ্ৰেণী, বৰ্গ, পৰিয়াল, গণ, আৰু প্ৰজাতি এই ক্ৰমটো সম্পূৰ্ণ কৰিলে।১ ১৯৬০ চনত ৰাজ্যৰ ওপৰত, অধিজগৎ ( Domain বা Empire) নামে এটা নতুন স্থান অন্তৰ্ভুক্ত কৰা হ'ল, সেই বাবে, ৰাজ্য আটাইতকৈ উচ্চ স্থান হৈ নাথাকিল।

উপসৰ্গ সংযুক্তহৈ উপৰাজ্য আৰু অৱৰাজ্য নামে দুটা নতুন স্থান ৰাজ্যৰ ঠিক তলতেই গঠন হ'ল। অধিৰাজ্যৰ সমান্তৰালভাৱে বা ৰাজ্য আৰু অধিজগৎ বা উপঅধিজগতৰ মাজত স্বতন্ত্ৰভাৱে অতিৰাজ্যক বিবেচনা কৰা হ'ল। কিছুমান বৰ্গীকৰণ পদ্ধতিত উপৰাজ্য আৰু অৱৰাজ্যৰ মাজত অতিৰিক্ত শাখা স্থান (Latin: ramus) অন্তৰ্ভুক্ত কৰা হ'ল। ( যেনে:- কেভেলিয়াৰ - স্মিথৰ বৰ্গীকৰণৰ প্ৰ'ট'ষ্ট'মিয়া আৰু ডিউটাৰ'ষ্ট'মিয়া২).

আধুনিক দৃষ্টিভঙ্গী

জীৱৰ তিনিখন অধিজগৎ

জীৱৰ ফাইলজেনেটিক বৃক্ষ
জীৱৰ ফাইলজেনেটিক বৃক্ষছবি: Maulucioni y Doridí · CC BY-SA 3.0

১৯৭০ চনৰ মাজভাগৰ আগৰে পৰা বৰ্গীকৰণৰ প্ৰাথমিক কাৰক হিচাপে, জিনৰ আনৱিক প্ৰৰ্যায় ( প্ৰথমতে ৰিব'জমেল ‍আৰএনএ জিন )ৰ তুলনাৰ অৱধাৰণা বাঢ়ি আহিছিল; বাহ্যিক অভিব্যক্তি আৰু আচৰণতকৈ জিনীয় সাদৃশ্য অধিক গুৰুত্বপূৰ্ণ। মন'ফাইলেটিক (সকলো একে সাধাৰণ পূৰ্বজৰ সন্ততি ) বা পেৰাফাইলেটিক (মাত্ৰ কিছুমান একে সাধাৰণ পূৰ্বজৰ সন্ততি) যিয়েই নহওক, ৰাজ্যকে ধৰি, বৰ্গীকৰণৰ স্থান সমূহ, একে সাধাৰণ পূৰ্বজৰ সন্ততিৰ গোট কৰা হৈছিল। এনে আৰএনএ (RNA) অধ্যয়নৰ ভিত্তিত, কাৰ্ল ৱেইছে (Carl Woese), ভাৱিছিল যে, জীৱ তিনিটা বৃহৎ ভাগত বিভক্ত আৰু ইয়াকে "তিনিখন প্ৰাথমিক জগৎ" আৰ্হি বা "ইউৰিকিংডম" আৰ্হি বুলিছিল৩ ১৯৯০ চনত, আটাইতকৈ উচ্চ স্থানটোৰ বাবে "অধিজগৎ" নামটো প্ৰস্তাৱ কৰা হৈছিল।৪ ৱেইছে প্ৰকোষকেন্দ্ৰীয় (prokaryote) বোৰক (পিছলৈ ম'নেৰা হিচাপে শ্ৰেণীবিভাজন কৰা হৈছিল) ইউবেক্টেৰিয়া আৰু আৰ্কেবেক্টেৰিয়া বা আৰ্কাইয়া নামেৰে দুটা ভাগত ভাগ কৰিছিল, চিন্তনীয় যে, সিহঁতৰ যিকোনোৰ আৰু সকলো সংকোষকেন্দ্ৰীয়ৰ (eukaryote) মাজত থকা জিনীয় পাৰ্থক্যৰ সমানেই এই গোট দুটাৰ মাজটো পাৰ্থক্য আছিল। জিনীয় তথ্য মতে, উদ্ভিদ, ভেঁকুৰ, আৰু জন্তুৰ দৰে সংকোষকেন্দ্ৰীয় গোটবোৰ দেখাত ভিন্ন হ'লেও, সিহঁত ইউবেক্টেৰিয়া বা আৰ্কাইয়াতকৈ পৰস্পৰে বেছি নিকট সমন্ধীয়। দেখা গৈছে যে, সংকোষকেন্দ্ৰীয়বোৰ ইউবেক্টেৰিয়া বোৰতকৈ আৰ্কাইয়াবোৰৰহে বেছি নিকট সমন্ধীয়। ইউবেক্টেৰিয়া - আৰ্কাইয়া বিভাজন প্ৰসংগটো যদিও বিতৰ্কিত, ইয়াক সদায়ে গুৰুত্ব দি অহা হৈছে।৫ ৱেইছৰ প্ৰস্তাৱিত বৰ্গীকৰণ যোজনাত কিমানখন ৰাজ্য আছিল সেই সম্পৰ্কত মতভেদ আছে।

