অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

প্ৰতিদেহ

প্ৰতিদেহ, প্ৰতিৰক্ষী বা এণ্টিবডি হ'ল দেহে বহিৰাগত পদাৰ্থৰ বা প্ৰতিৰক্ষা-উদ্দীপকৰ (প্ৰতিজন) উপস্থিতিৰ প্ৰত্যুত্তৰ হিচাপে দেহৰ প্ৰতিৰক্ষা তন্ত্ৰৰ দ্বাৰা উৎপন্ন এক প্ৰকাৰৰৰ প্ৰতিৰক্ষামূলক প্ৰ'টিন জাতীয় পদাৰ্থ।

হালনাগাদ: ১২ জুন ২০২১ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

প্ৰতিদেহ, প্ৰতিৰক্ষী বা এণ্টিবডি হ'ল দেহে বহিৰাগত পদাৰ্থৰ বা প্ৰতিৰক্ষা-উদ্দীপকৰ (প্ৰতিজন) উপস্থিতিৰ প্ৰত্যুত্তৰ হিচাপে দেহৰ প্ৰতিৰোধ তন্ত্ৰৰ দ্বাৰা উৎপন্ন এক প্ৰকাৰৰৰ প্ৰতিৰক্ষামূলক মাংসসাৰ জাতীয় পদাৰ্থ। প্ৰতিৰক্ষিকাবোৰ প্ৰতিৰক্ষা-উদ্দীপকবোৰক নিষ্ক্ৰিয় কৰে আৰু সিহঁতৰ ৱাই-আকৃতিৰ বাহুদ্বয়ৰ অগ্ৰপ্ৰান্তবোৰৰ মাধ্যমেদি আবদ্ধ কৰি সিহঁতক দেহ পৰা বিতাড়ন কৰাৰ চেষ্টা কৰে।১২ দেহ বহু ধৰণৰ পদাৰ্থক প্ৰতিৰক্ষা-উদ্দীপক হিচাপে গণ্য কৰিব পাৰে, যেনে ৰোগ সংক্ৰামণকাৰী বীজাণু (ভাইৰাছ আৰু বেক্টেৰিয়া), বিষাক্ত পদাৰ্থ যেনে কীটপতঙ্গৰ বিষ, বহিৰাগত প্ৰ'টিন, ইত্যাদি। লক্ষ লক্ষ প্ৰকাৰৰ প্ৰতিৰক্ষী আছে। ইহঁত দেহৰ লসিকা কোষ নামৰ এক ধৰণৰ কোষত স্বাভাবিকভাবে উৎপন্ন হয়। প্ৰতিৰক্ষীবোৰ দেহৰ প্ৰতিৰক্ষাতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ। সকলো মেৰুদণ্ডী প্ৰাণীৰ তেজৰ গামা গ্লোবিউলিন (গামা গুটিকা) অংশত প্ৰতিৰক্ষীবোৰ পোৱা যায়।৩

উৎপাদন

যেতিয়া দেহত কোনো বহিৰাগত পদাৰ্থ বা প্ৰতিৰক্ষা-উদ্দীপক বা প্ৰতিজন প্ৰবেশ কৰে, দেহৰ প্ৰতিৰক্ষাতন্ত্ৰই পদাৰ্থটোক বহিৰাগত হিচাপে চিনাক্ত কৰে। ইয়াৰ কাৰণ হৈছে প্ৰতিজনৰ পৃষ্ঠতলীয় অণুবোৰ দেহৰ অণুতকৈ ভিন্ন হয়। সাধাৰণতে বেক্টেৰিয়া আৰু ভাইৰাছৰ প্ৰটিন উপাদানবোৰে প্ৰতিজনৰ ভূমিকা পালন কৰে। এই প্ৰতিজনবোৰ দেহত ৰোগ সংক্ৰমণৰ সময়ত প্ৰৱেশ কৰে নাইবা ছিটা প্ৰদানৰ সময়ত উদ্দেশ্যমূলকভাবে দেহত প্ৰবেশ কৰোৱা হয়, যাতে প্ৰতিদেহ উৎপাদন প্ৰক্ৰিয়াটো উদ্দীপ্ত হয়।

দেহৰ এই অবৈধ অনুপ্ৰবেশকাৰীবোৰক ধ্বংস কৰাৰ বাবে দেহৰ প্ৰতিৰক্ষাতন্ত্ৰই কিছুমান পদ্ধতিৰ সহায়তা গ্ৰহণ কৰে। ইয়াৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰক্ৰিয়া হল প্ৰতিদেহ বা প্ৰতিৰক্ষী সংশ্লেষণ বা উৎপাদন। তেজৰ “বি” লসিকাকোষ (বি লিম্ফোছাইট) নামৰ এক বিশেষ ধৰণৰ শ্বেত ৰক্তকণিকাই এই প্ৰতিদেহবোৰ উৎপাদন কৰে। এইবোৰক বি-কোষ বুলিও কোৱা হয়। যেতিয়া কোনো প্ৰতিজন বি-কোষৰ পৃষ্ঠৰ সৈতে আবদ্ধ হয়, তেতিয়া বি-কোষ উদ্দীপ্ত হৈ পৰিপক্বতা লাভ কৰে আৰু কিছুমান অভিন্নৰূপী কোষলৈ বিভক্ত হয়, এইবোৰক "ক্লন" বোলা হয়। এই পৰিপক্ব বি-কোষবোৰৰ পৰা তেজ আৰু লসিকাতন্ত্ৰত লাখ লাখ প্ৰতিদেহ ক্ষৰিত হয়।

প্ৰতিদেহ উৎপাদন প্ৰক্ৰিয়া এবাৰ আৰম্ভ হলে সকলো প্ৰতিজন অণু দেহৰ পৰা বিতাড়িত নোহোৱালৈকে অব্যাহত থাকে। ইয়াৰ পিছতো কেইবা মাহলৈকে ৰক্ত প্ৰৱাহত প্ৰতিদেহ বিদ্যমান থাকে আৰু সেই নিৰ্দিষ্ট প্ৰতিজনৰ বিৰুদ্ধে দেহক দীৰ্ঘস্থায়ী অসংক্ৰাম্যতা প্ৰদান কৰে।

তথ্যসূত্ৰ

  1. ↑ Janeway, Charles. (2001). Immunobiology.. Garland Publishing. ISBN 0-8153-3642-X
  2. ↑ (January 1993). Phylogenetic diversification of immunoglobulin genes আৰু the antibody repertoire. পৃ. 60–72
  3. ↑ gamma-Globulins অনুযায়ী " most immunoglobulins are gamma globulins আৰু conversely most gamma globulins are immunoglobulins" অৰ্থাৎ "বেছিভাগ এণ্টিবডি গামা গ্লোবিউলিন আৰু বিপৰীতক্ৰমে বেছিভাগ গামা গ্লোবিউলিন হল এণ্টিবডি। "

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিদেহ” প্ৰবন্ধৰ সংশোধন ২৮১৮২৯ (১২ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।