বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সালোক সংশ্লেষণ
সালোক সংশ্লেষণ হৈছে উদ্ভিদ বা অন্য জীৱই পোহৰ শক্তি, বিশেষকৈ সূৰ্যৰ পোহৰক ৰাসায়নিক শক্তিলৈ পৰিবৰ্তন কৰা এটা প্ৰক্ৰিয়া। এই ৰাসায়নিক শক্তিকেই জীৱই জীৱৰ বিভিন্ন কাৰ্য সমূহত ইন্ধন হিচাপে ব্যৱহাৰ কৰে।
-
জীৱবৈজ্ঞানিক বৰ্গীকৰণ
জীৱবৈজ্ঞানিক বৰ্গীকৰণ (biological taxonomy) এক প্ৰকাৰৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস (scientific classification) পদ্ধতি যাৰ মাধ্যমত মহাবিশ্বৰ সকলো জীৱকে বিভিন্ন গোষ্ঠী বা শ্ৰেণীত সজোৱা হয়। কেৰলাছ লিনিয়াছক আধুনিক জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ জনক বুলি কোৱা হয়।
-
নাশ্ব সাম্যাৱস্থা
খেল সূত্ৰত নাশ্ব সাম্যাৱস্থা জন ফ'ৰ্বছ্ নাশ্বৰ নামৰ এটি সমাধানৰ ধাৰণা যি অসহযোগিতামূলক খেলৰ ক্ষেত্ৰত প্ৰযোজ্য। এনে খেলত এই সাম্যাৱস্থাত ধৰি লোৱা হয় যে প্ৰত্যেকজন খেলুৱৈয়ে আন খেলুৱৈসকলৰ সাম্যাৱস্থাৰ কৌশল বা কাৰ্যনীতি জানে, আৰু যদি আন কোনো খেলুৱৈয়ে নিজৰ কাৰ্যনীতি সলনি নকৰে, কোনো খেলুৱৈৰে নিজৰ…
-
বিশেষ আপেক্ষিকতাবাদ তত্ত্ব
কোনো জড় প্ৰসংগ প্ৰণালী (Inertial Frame of Reference) সাপেক্ষে সংঘটিত কোনো ঘটনাৰ স্থান, কাল ইত্যাদি জোখমাখৰ বাবে মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে ১৯০৫ চনত তেখেতৰ বিখ্যাত গৱেষণা পত্ৰ “On the Electrodynamics of Moving Bodies” ত প্ৰস্তাৱ কৰা পদাৰ্থ বিজ্ঞানৰ সূত্ৰকে আপেক্ষিকতাবাদৰ বিশেষ সূত্ৰ বা বিশেষ…
-
ভিটামিন
ভিটামিন (vitamins) বা খাদ্যপ্ৰাণ হ'ল একপ্ৰকাৰ প্ৰবল শক্তিসম্পন্ন জৈৱ-ৰাসায়নিক যৌগ। ১৯১২ চনত প'লেণ্ডৰ ৰসায়নবিদ কেছিমিৰ ফ্ৰেংকে সৰ্ব্বপ্ৰথমে খাদ্যত থকা এই দ্ৰব্যবোৰক 'ভিটামিন' বুলি নামকৰণ কৰিছিল। ভিটামিনবোৰক ইংৰাজী বৰ্ণমালাৰ আখৰ কিছুমানৰ দ্বাৰা নামকৰণ কৰা হয়।
-
ভৰ
পদাৰ্থ বিজ্ঞানত, ভৰ (ইংৰাজী: mass) (গ্ৰীক μᾶζα "বাৰ্লি কেক, আটাৰ লাডু"), হৈছে বস্তু এটাৰ দ্ৰুতিৰ পৰিবৰ্তনৰ বিপৰীতে বস্তুটোৱে দিয়া অন্তৰ্নিহিত পদাৰ্থৰ পৰিমাণসূচক বাধা। অৰ্থাৎ কোনো এটা বস্তুৰ সমান বাধা।
-
শুক্ৰ গ্ৰহ
শুক্ৰ গ্ৰহ সূৰ্যৰ পৰা দূৰত্বৰ দিশত সৌৰজগতৰ দ্বিতীয় গ্ৰহ। এই পাৰ্থিৱ গ্ৰহটোক অনেক সময়ত পৃথিৱীৰ "ভনী গ্ৰহ" বুলি আখ্যায়িত কৰা হয়, কাৰণ পৃথিৱী আৰু শুক্ৰৰ মাজত গাঠনিক উপাদান আৰু আচাৰ আচৰণ বহুতো সাদৃশ্য আছে।
-
আপেক্ষিকতাবাদ তত্ত্ব