সংকোষকেন্দ্ৰীয় জীৱৰ কিমানখন ৰাজ্য আছে?

One hypothesis of eukaryotic relationships, modified from Simpson and Roger (2004).
One hypothesis of eukaryotic relationships, modified from Simpson and Roger (2004).ছবি: Vojtech.dostal · CC BY-SA 3.0

২০০৪ চনত, ছিম্পছন আৰু ৰ'জাৰে এটা প্ৰবন্ধত উল্লেখ আছিল যে প্ৰটিষ্টাবোৰ আছিল "সকলো সংকোষকেন্দ্ৰীয়ৰ এটা grab-bag, সেইবোৰ জন্তু, উদ্ভিদ বা ভেঁকুৰ নহয়। " তেওঁলোকে ধৰি লৈছিল যে, কেৱল মন'ফাইলেটিক গোটকহে বৰ্গীকৰণৰ আনুষ্ঠানিক স্থান হিচাপে গ্ৰহণ কৰা উচিত আৰু, যদিও এই প্ৰস্তাৱ আগেয়ে ব্যৱহাৰ্য নাছিল (necessitating "literally dozens of eukaryotic ‘kingdoms’"), এতিয়াহে সংকোষকেন্দ্ৰীয়বোৰক "সম্ভৱতঃ সকলো মন'ফাইলেটিকৰ মাত্ৰ কেইটামান প্ৰধান গোট" হিচাপে ভাগ কৰা সম্ভৱ হৈছে।৬ এই অনুসৰি প্ৰস্তুত কৰা এখন শ্ৰেণীবিভাজন "কেইবাখনো সমাজৰ বিশেষজ্ঞৰ সহযোগত কাম কৰা" এখন সমিতিৰ দ্বাৰা ২০০৫ চনত, "প্ৰটিষ্টবিদসকলৰ আন্তৰাষ্ট্ৰীয় সমাজ"ৰ (International Society of Protistologists) আগত উত্থাপন কৰা হৈছিল। ইয়াত সংকোষকেন্দ্ৰীয়কছটা "অতিবৰ্গ"ত ভাগ কৰা হৈছিল।৭ প্ৰকাশিত শ্ৰেণীবিভাজন খনত সজ্ঞানে আনুষ্ঠানিক বৰ্গীকৰণ স্থান সমূহ ("ৰাজ্য"কে ধৰি) ব্যৱহাৰ কৰা হোৱা নাই।

