গড়মা কুৱঁৰী(১৬ শতিকা) গৌড়দেশৰ বাদচাহৰ ছোৱালী আছিল। তেওঁ কমতাৰাজৰ পত্নী আছিল। বিয়াৰ পিছত কমতা ৰজাই তেওঁক হিন্দু কৰি লয় আৰু নাম ৰাখে ‘সুশুদ্ধি’। চন্দ্ৰশেখৰ নামৰ এজন ৰজাৰ পুৰোহিত পুত্ৰৰ লগত গোপন প্ৰণয়ৰ কথা জানিব পাৰি কমতাৰাজে তেওঁক বন্দী কৰি ৰাখিছিল। জীয়েকক বন্দী কৰাৰ খবৰ পাই গৌড় ৰজাই তেওঁৰ তোলনীয়া পুত্ৰ তুৰ্বকক কমতা ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়ায়। ইতিমধ্যে সুশুদ্ধিয়ে কছাৰী ৰজা নেচুংফালৈ বাৰ্তা পঠিওৱাত কছাৰী ৰজাই তেওঁক কছাৰী ৰাজ্যলৈ লৈ যায়। কছাৰী ৰাজ্যতে সুশুদ্ধিয়ে ‘গৌড় মা’ বা ‘গঢ়মা’ নাম পায় আৰু প্ৰসিদ্ধি লাভ কৰে। পিছলৈ আহোম আৰু কছাৰীসকলৰ মাজত হোৱা যুজঁত জয়লাভ কৰি আহোম স্বৰ্গদেউ চুজংমুঙে গড়মা কুৱঁৰীক কুৱঁৰী কৰি গড়গাৱলৈ লৈ যায় ১। বুৰঞ্জীৰ এই চৰিত্ৰটিক লৈ সাহিত্যিক নৱকান্ত বৰুৱাই ‘গড়মা কুৱৰী’ নামৰ উপন্যাস ৰচনা কৰিছিল।
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৭-৬৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গড়মা কুৱঁৰী” প্ৰবন্ধৰ সংশোধন ৩৬৫৯৯০ (১৬ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।