অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গায়ত্ৰী গোবিন্দ

গায়ত্ৰী গোবিন্দ ( Gayathri Govind ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ, অভিনেত্ৰী আৰু ২০০৮ চনত এছিয়ানেটৰ ভোডাফোন ঠাকাদিমিৰ বিজয়ী। তেওঁ ভাৰতনাট্যম, মোহিনীঅট্টম, কুচিপুড়ী, অট্টনমথুল্লাল, কথাকলী, কথক আৰু কেৰালনাদনমৰ প্ৰশিক্ষণপ্ৰাপ্ত।

হালনাগাদ: ৩ মাৰ্চ ২০২৫ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

গায়ত্ৰী গোবিন্দ ( Gayathri Govind ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ, অভিনেত্ৰী আৰু ২০০৮ চনত এছিয়ানেটৰ ভোডাফোন ঠাকাদিমিৰ বিজয়ী।১

তেওঁ ভাৰতনাট্যম, মোহিনীঅট্টম, কুচিপুড়ী, অট্টনমথুল্লাল, কথাকলী, কথক আৰু কেৰালনাদনমৰ প্ৰশিক্ষণপ্ৰাপ্ত। চাৰি বছৰ বয়সৰ পৰাই ভাৰত আৰু বিদেশৰ বিভিন্ন মঞ্চত তেওঁ প্ৰদৰ্শন কৰি আহিছে।২ তেওঁ ত্ৰিবান্দ্ৰমৰ নিজা নৃত্য দল Silver Streakৰ৩ গৰাকী। তেওঁ কৈৰালী টিভি, এছিয়ানেট, সূৰ্য্য টিভি, মঝাভিল মনোৰমা, কৈৰালী ৱী, এছিয়ানেট নিউজ, বিটিভি, দূৰদৰ্শন, এচিভিত বহুতো টিভি অনুষ্ঠান আৰু লাইভ শ্ব'ৰ এংকৰ কৰিছে। তেওঁ প্ৰসিদ্ধ চাহ ব্ৰেণ্ড ছোচাইটি টীৰ মডেল আৰু এইচ চি এল টেকন'লজীছৰ চফ্টৱেৰ ইঞ্জিনিয়াৰ। বৰ্তমান তেওঁ ত্ৰিবান্দ্ৰমত বাস কৰে।৪ তেওঁ চেন্নাই আৰু ত্ৰিবান্দ্ৰমৰ নৃত্য বিদ্যালয় ‘তাকাধিমী’ চলাই আছে।৫

২০১৫ চনৰ ১৬ অক্টোবৰত তেওঁ ফিনলেণ্ডৰ হেলচিংকিত মনোৰঞ্জন, সংবাদ মাধ্যমৰ বাবে সোণালী মহিলা বঁটা[7] ২০১৫ লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ (28 June 2008). In seventh heaven. দ্য হিন্দু
  2. ↑ Chris. (4 November 2011). A techie wedded to dance. Deccan Chronicle
  3. ↑ (7 June 2007). Team work Silver Streak won the Dhoom Pro competition. দ্য হিন্দু
  4. ↑ (2010). Natana Talent of Month. Technopark, Trivandrum
  5. ↑ (27 December 2012). Feat of perfection. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কৰিঅ'গ্ৰাফাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গায়ত্ৰী গোবিন্দ” প্ৰবন্ধৰ সংশোধন ৪৮৬২০০ (৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।