এই পদ্ধতিত, এককোষী ক্ৰন'ফ্লগেলটাবোৰ (choanoflagellate) আৰু অপিষ্ঠ'কণ্টাৰ (Opisthokonta) পৰা হোৱা ভেঁকুৰবোৰৰ দৰে বহু কোষী প্ৰাণীবোৰো (মেটায'ৱা) একে পূৰ্বজৰ সন্ততি।৭ প্ৰাণী আৰু ভেঁকুৰৰ সৈতে উদ্ভিদবোৰ তাতোকৈও স্পষ্টভাৱে সম্বন্ধিত বুলি বিচাৰ কৰা হয়।

তথাপি, "প্ৰটিষ্টবিদসকলৰ আন্তৰাষ্ট্ৰীয় সমাজ"ৰ বৰ্গীকৰণখন প্ৰকাশ হোৱা বছৰতে (২০০৫), এই অতিগোটবোৰৰ কিছুমান মন'ফাইলেটিত বুলি সন্দেহ কৰা হৈছিল, বিশেষকৈ ক্ৰ'মেলভেঅ'লাটা (Chromalveolata),৮ আৰু ২০০৬ চনৰ এটা সমীক্ষাত, এই তথাকথিতছটা অতিগোটবোৰৰ কেইবাটাৰো প্ৰমাণৰ অভাৱ লিপিবদ্ধ কৰা হৈছিল।৯

২০১০চন, এখন ব্যাপক চুক্তিত ষ্টামেন'পাইলছ (Stramenopiles) আৰু এলভেঅ'লাটা (Alveolata) সৈতে ৰাইজেৰিয়া (Rhizaria) সম্বন্ধিত কৰি, এছএআৰ অতিগোটত (SAR supergroup) অন্তৰ্ভুক্ত কৰা হল,১০ সেয়ে ৰাইজেৰিয়া এটা প্ৰধান সংকোষকেন্দ্ৰীয় গোট নহয়১১১২১৩১৪ ইফালে, কোনো সহমতৰ সৃষ্টি নহ'ল। ৰগজিন আৰু সংগীসকলে (Rogozin et al.) ২০০৯ চনত লিখিলে যে, "সংকোষকেন্দ্ৰীয়ৰ গভীৰ জাতি বৃত্তটো এটা অত্যধিক জটিল আৰু বিতৰ্কিত সমস্যা"১৫ ২০১০ৰ ডিচেম্বৰত, সকলো সহমত হল যে ২০০৫ৰছটা অতিগোটৰ আৰ্হিয়ে (six supergroup model) সংকোষকেন্দ্ৰীয়ৰ প্ৰকৃত জাতি বৃত্তটো প্ৰতিফলিত কৰিব নোৱাৰে আৰু সেইবোৰ যিদৰে বৰ্গীকৰণ কৰা হৈছে, আৰ্হিটোৰ কোনো চুক্তিয়েই ইয়াক প্ৰতিষ্ঠাপন কৰিব নোৱাৰে১১১২১৬

ঐতিহাসিক বিকাশ

পুৰণি কালতে জীৱক প্ৰাণী আৰু উদ্ভিদ হিচাপে ভাগ কৰা হৈছিল। এৰিষ্ট'টলে (এৰিষ্ট'টল) (খ্ৰী. পূ. ৩৮৪-৩২২) তেওঁৰ হিষ্ট্ৰি অৱ এনিমেল (History of Animals) গ্ৰন্থত প্ৰাণী প্ৰজাতি বৰ্গীকৰণ কৰিছিল, আনহাতে তেওঁৰ শিষ্য থেঅফ্ৰাষ্টাছে (Theophrastus) উদ্ভিদ সম্পৰ্কে সমান্তৰালভাৱে, হিষ্ট্ৰিয়া প্লেণ্টাৰাম (Historia Plantarum) নামে অন্য এখন গ্ৰন্থ লিখিছিল।১৭

