জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কমলা দেৱী পটলে
কমলা দেৱী পটলে (Kamla Devi Patle, জন্ম ৫ মে' ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি৷ ছত্তীশগড় ৰাজ্যৰ জাঞ্জগীৰ (লোকসভা সমষ্টি)ক প্ৰতিনিধিত্ব কৰি তেওঁ সংসদৰ সদস্য আছিল।
-
কমৰ ৰহমান
কমৰ ৰহমান (Qamar Rahman) এজন ভাৰতীয় বিজ্ঞানী যিয়ে যোৱা ৪০ বছৰত নেনোকণাৰ শাৰীৰিক প্ৰভাৱ বুজিবলৈ ব্যাপকভাৱে কাম কৰি আহিছে। এছবেষ্টছিছ, স্লেটৰ ধূলি আৰু অন্যান্য ঘৰুৱা আৰু পৰিৱেশৰ কণা প্ৰদূষণৰ প্ৰভাৱ আৰু বৃত্তিগত স্বাস্থ্য উন্নত কৰাৰ উপায়ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত।
-
কলাপিনী কোমকলী
কলাপিনী কোমকলী ( Kalapini Komkali ) মধ্যপ্ৰদেশৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী কলাপিনী কোমকলি। ২০২৩ চনত হিন্দুস্তানী কণ্ঠত সংগীত নাটক অকাডেমি বঁটা লাভ কৰে।
-
কল্পনা কালাহস্তি
কল্পনা কালাহস্তি:Kalpana Kalahasti; (জন্ম ১৯৭৪) ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ত কৰ্মৰত এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু ইলেক্ট্ৰনিক্স আৰু যোগাযোগ অভিযন্তা। বৰ্তমান তেওঁ চন্দ্ৰযান-৩ মিছনৰ সহযোগী প্ৰকল্প পৰিচালক হিচাপে কাম কৰি আছে।
-
কল্পনা ছাইনী
কল্পনা ছাইনী (Kalpana Saini; জন্ম: ১ অক্টোবৰ ১৯৫৯) ভাৰতীয় জনতা পাৰ্টিৰ (BJP) এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ বৰ্তমান ৰাজ্যসভাৰ সাংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ উত্তৰাখণ্ড চৰকাৰৰ পিছপৰা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
কল্পনা ৰমেশ নৰহিৰে
নৰহিৰে কল্পনা ৰমেশ (Kalpana Ramesh Narhire; জন্ম: ২৫ অক্টোবৰ ১৯৬৯) ওছমানবাদ জিলাৰ এগৰাকী শিৱসেনাৰ ৰাজনীতিবিদ। মহাৰাষ্ট্ৰৰ ওছমানাবাদ সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতৰ চতুৰ্দশ লোকসভাৰ সদস্য হৈছিল।
-
কল্যাণী প্ৰমোদ বালাকৃষ্ণন
কল্যাণী প্ৰমোদ বালাকৃষ্ণন: Kalyani Pramod Balakrishnan; তামিলনাডুৰ চেন্নাইত বাস কৰা এগৰাকী ভাৰতীয় বস্ত্ৰ ডিজাইনাৰ। তেওঁ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ জৰিয়তে শিপিনীৰ সৈতে কাম কৰি আহিছে। ২০১৬ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰে।
-
কাউণ্টি কিউলেন
কাউণ্টি কিউলেন (Countee Cullen) আছিল এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক, শিশু লেখক আৰু নাট্যকাৰ। তেওঁ বিশেষকৈ হাৰ্লম নৱজাগৰণৰ সময়ত সুপৰিচিত আছিল। নিজৰ কবি পৰিচিতিক এজন 'নিগ্ৰো কবি' হিচাপে সীমাবদ্ধ ৰাখিব নিবিচৰা আমেৰিকাৰ কৃষ্ণাঙ্গ কবিগৰাকীয়েই হ'ল কাউণ্টি কিউলেন।
-
কাঙ্গালিনী ছুফিয়া
ছুফিয়া খাতুন (কাঙ্গালিনী সুফিয়া নামে জনপ্ৰিয়; জন্ম ১ জানুৱাৰী ১৯৬১) তেওঁৰ প্ৰকৃত নাম অনিতা হালদাৰ। তেওঁ দৰদী শত্ৰু, আগুন আৰু ৰাজ সিংহাসন চিনেমাত প্লেবেক গায়িকা হিচাপে কণ্ঠদান কৰিছিল।
-
কাথাৰিনা ফ্ৰান্সিস্কা ভন ৱাটেনউইল