আপেক্ষিকতাবাদ তত্ত্ব বুলিলে পদাৰ্থবিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে আগবঢ়োৱা দুই আন্তঃসম্পৰ্কীয় তত্ত্বক বুজোৱা হয়: বিশেষ আপেক্ষিকতাবাদ তত্ত্ব আৰু সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব। মাধ্যাকৰ্ষণৰ অনুপস্থিতিত মৌলিক কণাসমূহৰ সকলোধৰণৰ ভৌতিক পৰিঘটনা ব্যাখ্যা কৰিবলৈ বিশেষ আপেক্ষিতাবাদ তত্ত্ব প্ৰয়োগ হয়।
-
ধ্ৰুপদী বলবিজ্ঞান
পদাৰ্থ বিজ্ঞানত বলবিজ্ঞানৰ দুটা প্ৰধান ক্ষেত্ৰৰ এটা ক্ষেত্ৰ হৈছে ধ্ৰুপদী বলবিজ্ঞান। ধ্ৰুপদী বলবিজ্ঞানত সংশ্লিষ্ট কোনো বল প্ৰণালীৰ প্ৰভাৱত কোনো পদাৰ্থ বা অৱয়ব(ইংৰাজী: body)ৰ গতিৰ সৈতে জড়িত ভৌতিক নীতি আৰু সূত্ৰসমূহৰ সম্পৰ্কে আলোচনা কৰা হয়।
-
মনোবিশ্লেষণ
মনোবিশ্লেষণ বা মনঃসমীক্ষণ হৈছে মনোবিজ্ঞানৰ এক তত্ত্ব। এই তত্ত্বৰ প্ৰভাৱতেই চিকিৎসাবিজ্ঞানত সংযোজিত হৈছিল এক নতুন শাখা; সেয়া হ'ল চিকিৎসা মনোবিজ্ঞান বা মনোৰোগ বিজ্ঞান। মনোবিজ্ঞানৰ পিতৃ আছিল অষ্ট্ৰীয়াৰ ভিয়েনা চহৰৰ শৰীৰবিজ্ঞানী চিগ্মণ্ড ফ্ৰয়েড।
-
পৃথিৱীৰ বায়ুমণ্ডল
পৃথিৱীৰ বায়ুমণ্ডল হৈছে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা ধৰি ৰখা গেছৰ স্তৰ, যাক সামূহিকভাৱে বায়ু বুলি জনা যায়, যিয়ে পৃথিৱীক আগুৰি ধৰি ইয়াৰ গ্ৰহীয় বায়ুমণ্ডল গঠন কৰে।
-
বেগ
কোনো এক নিৰ্দিষ্ট দিশত কোনো বস্তুৰ দ্ৰুতিকেই পদাৰ্থ বিজ্ঞানত বেগ বোলা হয়। দ্ৰুতিয়ে মাত্ৰ কিমান খৰকৈ বস্তু এটাই গতি কৰিছে তাকহে বুজাই আনহাতেদি বেগে দ্ৰুতিৰ লগতে দিশকো নিৰ্দেশ কৰে। কোনো এক বস্তুৱে স্থিৰ দ্ৰুতিৰে কোনো নিৰ্দিষ্ট এক দিশত গতি কৰিলে তাক আমি স্থিৰ বেগত গতি কৰা বুলি ক’ম।
-
সংখ্যা
সংখ্যা (Number) হ’ল বাস্তৱ জগতৰ (real world) বস্তুবোৰৰ পৰিমাণ প্ৰতিকাত্মক (abstraction) ৰূপত প্ৰকাশ কৰাৰ পদ্ধতি। সংখ্যাবোৰ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা চিহ্নক অংক (digit) বোলা হয়। অংকক সংখ্যাৰূপে প্ৰকাশ কৰা নিয়মক সংখ্যা পদ্ধতি (number system) বোলা হয়।
-
সমাজতত্ত্ব
সমাজতত্ত্ব (Sociology) হ'ল মানুহৰ সামাজিক আচৰণ, সমাজ, সামাজিক সমন্ধ, সামাজিক আন্তঃক্ৰিয়া আৰু সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰা বিষয়। ই হ'ল এক সমাজ বিজ্ঞান যি সামাজিক শৃংখলা আৰু সামাজিক পৰিবৰ্তনৰ বিষয়ে জ্ঞান অৰ্জন কৰিবৰ বাবে পৰীক্ষালব্ধ অনুসন্ধান আৰু সমালোচনাত্মক বিশ্লেষণৰ বিভিন্ন পদ্ধতি প্ৰয়োগ কৰে।
-
হাতীপটি
হাতীপটি হৈছে এখন তাৰকাৰাজ্য। সৌৰ জগতৰ কেন্দ্ৰ সূৰ্য এই তাৰকাৰাজ্যৰ অংশ। ই এক সৰ্পিলাকাৰ তাৰকাৰাজ্য। পৃথিৱী হাতীপটি তাৰকাৰাজ্যৰ কোনো এক অংশত অৱস্থিত। এই তাৰকাৰাজ্যখন ৰাতিৰ সময়ত পৰিষ্কাৰ আকাশৰ এক প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ বিস্তৃত পাতল শুকুলা মেঘৰ দৰে দেখা পোৱা যায়।