১৭৩৫ চনত, আধুনিক বৈজ্ঞানিক নামকৰণৰ (Biological nomenclature) আধাৰশিলা স্থাপন কৰিছিল কেৰলাছ লিনিয়াছে (কাৰ্ল লিনিয়াছ,১৭০৭–১৭৭৮)। তেওঁ জীৱসমূহ দুখন ৰাজ্যত ভাগ কৰিছিল: ৰেগ্নাম এনিমেল (Regnum Animale,'প্ৰাণী জগৎ') আৰু ৰেগ্নাম ভেজিটেবিল (Regnum Vegetabile,'শাকপাঁচলি জগৎ' অৰ্থাৎ উদ্ভিদ )। লিনিয়াছে তেওঁৰ বৰ্গীকৰণ পদ্ধতিত মাণিকবোৰক ৰেগ্নাম লেপিডিয়াম (Regnum Lapideum) নামেৰে তৃতীয় এখন ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল।

১৬৭৪ চনত, "মাইক্ৰ'স্কপিৰ জনক" ৰূপে খ্যাত এণ্টনি ভান লিউৱেনহুকে (Antonie van Leeuwenhoek) তেওঁৰ প্ৰথম এককোষী জীৱৰ আনুবীক্ষণিক নিৰীক্ষণ লণ্ডনৰ ৰয়েল চছাইটিলৈ (Royal Society) প্ৰেৰণ কৰে। তেতিয়ালৈকে এনে আনুবীক্ষণিক জীৱসমূহৰ অৱস্থিতি সম্পূৰ্ণৰূপে অজ্ঞাত আছিল। সেইবাবে, লিনিয়াছে তেওঁৰ বৰ্গীকৰণত আনুবীক্ষণিক জীৱসমূহ অন্তৰ্ভুক্ত কৰা নাছিল।

Haeckel's original (1866) conception of the three kingdoms of life, including the new kingdom Protista. Notice the inclusion of the cyanobacterium ''Nostoc'' with plants.
Haeckel's original (1866) conception of the three kingdoms of life, including the new kingdom Protista. Notice the inclusion of the cyanobacterium Nostoc with plants.ছবি: Ernst Haeckel · Public domain

প্ৰথমে আনুবীক্ষণিক জীৱসমূহ প্ৰাণী আৰু উদ্ভিদ ৰাজ্যৰ ভিতৰতেই শ্ৰেণীবদ্ধ কৰা হৈছিল। তথাপি উনবিংশ শতিকাৰ মাজভাগৰ পৰা এইটো স্পষ্ট হ'ল যে, "the existing dichotomy of the plant and animal kingdoms [had become] rapidly blurred at its boundaries and outmoded".১৮ ১৮৬৬ চনত, আৰ্নষ্ট হেকেলে (Ernst Haeckel), যিবোৰ "উদাসীন জীৱ", প্ৰাণীও নহয় উদ্ভিদো নহয়, সেইবোৰৰ বাবে প্ৰটিষ্টা নামৰ এখন তৃতীয় ৰাজ্যৰ প্ৰস্তাৱ আগবঢ়াইছিল। হেকেলে ৰাজ্যৰ এই বিষয়টো, জীৱবোৰ এককোষী (প্ৰটিষ্টা) নে বহুকোষী (প্ৰাণী আৰু উদ্ভিদ) তাৰ ওপৰত ভিত্তি কৰি বিভাজনৰ সিদ্ধান্ত লোৱাৰ আগত কেইবাবাৰো পৰীক্ষা কৰিছিল।১৮

