জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গগনদীপ কাং
গগনদীপ কাং এগৰাকী ভাৰতীয় চিকিৎসা বিজ্ঞানী। তেওঁ ভেলুৰত অৱস্থিত খ্ৰীষ্টান মেডিকেল কলেজৰ গেষ্ট্ৰইণ্টেষ্টিনেল বিজ্ঞানৰ অধ্যাপক আৰু বৰ্তমান ফৰিদাবাদত অৱস্থিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ অন্তৰ্গত জৈৱপ্ৰযুক্তিবিদ্যা বিভাগৰ ট্ৰেন্সলেছন হেলথ্ চাইন্স এণ্ড টেকনলজি ইনষ্টিটিউটৰ কাৰ্যকৰী…
-
গজনাৰায়ণ
গজনাৰায়ণ(১৬-১৭ শতিকা) আহোম ৰাজ্যৰ এজন অধীনস্থ গুৱাহাটীৰ বেলতলা অঞ্চলৰ শাসনকৰ্তা আছিল। তেওঁৰ পিতৃৰ নাম আছিল ৰঘুদেৱ।।
-
গড়গঞা সন্দিকৈ ফুকন
গড়গঞা সন্দিকৈ ফুকন(?-১৬৯৫)ৰ প্ৰকৃত নাম আছিল চেংকাক। ল’ৰাৰজাৰ দিনত পূৰ্বৰ নেওগ পদপীৰ পৰা ফুকন হয়। গদাপাণি বা গদাধৰ সিংহ তেওঁৰ প্ৰিয় ব্যক্তি আছিল আৰু তেওঁক সমৰ্থনো কৰিছিল। পলাই থকাৰ সময়ত তেওঁ গদাপাণিৰ লগত গোপনে যোগাযোগ ৰাখিছিল আৰু তেওঁৰ উদ্যোগতেই কলিয়াবৰৰ ৰাজ বিষয়াসকলে গদাপাণিক ৰজা পাতিছিল।
-
গড়মা কুৱঁৰী
গড়মা কুৱঁৰী(১৬ শতিকা) গৌড়দেশৰ বাদচাহৰ ছোৱালী আছিল। তেওঁ কমতাৰাজৰ পত্নী আছিল। বিয়াৰ পিছত কমতা ৰজাই তেওঁক হিন্দু কৰি লয় আৰু নাম ৰাখে ‘সুশুদ্ধি’। চন্দ্ৰশেখৰ নামৰ এজন ৰজাৰ পুৰোহিত পুত্ৰৰ লগত গোপন প্ৰণয়ৰ কথা জানিব পাৰি কমতাৰাজে তেওঁক বন্দী কৰি ৰাখিছিল।
-
গণপতি বৰ্মন
গণপতি বৰ্মন(৫ম শতিকা) এসময়ৰ কামৰূপৰ শাসনকৰ্তা আছিল। তেওঁৰ পিতৃৰ নাম আছিল কল্যাণ বৰ্মন। গণপতি বৰ্মনে প্ৰায় দহ বছৰ ধৰি কামৰূপ শাসন কৰিছিল। তাৰ পিছত ৪৫০ চনত তেওঁ পুত্ৰ মহেন্দ্ৰ বৰ্মনক শাসনভাৰ গোটাই দিয়ে ।
-
গণেশচন্দ্ৰ
গণেশচন্দ্ৰ(১৯ শতিকা)ৰ ঘৰ আছিল নেঘেৰিটিং অঞ্চলত। ১৮৫৭ চনৰ ব্ৰিটিছ বিৰোধী আন্দোলনত মণিৰাম দেৱানক সহায় কৰাৰ অপৰাধত তেওঁক তিনিবছৰ কাৰাদণ্ড বিহা হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল আদিৰাম। আদিৰাম মণিৰাম দেৱানৰ মাকৰ ফালৰ সম্বন্ধীয় আছিল ।
-
গধুলা ব্ৰাওন
গধুলা ব্ৰাওন(১৯ শতিকা)ৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ দৈ কলঙীয়া গাৱঁত। তেওঁৰ পিতৃৰ নাম আছিল কলিবৰ দাস। গধুলা ব্ৰাওনে ১৮৫৩ চনত খ্ৰীষ্টানসকলে নগাঁৱত প্ৰতিষ্ঠা কৰা ‘অৰফেন ইনষ্টিটিউত’ৰ পৰা শিক্ষা সাং কৰে। ১৮৫৮ চনত তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি ব্ৰাফুচ ব্ৰাওন নাম লয়।
-