কাথাৰিনা ফ্ৰান্সিস্কা ভন ৱাটেনউইল (ডিচেম্বৰ ১৬৪৫ – ২১ নৱেম্বৰ ১৭১৪) চুইজাৰলেণ্ডৰ এজন অভিজাত আৰু চোৰাংচোৱা আছিল। নবছৰীয়া যুদ্ধৰ সময়ত তেওঁ চতুৰ্দশ লুইৰ বাবে চোৰাংচোৱা হিচাপে কাম কৰিছিল, যাৰ বাবে তেওঁক কেফিগতাৰ্মত কাৰাগাৰত ভৰোৱা হৈছিল, নিৰ্যাতন চলোৱা হৈছিল আৰু বাৰ্নৰ আদালতে চোৰাংচোৱাগিৰি আৰু উচ্চ…
-
কান্তা কুমাৰী ভাটনাগৰ
কান্তা কুমাৰী ভাটনাগৰ (कान्ता भटनागर ,প্ৰায় ১৯৩০ – ১৩ আগষ্ট ২০১১) ভাৰতৰ এগৰাকী ন্যায়াধীশ আৰু মানৱ অধিকাৰ কৰ্মী আছিল। তেওঁ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমগৰাকী মহিলাৰ লগতে ৰাজস্থান ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল ভটনগৰ।তেওঁ ৰাজস্থানৰ এগৰাকী বিশিষ্ট মহিলা…
-
কান্তা ত্যাগী
কান্তা ত্যাগী (Kanta Tyagi) মধ্য প্ৰদেশৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী।
-
কান্দুৰা ডেকাফুকন
কান্দুৰা ডেকাফুকন (Kandura Deka Phukan) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ আন এগৰাকী বিদ্ৰোহী নেতা গমধৰ কোঁৱৰৰ মুখ্য সহযোগী আছিল। তেওঁ নিজকে ৰজা হিচাপে ঘোষণা কৰি কেঁকোৰা দোলা, আৰোৱাণ আদি ব্যৱহাৰ কৰিছিল।
-
কান্দুৰা বলিন স্মিথ
কান্দুৰা বলিন স্মিথ (১৯ শতিকা) নগাঁৱৰ লোক। একেতৰ দেউতাক কণা আছিল আৰু ভিক্ষা কৰি পেট প্ৰৱৰ্তাইছিল। ১৮৪৮ চনত নগাঁৱত থকা শ্ৰীমতী ষ্টোডাৰ্ড নামৰ এগৰাকী মহিলাৰ উদ্যোগত নগাঁৱৰ 'মাউৰা শিশুৰ বিদ্যালয়'ত ভৰ্তি হয়।
-
কাব্য কিৰণ
কাব্য কিৰণ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ ওড়িয়া আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ওলিউডত নিজৰ চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল আৰু ২০১৫ চনত ৰং-ই-ইস্কৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।
-
কামাৰ ডাগাৰ
কামাৰ ডাগাৰ: Qamar Dagar এগৰাকী ভাৰতীয় কেলিগ্ৰাফাৰ। তেওঁ ক্ৰিয়েটিভ কেলিগ্ৰাফী ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক। ২০১৬ চনত ভাৰতৰ মহিলাৰ সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হৈছিল।
-
কাল্টাৰাম ৰাভা
কাল্টাৰাম ৰাভা (? - আন. ১৯৬০) এগৰাকী কৃষক নেতা আছিল। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ওচৰৰ ছোটমাটিয়া গাঁৱত জন্ম। ভাৰতৰ স্বাধীনতাৰ আগৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সভ্য আছিল। স্বাধীনতাৰ পাছত এখেতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগ দিয়ে। কৃষক নেতা ৰূপে জনজাতীয় সকলক শোষণৰ বিৰুদ্ধে সংঘবদ্ধ কৰিছিল।
-
কাশ্মীৰৰ ৰেশ্মা
ৰেশ্মা (১৯৫০ - নৱেম্বৰ ২০২২), আছিল জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ এগৰাকী লিঙ্গান্তৰিত গায়িকা আৰু অধিকাৰ কৰ্মী। তেওঁ জনসাধাৰণৰ মাজত কাশ্মীৰৰ ৰেশ্মা নামেৰে পৰিচিত। তেওঁ খ্যাতি লাভ কৰিছিল আৰু তেওঁৰ গীতৰ ভিডিঅ’বোৰ সামাজিক মাধ্যমত হাজাৰ হাজাৰবাৰ দেখা হৈছিল।
-
কাৰমেন লুভানা