তিনি ৰাজ্য পদ্ধতি।
তিনি ৰাজ্য পদ্ধতি।ছবি: দিব্য দত্ত · CC BY-SA 4.0

ইলেক্ট্ৰন অণুবীক্ষণ যন্ত্ৰৰ (electron microscope) বিকাশে, সেই এককোষী জীৱ যিবোৰ এটা স্পষ্ট কোষকেন্দ্ৰ নাই (প্ৰকোষকেন্দ্ৰীয়বোৰ) আৰু বহুকোষী জীৱবোৰ যিবোৰৰ এটা স্পষ্ট কোষকেন্দ্ৰ আছে (সংকোষকেন্দ্ৰীয়বোৰ), সিহঁতৰ মাজৰ গুৰুত্বপূৰ্ণ ভিন্নতাবোৰ প্ৰকাশিত কৰিছিল। ১৯৩৮ চনত হাৰ্বাৰ্ট কপলেণ্ডে (Herbert F. Copeland), প্ৰটিষ্টাত শ্ৰেণী হিচাপে থকা বেক্টেৰিয়া (ম'নেৰা) আৰু নীল-সেউজ শেলাইক (ফাইক'ক্ৰমাচিয়া) পৰ্বলৈ উন্নীতকৰণ কৰি ম'নেৰা নামৰ নতুন ৰাজ্যত অন্তৰ্ভুক্তিৰে, এখন চাৰি-ৰাজ্যৰ বৰ্গীকৰণৰ প্ৰস্তাৱ দাঙি ধৰিছিল।১৮

প্ৰকোষকেন্দ্ৰীয আৰু সংকোষকেন্দ্ৰীয় জীৱৰ ভিন্নতাৰ গুৰুত্ব ক্ৰমে স্পষ্ট হ'বলৈ ধৰিলে। ১৯৬০ চনত, ষ্টেনিয়ৰ আৰু ভান নীলে, এডৱাৰ্ড চাটনৰ (Édouard Chatton) বৰ্গীকৰণত ভাগ চিনাক্তকৰণৰ পুৰণা প্ৰস্তাৱটো জনপ্ৰিয় কৰি তুলিছিল। ইয়াতেই প্ৰথম বাৰৰ বাবে ৰাজ্যতকৈ উচ্চ স্থানত এখন "অতিৰাজ্য বা সাম্ৰাজ্য" সৃষ্টিৰ প্ৰয়োজন হৈছিল, পাছলৈ ইয়াকেই অধিজগৎ বুলি কোৱা হৈছিল। .১৯

চাৰি ৰাজ্য পদ্ধতি।
চাৰি ৰাজ্য পদ্ধতি।ছবি: দিব্য দত্ত · CC BY-SA 4.0

উদ্ভিদ বুলি বিবেচনা কৰা জীৱবোৰ আৰু ভেঁকুৰৰ মাজৰ পাৰ্থক্য বহুতে ধৰা পেলাইছিল; হেকেলে তেওঁৰ মৌলিক বৰ্গীকৰণত ভেঁকুৰক উদ্ভিদৰ পৰা প্ৰটিষ্টালৈ স্থানান্তৰ কৰিছিল,১৮কিন্তু সেইসময়ৰ অধিকাংশ বিজ্ঞানীয়ে ইয়াক উপেক্ষা কৰিছিল। ৰবাৰ্ট হুইটকাৰে (Robert Whittaker) ভেঁকুৰৰ বাবে এখন অন্য ৰাজ্য দেখুৱাইছিল। ফলত পাঁচ ৰাজ্যৰ ধাৰণাটোৰ সৃষ্টি হৈছিল, ১৯৬৯ চনত তেওঁ এই প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁৰ নতুন বহু ৰাজ্যৰ পদ্ধতিটো প্ৰধানকৈ পৰিপুষ্টিৰ (nutrition) ভিন্নতাৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিছিল। উদ্ভিদবোৰ বহুকোষী স্বপোষী (autotroph), প্ৰাণীবোৰ বহুকোষী পৰপোষী (heterotroph) আৰু ভেঁকুৰবোৰ বহুকোষী চাপ্ৰটফ (saprotroph)। বাকী দুখন ৰাজ্য ক্ৰমে প্ৰটিষ্টা আৰু ম'নেৰা এককোষী আৰু সাধাৰণ সংঘকোষীয় (cellular colonies) জীৱৰ অন্তৰ্গত।২০ পঞ্চ-ৰাজ্য প্ৰণালীক, দ্বি-সাম্ৰাজ্য প্ৰণালীৰ লগত সাঙুৰিব পাৰি।