-
ৰাসায়নিক মৌল
ৰাসায়নিক মৌল বা মৌল হৈছে এক প্ৰকাৰৰ পৰমাণুৰ দ্বাৰা গঠিত ৰসায়ন, যিটো কোনো পদাৰ্থৰ সবাতোকৈ মৌলিক অংশ যাক সাধাৰণতে কোনো ৰাসায়নিক বা ভৌতিক বিক্ৰীয়াৰে তাতোকৈ সৰলীকৃত পদাৰ্থলৈ ৰূপান্তৰণ ঘটাব নোৱাৰি। ইহঁতৰ পৰমাণু কেন্দ্ৰত সম সংখ্যক প্ৰট'ন (একে আণৱিক সংখ্যা Z) থাকে।
-
চন্দ্ৰযান-১
চন্দ্ৰযান ১ (चन्द्रयान-१, lit: Moon vehicle ) ভাৰতৰ প্ৰথম মানৱবিহীন চন্দ্ৰযান। ২০০৮ চনৰ অক্টোবৰ মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইয়াক উৎক্ষেপন কৰে আৰু ২০০৯ চনৰ আগষ্ট মাহলৈ চলাই ৰাখে। ভাৰতৰ মহাকাশ কৰ্মসূচীত এই অভিযান এক বৃহৎ পদক্ষেপ।
-
অণু
অণু (ইংৰাজী: Molecule, ) হৈছে বৈদ্যুতিক ভাবে উদাসীন আৰু আয়নিক, সহযোজী ৰাসায়নিক বান্ধনী বা তেনে বান্ধনীৰে বান্ধি ৰখা দুটা বা ততোধিক পৰমাণুৰ সমষ্টি। অণুবোৰক বৈদ্যুতিক আধানৰ ভিত্তিত আয়নতকৈ পৃথক বুলি দেখুৱাব পাৰি।
-
অণুবীক্ষণ যন্ত্ৰ
অণুবীক্ষণ যন্ত্ৰ (Microscope) জীৱবিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ যন্ত্ৰ। অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰ হোৱাৰ পিছতহে জীৱদেহ সৃষ্টিকাৰী কোষবোৰৰ বিষয়ে জানিব পৰা গৈছে।
-
অতিবেঙুনীয়া
অতিবেঙুনীয়া (Ultraviolet বা UV) ১০ নেন'মিটাৰৰ পৰ পৰা ৪০০ নেন'মিটাৰ তৰংগদৈৰ্ঘ্যৰ এক বিদ্যুৎ-চুম্বকীয় বিকিৰণ। এই দৈৰ্ঘ্য দৃশ্যমান পোহৰতকৈ চুটি, কিন্তু ৰঞ্জন ৰশ্মিতকৈ দীঘল। ৰ'দত থকা অতিবেঙুনীয়া বিকিৰণ সূৰ্য্যৰ পৰা অহা মুঠ বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ প্ৰায় ১০%।
-
প্লাজমা
প্লাজমা পদাৰ্থৰ তথাকথিত চতুৰ্থ অৱস্থা (কঠিন, তৰল আৰু গেছীয়ৰ পিছৰ অৱস্থা )। ১৯২০ চনত ৰসায়নবিদ আৰভিং লেংমুৰিৰে পোনপ্ৰথমে প্লাজমা শব্দটো আগবঢ়াইছিল। প্লাজমা হৈছে আয়নিত গেছ যত মুক্ত ইলেক্ট্ৰন আৰু ধনাত্মক আয়নৰ সংখ্যা প্ৰায় সমান।
-
প্ৰাকৃতিক উপগ্ৰহ
এটা প্ৰাকৃতিক উপগ্ৰহ (Natural satellite) হৈছে এক জ্যোতিৰ্বৈজ্ঞানিক বস্তু যি গ্ৰহ বা বাওনা গ্ৰহ এটাক প্ৰদক্ষিণ কৰে (বা কেতিয়াবা আন এটা সৰু সৌৰজগতৰ বস্তুৰ)। ইংৰাজীত ইয়াক মুন (moon) বুলিও কয়। সৌৰজগতত, ২০৫টা জ্ঞাত প্ৰাকৃতিক উপগ্ৰহ থকা ছটা গ্ৰহউপগ্ৰহ প্ৰণালী আছে।
-
পৰিস্থিতিতন্ত্ৰ