গাভৰু খাঁ
গাভৰু খাঁ(১৬ শতিকা)ৰ পিতৃ আছিল ৰাম খাঁ। তেওঁ চতুৰ্ভুজ ঠাকুৰৰ কন্যা ভাৱপ্ৰিয়াক বিয়া কৰাইছিল। তেওঁ কংসাৰি কায়স্থ তথা বৈষ্ণৱ কবিসকলক পৃষ্ঠপোষকতা কৰিছিল। চিলাৰায়ৰ আহোম ৰাজ্য আক্ৰমণ অভিযানৰ অন্যতম সেনাপতি আছিল এই গাভৰু খাঁ ।
-
গায়ত্ৰী গোপীচান্দ
গায়ত্ৰী গোপিচান্দ (জন্ম ৪ মাৰ্চ ২০০৩) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতক বেডমিণ্টনত প্ৰতিনিধিত্ব কৰাৰ বাবে তেওঁ নিৰ্বাচিত হৈছিল। প্ৰাক্তন বেডমিণ্টন খেলুৱৈ পিভি ভি লক্ষ্মী আৰু পুলেলা গোপিচান্দৰ কন্যা গায়ত্ৰী গোপিচান্দ।
-
গায়ত্ৰী গোবিন্দ
গায়ত্ৰী গোবিন্দ ( Gayathri Govind ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ, অভিনেত্ৰী আৰু ২০০৮ চনত এছিয়ানেটৰ ভোডাফোন ঠাকাদিমিৰ বিজয়ী। তেওঁ ভাৰতনাট্যম, মোহিনীঅট্টম, কুচিপুড়ী, অট্টনমথুল্লাল, কথাকলী, কথক আৰু কেৰালনাদনমৰ প্ৰশিক্ষণপ্ৰাপ্ত।
-
গাৰ্গী গুপ্তা
গাৰ্গী গুপ্তা (Gargi Gupta) ভাৰতৰ কলকাতাত মুখ্য কাৰ্যালয় থকা পূব ভাৰতৰ দৃষ্টিশক্তিহীন, অক্ষম আৰু অভিভাৱকহীন শিশুৰ বাবে উৎসৰ্গিত বহু ইউনিটযুক্ত অলাভজনক সংস্থা Voice Of World (NGO)ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক।
-
গাৱৰী দেৱী
গাৱৰী দেৱী (গাৱৰী বাই বুলিও জনা যায়) (১৪ এপ্ৰিল ১৯২০ – ২৯ জুন ১৯৮৮) ভাৰতৰ ৰাজস্থান ৰাজ্যৰ এগৰাকী ভাৰতীয় লোকগায়িকা। তেওঁ মাণ্ড গীতৰ বাবে পৰিচিত, যিটো লোকগীতৰ এক শৈলী।
-
গিদাগাঠি হাজৰিকা
গিদাগাঠি হাজৰিকা(১৭ শতিকা) দক্ষিণপাটৰ হাজৰিকা আছিল। লালুকসোলা বৰফুকনৰ আদেশত তেৱেঁই জয়মতী কুৱঁৰীক জেৰেঙা পথাৰত শাস্তি দি হত্যা কৰিছিল। লালুকসোলা বৰফুকনৰ মৃত্যুৰ পিছত ভোটাই ডেকা আৰু মাধ তামুলীয়ে তেওঁক কলিয়াবৰৰ বৰফুকন পাতিছিল যদিও কিছুদিন পিছতেই তেওঁৰ ঠাইত বন্দৰ লালমাখক বৰখুকন পতা হৈছিল।
-
গীতা কোড়া
গীতা কোডা (Geeta Koda) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য৷ তেওঁ সিংহভুম লোকসভা সমষ্টিৰ এগৰাকী প্ৰাক্তন সংসদ সদস্য। ইয়াৰ পূৰ্বে তেওঁ জয় ভাৰত সামন্ত পাৰ্টিৰ সৈতে জড়িত আছিল। ২০২৪ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ এৰি সেইদিনাই বিজেপিত যোগদান কৰে।
-
গীতা মহালিক
