গিদাগাঠি হাজৰিকা(১৭ শতিকা) দক্ষিণপাটৰ হাজৰিকা আছিল। লালুকসোলা বৰফুকনৰ আদেশত তেৱেঁই জয়মতী কুৱঁৰীক জেৰেঙা পথাৰত শাস্তি দি হত্যা কৰিছিল। লালুকসোলা বৰফুকনৰ মৃত্যুৰ পিছত ভোটাই ডেকা আৰু মাধ তামুলীয়ে তেওঁক কলিয়াবৰ মহকুমাৰ বৰফুকন পাতিছিল যদিও কিছুদিন পিছতেই তেওঁৰ ঠাইত বন্দৰ লালমাখক বৰখুকন পতা হৈছিল১।
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৭০-৭১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিদাগাঠি হাজৰিকা” প্ৰবন্ধৰ সংশোধন ১০৭৭৫৫ (১৭ ডিচেম্বৰ ২০১২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।