পৰিস্থিতিতন্ত্ৰ বা পৰিৱেশ ব্যৱস্থা, পৰিৱেশ আৰু ইয়াত বাস কৰা জীৱই পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে গঠন কৰা ব্যৱস্থা। জৈৱিক আৰু অজৈৱিক উপাদানসমূহ পুষ্টি চক্ৰ আৰু শক্তিৰ প্ৰবাহৰ জৰিয়তে একেলগে সংযুক্ত হৈ থাকে। পৰিস্থিতিতন্ত্ৰসমূহ বাহ্যিক আৰু অভ্যন্তৰীণ কাৰকৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।
-
বায়ু প্ৰদূষণ
বায়ু প্ৰদূষণ(Air pollution) হ’ল বায়ুমণ্ডলত প্ৰদূষক পদাৰ্থৰ উপস্থিতিৰ ফলত বায়ু দূষিত হোৱা, যিয়ে মানুহ আৰু অন্যান্য জীৱৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু জলবায়ু বা বয়-বস্তুৰ ক্ষতি সাধন কৰে।
-
বীজগণিত
বীজগণিত (Algebra) ইংৰাজী Algebra শব্দটো আহিছে আৰবী "আল-জেব্ৰ" শব্দৰ পৰা, যাৰ অৰ্থ হৈছে ভগ্ন অংশৰ পুনৰমিলন। গণিতৰ এটি বৃহৎ শাখা হৈছে এই বীজগণিত। য'ত গাণিতিক সমীকৰণৰ অনিৰ্ধাৰিত সংখ্যাক প্ৰতীকৰ মাধ্যমেৰে উপস্থাপন কৰা হয়।
-
মংগল গ্ৰহৰ কক্ষপথ অভিযান
মংগল গ্ৰহৰ কক্ষপথ অভিযান বা বেচৰকাৰীভাৱে কোৱামঙ্গলযান (ইংৰাজী: Mars Orbiter Mission বা চমুকৈ MOM, সংস্কৃত: मङ्गलयान, "Mars-craft") পৃথিৱীৰ পৰা মঙ্গল গ্ৰহলৈ কৰা এক মহাকাশ অভিযান। ২০১৩ চনৰ ৫ নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা ইয়াক সফলতাৰে পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয়।
-
স্নায়ু
স্নায়ু (Nerve) হৈছে এক্সন নামৰ এবিধ দীঘল আঁহৰ থুপ, যি শৰীৰৰ প্ৰতিটো অংগক কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ সৈতে সংযুক্ত কৰে। ই হৈছে স্নায়ু তন্ত্ৰৰ এক আবদ্ধ প্ৰণালী। স্নায়ু তন্ত্ৰ হৈছে জীৱদেহৰ ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু শৰীৰৰ বভিন্ন অংশলৈ সংকেত পৰিবহন কৰা এক অংগ তন্ত্ৰ।
-
ৰং
ৰং হৈছে মানুহৰ দৃষ্টিয়ে পাৰ্থক্য কৰিব পৰা কিছুমান আলোক ধৰ্ম, এইবোৰ সাধাৰণতে ৰঙা, নীলা, হালধীয়া, সেউজীয়া আৰু আন আন ভাগত বিভক্ত। পোহৰৰ বৰ্ণালীসমূহেই হৈছে ৰঙৰ উৎস হৈছে (বৰ্ণালী হৈছে তৰংগদৈৰ্ঘ্য সাপেক্ষে পোহৰৰ বিতৰণ)।
-
ইউৰেনাচ
ইউৰেনাচ (ইংৰাজীত: Uranus) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো সপ্তম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ তৃতীয় বৃহত্তম গ্ৰহ। গ্ৰহটোৰ নাম আকাশৰ গ্ৰীক দেৱতা ক্ৰ'নচৰ পিতৃ, জ্যুচৰ পিতামহ তথা এৰিচৰ প্ৰপিতামহ ইউৰেনাচৰ পৰা লোৱা হৈছে।
-
কোষ বেৰ
কোষ বেৰ বা কোষ প্ৰাচীৰ বুলিলে কোষৰ সেই অংশক বুজাই যি উদ্ভিদকোষৰ আটাইতকৈ বাহিৰৰ ফালে থাকে। কোষৰ কোষপ্ৰৰস যি কঠিন ছেলুল'জ নিৰ্মিত নিৰ্জীৱ আবৰণীৰ দ্বাৰা আবৃত হৈ থাকে তাকে কোষ বেৰ বা কোষ প্ৰাচীৰ বোলে। উদ্ভিদৰ উপৰিও শেলাই, ভেঁকুৰ আৰু বেক্টেৰিয়াৰো কোষ প্ৰাচীৰ আছে।