পঞ্চ-ৰাজ্য পদ্ধতি।
পঞ্চ-ৰাজ্য পদ্ধতি।ছবি: দিব্য দত্ত · CC BY-SA 4.0

হুইটকাৰৰ প্ৰদ্ধতিত, উদ্ভিদ বুলিলে কিছুমান শেলাইও পৰিছিল। অন্য পদ্ধতিবোৰত ( যেনে- মাৰ্গুলিৰ পদ্ধতি) উদ্ভিদে কেৱল স্থলজ উদ্ভিদকহে বুজাইছিল।

পঞ্চ ৰাজ্যৰ ধাৰণাটো বিকাশ হোৱাৰ পাছতো বহু বিজ্ঞানীয়ে, উদ্ভিদক প্ৰকোষকেন্দ্ৰীয় ( বেক্টেৰিয়া আৰু চাইন'ফাইট ), মাইক'টা (Mycota; ভেঁকুৰ আৰু সম্বন্ধীয়বোৰ ) আৰু ক্ল'ৰাটা (Chlorota; শেলাই আৰু স্থলজ উদ্ভিদ ) হিচাপে উপৰাজ্যত ভাগ কৰি, উদ্ভিদ আৰু প্ৰাণীৰ দ্বি ৰাজ্য পদ্ধতিটোকেই মানি চলিছিল।২১

অন্য প্ৰস্তাৱিত পদ্ধতিবোৰ

ছয় ৰাজ্যৰ শ্ৰেণীবিভাজন

১৯৭৭ চনত ছয় ৰাজ্যৰ শ্ৰেণীবিভাজনৰ (Six kingdom classification) বাবে প্ৰস্তাৱ ৰখা হৈছিল। এই প্ৰস্তাৱ অনুসৰি মনেৰা ৰাজ্যক ৰাইবজমেল আৰ. এন. এৰ গঠনৰ ওপৰত ভিক্তি কৰি দুটাভাগত ভাগ কৰি অৰ্কিয়া আৰু বেক্টেৰিয়া বুলি দুটা পৃথক ৰাজ নিৰ্মাণৰ দাবী কৰা হৈছিল।

তলৰ চিত্ৰটোৱে কোনো বিৱৰ্তনিক বৃক্ষ প্ৰদৰ্শন কৰা নাই।

ছয় ৰাজ্য পদ্ধতি
ছয় ৰাজ্য পদ্ধতিছবি: দিব্য দত্ত · CC BY-SA 4.0

ভাইৰাছ

ভাইৰাছক (viruses) জীৱ-বৃক্ষত স্থান দিব পাৰিনে নোৱাৰি এয়া আজিও বিতৰ্কৰ বিষয়, কিয়নো ইহঁত পোষক জীৱৰ কোষৰ বাহিৰত একেবাৰে নিষ্ক্ৰিয় অবস্থাত থাকে।২২২৩ মিমিভাইৰাছৰ (Mimivirus) দৰে আপেক্ষিকভাৱে ডাঙৰ আৰু জটিল ভাইৰাছৰ আৱিষ্কাৰ অন্তৰ্ভুক্তিকৰণৰ এটা প্ৰধান কাৰণ, কিয়নো সিহঁতৰ বিশেষ কোষীয় জিন আছে।২৪