গীতা মহালিক ( Geeta Mahalik; জন্ম: ১৯৪৮) এগৰাকী ভাৰতীয় ওডিচি নৃত্যশিল্পী। কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৪ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।
-
গীতাঞ্জলি আয়াৰ
গীতাঞ্জলি আয়াৰ, (জন্মনাম আম্বেগাওঁকাৰ, ২৯ জানুৱাৰী ১৯৪৭ – ৭ জুন ২০২৩ চন) দূৰদৰ্শনত ভাৰতৰ মহিলা বাতৰি পঢ়োঁতা আছিল। তেওঁ নতুন দিল্লীত ৰাতিপুৱা খোজ কাঢ়ি যোৱাৰ সময়ত মগজুৰ ৰক্তক্ষৰণৰ বাবে তেওঁ ঢলি পৰে আৰু মৃত্যু হয়।তেওঁ পাৰ্কিনছন ৰোগত আক্ৰান্ত আছিল আৰু তেওঁৰ বয়স আছিল ৭৬ বছৰ।
-
গীতাঞ্জলি কুলকাৰ্ণী
গীতাঞ্জলি কুলকাৰ্ণী (Geetanjali Moreshwar Sherikar)(জন্মনাম: গীতাঞ্জলি মৰেশ্বৰ শ্বেৰিকাৰ) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মাৰাঠী চিনেমা আৰু হিন্দী চিনেমাত কাম কৰে। তেওঁ দুটা ফিল্মফেয়াৰ এৱাৰ্ড-মাৰাঠী আৰু তিনিটা ফিল্মফেয়াৰ অ'টিটিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
গীতাঞ্জলি লাল
গীতাঞ্জলি লাল ( Geetanjali Lal; জন্ম: গীতাঞ্জলি দেশাই; ৫ নৱেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। কথকৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০০৭ চনত তেওঁক সংগীত নাটক একাডেমী বঁটাৰে পুৰস্কৃত কৰা হয়।
-
গুও ইংগুয়াং
গুও ইংগুয়াং (郭盈光; জন্ম ১৯৮৩) এগৰাকী চীনা আলোকচিত্ৰশিল্পী। তেওঁৰ সৃষ্টিসমূহ আধুনিক চীনৰ সামাজিক সমস্যাসমূহ—বিশেষকৈ বিবাহৰ চাপত পৰা নাৰী, ব্যৱস্থাপিত বিবাহ, আৰু তেনে বিবাহৰ ফলত স্বামী-স্ত্ৰীৰ মাজত গঢ় লৈ উঠা ছদ্ম-আন্তৰিকতা—ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে।
-
গুঞ্জানন বৰুৱা
গুঞ্জানন বৰুৱা(১৮৬৩-১৯৩৬)ৰ জন্ম হৈছিল শিৱসাগৰত। ১৮৮৩ চনত তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ যায়। ১৮৮৯ চনত কলিকতাৰ পৰা বি.এল. ডিগ্ৰী লৈ আহি শিৱসাগৰতে ওকালতি আৰম্ভ কৰে। কলিকতাৰ প্ৰখ্যাত এ.এচ.এল ক্লাবৰ প্ৰতিষ্ঠাতাসকলৰ এজন আছিল।
-
গুম্মাদি সন্ধ্যা ৰাণী
গুম্মাদি সন্ধ্যা ৰাণী: Gummadi Sandhya Rani, অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেলেগু দেশম পাৰ্টিৰ সদস্য। পাৰ্বতীপুৰম মান্যম জিলা নামেৰে নামাকৰণ কৰা পূৰ্বৰ বিজিয়ানগৰ জিলাৰ ছালুৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।
-
গুলনাজ কাৰাটাছ
