গুলনাজ কাৰাটাছ (১৯৭১–২৫ অক্টোবৰ ১৯৯২),১ nom de guerre, Bêrîtan,২ কুৰ্দিস্তান ৱৰ্কাৰছ পাৰ্টি (PKK)ৰ এগৰাকী মহিলা সংগ্ৰামী আছিল। মৃত্যুৰ পাছত তেওঁ কুৰ্দি সাংস্কৃতিক ব্যক্তিত্বত পৰিণত হয় আৰু গেৰিলা আন্দোলনৰ ভিতৰত মহিলাৰ প্ৰতীক হৈ পৰে।২৩৪
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৭১ চনত তুৰস্কৰ বিংগ'লৰ ছলহানত জন্মগ্ৰহণ কৰা গুলনাজ কাৰাটাছৰ জন্ম হৈছিল।১ তেওঁৰ পৰিয়াল আছিল ডেৰচিমৰ আলেভি কুৰ্দি।১ তেওঁ ইলাজিগত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত পঢ়িছিল।১
১৯৮৯ চনত ইস্তানবুল বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে।১ খবৰ পোৱা গৈছে যে ১৯৯০ চনলৈকে তেওঁ নিজৰ কুৰ্দি ঐতিহ্যৰ বিষয়ে অজ্ঞাত আছিল।১
প্ৰাপ্তবয়স্ক জীৱন
১৯৯০ চনত তেওঁ পিকেকেৰ নেটৱৰ্কৰ সৈতে চিনাকি হয় আৰু গ্ৰেপ্তাৰ হয়, কিন্তু ইয়াৰ কিছুসময়ৰ পাছতে ১৯৯১ চনত মুকলি কৰি দিয়া হয়।৫ ১৯৯১ চনৰ ৯ মে'ত তেওঁ শ্বাৰনাকৰ কুডি পৰ্বতমালাত পিকেকেত প্ৰৱেশ কৰে।৫ ১৯৯২ চনত শ্বেমদিনলিলৈ এটা সৰু গোটৰ নেত্ৰী হিচাপে পঠিওৱা হয়। ১৯৯০ চনত তেওঁক প্ৰায়ে পিকেকেৰ প্ৰকাশনসমূহত প্ৰকাশ কৰা হৈছিল, য'ত আছিল ছাৰ্ক্সৱেবুন আৰু বাৰ্ক্সৱেডান আলোচনী।৬
১৯৯২ চনৰ ২৫ অক্টোবৰত ইৰাকৰ কুৰ্দিস্তানত ইৰাকৰ কুৰ্দিছ গৃহ-যুদ্ধৰ সময়ত তুৰ্কী সেনাৰ সৈতে মিত্ৰতা কৰা বাৰ্জানী সমৰ্থক পেছমেৰ্গাৰ বিৰুদ্ধে যুঁজিছিল। কিংবদন্তি অনুসৰি, তাই শেষ গুলীলৈকে যুঁজিছিল। বিৰোধী পেচমেৰ্গাৰ সেনাপতিয়ে তেওঁক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায় যদিও গ্ৰেপ্তাৰৰপৰা হাত সাৰিবলৈ তেওঁ নিজে এটা শিলৰ ওপৰৰ পৰা জঁপিয়াই দিয়ে।১৭
উত্তৰাধিকাৰ
পিকেকেৰ ইতিহাসৰ ভিতৰত তেওঁ এগৰাকী চিনাকি ব্যক্তিত্ব হৈ পৰিছিল৩ আৰু বহুতো গীত আৰু নৱজাতকৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে। পিকেকেৰ প্ৰতিষ্থাপক আব্দুল্লা অকালানে প্ৰায়ে তেওঁক তেওঁৰ বিশ্লেষণত অন্তৰ্ভুক্ত কৰিছিল।৮ হালিল উইছালে তেওঁৰ জীৱনৰ ওপৰত বেৰিটান নামৰ এখন ছবি নিৰ্মাণ কৰিছিল, ২০০৬ চনত।৯৭ ১৯৯৩ চনত তেওঁৰ মৃত্যুৱে তুৰ্কী সেনাবাহিনীৰ বিৰুদ্ধে আত্মঘাতী আক্ৰমণৰ বাবে জেনাপ কিনাচিৰ বাবে প্ৰেৰণা হিচাপে কাম কৰে।১০
২০০৫ চনত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু পিকেকেৰ নিয়ন্ত্ৰণত থকা অঞ্চললৈ লৈ যোৱা হয়, য'ত তেওঁক সমাধিস্থ কৰা হয়।৫
তথ্যসূত্ৰ
- ↑ Orhan, Mehmet. (2016). Political Violence and Kurds in Turkey: Fragmentations, Mobilizations, Participations & Repertoires. Routledge. পৃ. 97, 114. ISBN 9781317420439
- ↑ Yılmaz, Kamil. (2014). Disengaging from Terrorism – Lessons from the Turkish Penitents. Routledge. পৃ. 130. ISBN 978-1-317-96449-0
- ↑ Çağlayan, Handan. (2019). Women in the Kurdish Movement: Mothers, Comrades, Goddesses. Springer Nature. পৃ. 70. ISBN 978-3-030-24744-7
- ↑ Bozarslan, Hamit; Gunes, Cengiz; Yadirgi, Veli. (2021). The Cambridge History of the Kurds. Cambridge University Press. পৃ. 863. ISBN 978-1-108-58301-5
- ↑ Beritan, a symbol of the PKK's resistance. ANF News
- ↑ Gunes, Cengiz. (2013-09-01). Explaining the PKK's Mobilization of the Kurds in Turkey: Hegemony, Myth and Violence. Ethnopolitics. পৃ. 247–267
- ↑ Kocer, Suncem; Candan, Can. (2016). Kurdish Documentary Cinema in Turkey: The Politics and Aesthetics of Identity and Resistance. Cambridge Scholars Publishing. পৃ. 200. ISBN 978-1-4438-5716-1
- ↑ Çağlayan, Handan. (2012-06-01). From Kawa the Blacksmith to Ishtar the Goddess: Gender Constructions in Ideological-Political Discourses of the Kurdish Movement in post-1980 Turkey. European Journal of Turkish Studies. Social Sciences on Contemporary Turkey
- ↑ Ginsberg, Terri; Lippard, Chris. (2010). Historical Dictionary of Middle Eastern Cinema. Scarecrow Press. পৃ. 241–242. ISBN 9780810873643
- ↑ Gürbüz, Mustafa; Duyvendak, Jan Willem; Jasper, James M. (2016). Rival Kurdish Movements in Turkey: Transforming Ethnic Conflict. Protest and Social Movements. Amsterdam University Press. পৃ. 96–97. ISBN 9789089648785
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুলনাজ কাৰাটাছ” প্ৰবন্ধৰ সংশোধন ৫৭৫৮৭৭ (৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।