অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গোবিন্দ্ৰচন্দ্ৰ পৈৰা

গোবিন্দ্ৰচন্দ্ৰ পৈৰা (১৯১৭-১৯৯৯) (ইংৰাজী: Govindra Chandra Poira) জন্মসূত্ৰে নেপালীভাষী এগৰাকী অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক৷ আৱাহন, জয়ন্তী আদি আলোচনীত তেওঁৰ গল্প প্ৰকাশ পাইছিল৷

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ৬৯ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

গোবিন্দ্ৰচন্দ্ৰ পৈৰা (১৯১৭-১৯৯৯) (ইংৰাজী: Govindra Chandra Poira) জন্মসূত্ৰে নেপালীভাষী এগৰাকী অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক৷ আৱাহন, জয়ন্তী আদি আলোচনীত তেওঁৰ গল্প প্ৰকাশ পাইছিল৷১

জন্ম আৰু শিক্ষা

১৯১৭ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে গোবিন্দ্ৰচন্দ্ৰ পৈৰাৰ জন্ম৷ তেওঁ প্ৰৱেশিকা পৰ্যন্ত শিক্ষা লাভ কৰে৷১

কৰ্মজীৱন

গোবিন্দ্ৰচন্দ্ৰ পৈৰাই কেইবছৰমান কহিমা এম ই স্কুলত শিক্ষকতা কৰি পিছত স্বাধীন ব্যৱসায়ত হাত দিয়ে৷ ১৯৬৯-৭৪ সময়ছোৱাত তেওঁ নাগালেণ্ড বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল৷ তেওঁ অসম সাহিত্য সভাৰ উপ-সভাপতি হিচাপে ক্ৰমে ১৯৭৮-৭৯ আৰু ১৯৮৫-৮৬ দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল৷ কহিমা সাহিত্য সভাৰ তেওঁ সভাপতি আছিল৷ তেওঁ কহিমা সমাজ কল্যাণ পৰিষদৰ প্ৰতিষ্ঠাতা আছিল৷২

সৃষ্টিকৰ্ম

গোবিন্দ্ৰচন্দ্ৰ পৈৰাৰ একমাত্ৰ গল্পসংকলনখন হ’ল সপোন আৰু স্মৃতি (১৯৮৮)৷ সংকলনটি যোগেশ দাসৰ সম্পাদনাত প্ৰকাশ পায়৷ তেওঁৰ একমাত্ৰ উপন্যাসখন প্ৰেম আৰু পৃথিৱীৰ ১৯৮৮ চনত প্ৰকাশ পায়৷১

মৃত্যু

১৯৯৯ চনৰ ৫ জানুৱাৰী তাৰিখে তেওঁৰ মৃত্যু ঘটে৷১

তথ্যসূত্ৰ

  1. ↑ কথা বৰেণ্য ১੦੦, সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন, কথা পাব্লিকেশ্যনছ, গুৱাহাটী, ২੦੦৬, ISBN 81-89148-14-1
  2. ↑ অসম লেখক কোষ (তৃতীয় খণ্ড), মুখ্য সম্পাদক: নমিতা ডেকা, অসম সাহিত্য সভা, যোৰহাট, ২੦১২৷

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোবিন্দ্ৰচন্দ্ৰ পৈৰা” প্ৰবন্ধৰ সংশোধন ৪৯৪১৩২ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।