গুলনাজ কাৰাটাছ (১৯৭১–২৫ অক্টোবৰ ১৯৯২), nom de guerre, Bêrîtan, কুৰ্দিস্তান ৱৰ্কাৰছ পাৰ্টি (PKK)ৰ এগৰাকী মহিলা সংগ্ৰামী আছিল। মৃত্যুৰ পাছত তেওঁ কুৰ্দি সাংস্কৃতিক ব্যক্তিত্বত পৰিণত হয় আৰু গেৰিলা আন্দোলনৰ ভিতৰত মহিলাৰ প্ৰতীক হৈ পৰে।
-
গুৰুবাই কৰ্মৰকাৰ
গুৰুবাই কৰ্মৰকাৰ (Gurubai Karmarkar; মৃত্যু ১৯৩২) ১৮৮৬ চনত পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা।
-
গে গে
গে গে (ဂေဂေး) এগৰাকী বাৰ্মীজ গায়িকা। তেওঁৰ প্ৰথম এলবাম "নিন থাৰ শি ইয়িন" ২০১৫ চনত মুক্তি লাভ কৰিছিল। ২০১৭ চনত তেওঁৰ দ্বিতীয় এলবাম ইনখোন লোট ম্হা হোটেয়ালাৰ মুক্তি লাভ কৰে।
-
গেব্ৰিয়েল ৰোজ (অভিনেত্ৰী)
গেব্ৰিয়েল ৰোজ (জন্ম: ৭ ছেপ্টেম্বৰ, ১৯৫৪) এগৰাকী কানাডিয়ান চলচ্চিত্ৰ, টেলিভিছন আৰু মঞ্চ অভিনেত্ৰী।
-
গোপালচন্দ্ৰ মুখোপাধ্যায়
গোপালচন্দ্ৰ মুখোপাধ্যায়, জনপ্ৰিয়ভাৱে গোপাল পাঁঠা (Gopal Patha বা Gopal Pantha) নামেৰে জনাজাত, এগৰাকী ভাৰতীয় ব্যৱসায়ী আছিল। ১৯৪৬ চনৰ কলিকতা দাঙ্গাৰ সময়ত হিন্দুসকলক সুৰক্ষা দিবলৈ তেওঁ ভাৰতীয় জাতীয় বাহিনী নামৰ এটা সশস্ত্ৰ গোট গঠন কৰিছিল।
-
গোবিন্দ্ৰচন্দ্ৰ পৈৰা
গোবিন্দ্ৰচন্দ্ৰ পৈৰা (১৯১৭-১৯৯৯) (ইংৰাজী: Govindra Chandra Poira) জন্মসূত্ৰে নেপালীভাষী এগৰাকী অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক৷ আৱাহন, জয়ন্তী আদি আলোচনীত তেওঁৰ গল্প প্ৰকাশ পাইছিল৷
-
গোমতী ছাই
গোমতী ছাই (Gomati Sai, ২৫ মে' ১৯৭৫) ছত্তীশগড়ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ৰায়গড়ৰ পৰা সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ যশপুৰ জিলাৰ অনুসূচিত জনজাতি জনগোষ্ঠীৰ বাবে সংৰক্ষিত পাথোলগাঁও বিধান সভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।
-
গোলোক চন্দ্ৰ বৰা
গোলোক চন্দ্ৰ বৰা ( Golok Chandra Bora; জন্ম: ১৯১৭; মৃত্যু: ৫ ডিচেম্বৰ, ১৯৮৮) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ১৯৩৮ চনত কংগ্ৰেছৰ সক্ৰিয় সদস্য হিচাপে আন্দোলনত জপিয়াই পৰে।
-
গৌতম সিদ্ধ
গৌতম সিদ্ধ (আনুমানিক অষ্টম শতিকা) এগৰাকী জ্যোতিৰ্বিজ্ঞানী, জ্যোতিষী আৰু ভাৰতীয় বংশোদ্ভৱ, যাক Treatise on Astrology of the Kaiyuan Era ৰ নেতৃত্ব দিয়াৰ বুলি জনা যায়। ১৯৭৭ চনত ছিয়ানত উদ্ধাৰ হোৱা এটা সমাধিৰ স্তম্ভৰ তথ্য অনুসৰি তেওঁৰ জন্ম চাংআনত হৈছিল আৰু তেওঁৰ পৰিয়ালটো মূলতঃ ভাৰতৰ আছিল।