অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গধুলা ব্ৰাওন

গধুলা ব্ৰাওন(১৯ শতিকা)ৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ দৈ কলঙীয়া গাৱঁত। তেওঁৰ পিতৃৰ নাম আছিল কলিবৰ দাস। গধুলা ব্ৰাওনে ১৮৫৩ চনত খ্ৰীষ্টানসকলে নগাঁৱত প্ৰতিষ্ঠা কৰা ‘অৰফেন ইনষ্টিটিউত’ৰ পৰা শিক্ষা সাং কৰে। ১৮৫৮ চনত তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি ব্ৰাফুচ ব্ৰাওন নাম লয়।

হালনাগাদ: ২ ফেব্ৰুৱাৰী ২০১৩ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

গধুলা ব্ৰাওন(১৯ শতিকা)ৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ দৈ কলঙীয়া গাৱঁত। তেওঁৰ পিতৃৰ নাম আছিল কলিবৰ দাস। গধুলা ব্ৰাওনে ১৮৫৩ চনত খ্ৰীষ্টধৰ্মসকলে নগাঁৱত প্ৰতিষ্ঠা কৰা ‘অৰফেন ইনষ্টিটিউত’ৰ পৰা শিক্ষা সাং কৰে। ১৮৫৮ চনত তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি ব্ৰাফুচ ব্ৰাওন নাম লয়। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেওঁ কামৰূপত কেবাবছৰো আছিল। কামৰূপৰ পৰা ঘূৰি গৈয়ে শিৱসাগৰত ১৮৬৬ চনত লুচী নামৰ খ্ৰীষ্টিয়ান ছোৱালী এগৰাকীক তেওঁ বিয়া কৰায়। বিয়াৰ পিছত তেওঁ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মাজুলীলৈ যায় কিন্তু তাত সফল হব নোৱাৰি ১৮৭১ চনত নগা পাহাৰলৈ যায়। তাত তেওঁ নগাসকলৰ মাজত ধৰ্ম প্ৰচাৰ কৰাত সফল হৈছিল। নগাসকলৰ মাজত ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ অসমীয়া ভাষাক মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল আৰু ধৰ্মৰ লগতে অসমীয়া ভাষাৰো প্ৰচাৰ কৰিছিল। তেওঁৰ পিতৃ কলিবৰ দাস আছিল কৈৱৰ্ত কুলৰ লোক আৰু কলিবৰ দাসেও ১৯৪৫ চনতে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল ১।

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৯

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গধুলা ব্ৰাওন” প্ৰবন্ধৰ সংশোধন ১১৩৮৩৩ (২ ফেব্ৰুৱাৰী ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।