সাৰাংশ

বিভিন্ন প্ৰকাৰৰ বৰ্গীকৰণ যোজনাৰ সাৰাংশ তলৰ তালিকাত দেখুওৱা হৈছে।

বিজ্ঞানীৰাজ্যৰ সংখ্যা
লিনিয়াছ,১৭৩৫২খন ৰাজ্যVegetabiliaপ্ৰাণী
হেকেল,১৮৬৬৩খন ৰাজ্যপ্ৰটিষ্টাউদ্ভিদপ্ৰাণী
চাটন,১৯২৫২খন সাম্ৰাজ্যপ্ৰকোষকেন্দ্ৰীয়সংকোষকেন্দ্ৰীয়
কপলেণ্ড,১৯৩৮৪খন ৰাজ্যম'নেৰাপ্ৰটিষ্টাউদ্ভিদপ্ৰাণী
হুইটকাৰ১৯৬৯৫খন ৰাজ্যম'নেৰাপ্ৰটিষ্টাউদ্ভিদভেঁকুৰপ্ৰাণী
Woese et al.১৯৭৭৬খন ৰাজ্যইউবেক্টেৰিয়াআৰ্কেবেক্টেৰিয়াপ্ৰটিষ্টাউদ্ভিদভেঁকুৰপ্ৰাণী
Woese et al.,১৯৯০৩খন অধিজগৎবেক্টেৰিয়াআৰ্কেইয়াইউকাৰিয়া
কেলিভাৰ-স্মিথ,১৯৯৩৮খন ৰাজ্যইউবেক্টেৰিয়াআৰ্কেবেক্টেৰিয়াআৰ্কেয'ৱাপ্ৰটিষ্টাক্ৰমিষ্টাউদ্ভিদভেঁকুৰপ্ৰাণী
কেলিভাৰ-স্মিথ,১৯৯৮৬খন ৰাজ্যবেক্টেৰিয়াপ্ৰটয'ৱাক্ৰমিষ্টাউদ্ভিদভেঁকুৰপ্ৰাণী

জীৱৰ গোটগঠনৰ বাবে ৰাজ্য পৰ্যায়ত বৰ্গীকৰণ আজিও অতি প্ৰয়োজনীয়।

  • সংকোষকেন্দ্ৰীয় জীৱৰ কিমান ৰাজ্য আছে সেই বিষয়ত আজিও সকলো সহমত নহয়। ২০০৯ চনত, এণ্ডিঅ' ৰ'জাৰ (Andrew Roger) আৰু এলষ্টেৰ ছিমছনে (Alastair Simpson) নতুন আবিষ্কাৰৰ বিশ্লেষণৰ বাবে আৰু অধিক পৰিশ্ৰমৰ প্ৰয়োজনৰ ওপৰত জোৰ দিছিল; "জীৱৰ সংকোষকেন্দ্ৰীয় বৃক্ষ সম্পৰ্কে আমাৰ বোধশক্তিৰ পৰিবৰ্তনৰ গতিৰ সৈতে, আমি সাবধানে আগবঢ়া উচিত। "২৫

আৰু চাওক

  • Cladistics
  • Systematics

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ See e.g. McNeill. (2006). International Code of Botanical Nomenclature (Vienna Code) Adopted by the Seventeenth International Botanical Congress, Vienna, Austria, July 2005. International Association for Plant Taxonomy, article 3.1
  2. ↑ Cavalier-Smith, T. (1998). A revised six-kingdom system of life. Biological Reviews. পৃ. 203–66
  3. ↑ Balch, W.E.; Magrum, L.J.; Fox, G.E. (August 1977). An ancient divergence among the bacteria. J. Mol. Evol.. পৃ. 305–11
  4. ↑ Woese, C.R.; Kandler, O.; Wheelis, M. (1990). Towards a natural system of organisms: proposal for the domains Archaea, Bacteria, and Eucarya. Proc Natl Acad Sci U S A. পৃ. 4576–9
  5. ↑ Dagan, T.; Roettger, M.; Bryant. (2010). Genome Networks Root the Tree of Life between Prokaryotic Domains. Genome Biology and Evolution. পৃ. 379–92
  6. ↑ Simpson, Alastair G.B.; Roger, Andrew J. (2004). The real ‘kingdoms’ of eukaryotes. Current Biology. পৃ. R693–6
  7. ↑ Adl, Sina M. (2005). The New Higher Level Classification of Eukaryotes with Emphasis on the Taxonomy of Protists. Journal of Eukaryotic Microbiology. পৃ. 399
  8. ↑ Harper, J.T.; Waanders, E.; Keeling, P. J. (2005). On the monophyly of chromalveolates using a six-protein phylogeny of eukaryotes. Nt. J. System. Evol. Microbiol.. পৃ. 487–496
  9. ↑ Parfrey, Laura W.; Barbero, Erika; Lasser, Elyse. (2006). Evaluating Support for the Current Classification of Eukaryotic Diversity. PLoS Genet.. পৃ. e220
  10. ↑ Burki Shalchian-Tabrizi Minge, পৃ. 4
  11. ↑ Burki, Fabien; Shalchian-Tabrizi, Kamran; Minge, Marianne. (2007). Phylogenomics Reshuffles the Eukaryotic Supergroups. PLoS ONE. পৃ. e790
  12. ↑ Burki, Fabien; Shalchian-Tabrizi, Kamran; Pawlowski, Jan. (2008). Phylogenomics reveals a new 'megagroup' including most photosynthetic eukaryotes. Biology Letters. পৃ. 366–369
  13. ↑ Burki, F. et al.; Inagaki, Y.; Brate, J. (2009). Large-Scale Phylogenomic Analyses Reveal That Two Enigmatic Protist Lineages, Telonemia and Centroheliozoa, Are Related to Photosynthetic Chromalveolates. Genome Biology and Evolution. পৃ. 231–8
  14. ↑ Hackett, J.D.; Yoon, H.S.; Li, S. (2007). Phylogenomic analysis supports the monophyly of cryptophytes and haptophytes and the association of Rhizaria with chromalveolates. Mol. Biol. Evol.. পৃ. 1702–13
  15. ↑ Rogozin, I.B.; Basu, M.K.; Csürös, M. (2009). Analysis of Rare Genomic Changes Does Not Support the Unikont–Bikont Phylogeny and Suggests Cyanobacterial Symbiosis as the Point of Primary Radiation of Eukaryotes. Genome Biology and Evolution. পৃ. 99–113
  16. ↑ Kim, E.; Graham, L.E.; Redfield, Rosemary Jeanne. (2008). EEF2 analysis challenges the monophyly of Archaeplastida and Chromalveolata. PLoS ONE. পৃ. e2621
  17. ↑ Singer, Charles J. (1931). A short history of biology, a general introduction to the study of living things. Clarendon Press
  18. ↑ Scamardella, Joseph M. (1999). Not plants or animals: a brief history of the origin of Kingdoms Protozoa, Protista and Protoctista. International Microbiology. পৃ. 207–16
  19. ↑ Stanier, R.Y.; Van Neil, C.B. (1962). The concept of a bacterium. Archiv für Mikrobiologie. পৃ. 17–35
  20. ↑ Whittaker, R.H. (January 1969). New concepts of kingdoms or organisms. Evolutionary relations are better represented by new classifications than by the traditional two kingdoms. Science. পৃ. 150–60
  21. ↑ Palmer, E. Laurence; Fowler, Seymour H. (January 1975). Fieldbook of Natural History: Second Edition. McGraw-Hill. ISBN 978-0070484252
  22. ↑ Moreira, David; Purificación López-García. (2009). Ten reasons to exclude viruses from the tree of life. Nature Reviews Microbiology. পৃ. 306–311
  23. ↑ Hegde, Nagendra. (2009). Reasons to include viruses in the tree of life. Nature Reviews Microbiology. পৃ. 615
  24. ↑ Raoult, Didier. (2004). The 1.2-Megabase Genome Sequence of Mimivirus. Science. পৃ. 1344–1350
  25. ↑ Roger, A.J.; Simpson, A.G.B. (2009). Evolution: Revisiting the Root of the Eukaryote Tree. Current Biology. পৃ. R165–7

সম্পৰ্কিত শ্ৰেণী

বৈজ্ঞানিক শ্ৰেণীবিন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজ্য (জীৱবিজ্ঞান)” প্ৰবন্ধৰ সংশোধন ৩৮৩৪৮৫ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।