কাৰমেন লুভানা (ইংৰাজী: Carmen Luvana; জন্ম: ২৩ আগষ্ট ১৯৮১), যাৰ প্ৰকৃত নাম মিচেল চেণ্ডোভেল, এগৰাকী পুৱেৰ্টো ৰিকান চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী আৰু এগৰাকী অৱসৰপ্ৰাপ্ত পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী।
-
কাৰ্লা ৱাকাৰৰ হত্যাকাণ্ড
কাৰ্লা জান ৱাকাৰ এগৰাকী আমেৰিকান ছোৱালী যাক টেক্সাছৰ ফোৰ্ট ৱৰ্থৰ বলিং এলি পাৰ্কিং লটৰ পৰা অপহৰণ কৰাৰ পিছত ১৭ ফেব্ৰুৱাৰী, ১৯৭৪ তাৰিখে হত্যা কৰা হৈছিল। অপহৰণৰ তিনিদিন পিছত তেওঁৰ মৃতদেহ ফৰ্ট ৱৰ্থৰ পৰা মাত্ৰ ৩০ মিনিট দক্ষিণে এটা নৰ্দমা খাদত পোৱা গৈছিল।
-
কিম হেই-ইয়ং
কিম হেই-ইয়ং (কোৰিয়ান: 김혜영; কেতিয়াবা কিম হাই-ইয়ং বুলিও ৰোমানিছ কৰা হয়) এগৰাকী উত্তৰ কোৰিয়াত জন্মগ্ৰহণ কৰা অভিনেত্ৰী, গায়িকা, কমেডিয়ান আৰু মডেল, যি দক্ষিণ কোৰিয়াৰ মনোৰঞ্জন উদ্যোগত সক্ৰিয়। ১৯৯৮ চনত তেওঁ পৰিয়ালৰ সৈতে দক্ষিণ কোৰিয়ালৈ পলায়ন কৰে।
-
কিশোৰ জেনা
কিশোৰ জেনা (Kishore Jena; জন্ম: ৬ ছেপ্টেম্বৰ ১৯৯৫) এজন ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। তেওঁ জেভেলিন থ্ৰ' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
-
কিশোৰ দাস
কিশোৰ দাস (Kishor Das) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। তেওঁ বহুকেইটা অসমীয়া মিউজিক ভিডিঅ’, ধাৰাবাহিক তথা চলচ্চিত্ৰত অভিনয় কৰিছিল৷ তেওঁ গুৱাহাটীস্থিত আঞ্চলিক টেলিভিচন চেনেলত প্ৰচাৰিত বিধাতা, বান্ধোন, নেদেখা ফাগুনৰ দৰে জনপ্ৰিয় অসমীয়া টেলিভিছন অনুষ্ঠানবোৰত কৰা অভিনয়ৰ বাবে অধিক পৰিচিত আছিল।
-
কিৰণ মহেশ্বৰী
কিৰণ মহেশ্বৰী (Kiran Maheshwari, ২৯ অক্টোবৰ ১৯৬১ – ৩০ নৱেম্বৰ ২০২০) আছিল ৰাজস্থান ৰাজ্যৰ এজন ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি আছিল।
-
কিৰণময়ী তামূলী
ডা° কিৰণময়ী তামূলী (Kironmoyee Tamuli; ১৯৫২-২০২১) এগৰাকী চিকিৎসক আৰু শিশু সাহিত্যিক আছিল। শিশু আলোচনী মৌচাক আৰু নতুন আৱিষ্কাৰৰ লগত বিশেষভাৱে জড়িত।
-
কিৰিত প্ৰদ্যুৎ দেৱ বৰ্মন
কিৰিত প্ৰদ্যুৎ মাণিক্য দেৱ বৰ্মন বাহাদুৰ (Kirit Pradyot Manikya Deb Barman Bahadur) এগৰাকী ভাৰতীয় ৰাজনীতিক। বৰ্তমান তেওঁ ত্ৰিপুৰা ৰাজ পৰিয়ালৰ মুখীয়াল আৰু ১৮৬ তম ৰজা (নামধাৰী)। তেওঁ দিল্লীত জন্ম হৈছিল, আৰু বৰ্তমান তেওঁ ত্ৰিপুৰা ৰাজ্যৰ আগৰতলাৰ বাসিন্দা।
-
কুইণ্টিলিয়া
কুইণ্টিলিয়া (১শ শতিকাত জীৱিত) এগৰাকী প্ৰাচীন ৰোমান মঞ্চ শিল্পী আছিল। তেওঁ এগৰাকী পেণ্টোমাইম নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল। তেওঁ কেলিগোলাৰ শাসনকালত এজনী খ্যাতনামা সুন্দৰী আছিল। তেওঁ চেনেটৰ পম্পেদিয়ুচৰ প্ৰেমিকা আছিল।
-
কুইন ওজা
কুইন ওজা (জন্ম ২৭ নৱেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ব্যৱসায়ী মহিলা। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্যা। ওজাই ২০১৯ চনৰ পৰা ২০২৪ চনলৈ গুৱাহাটী সমষ্টি প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়। ১৯৯৬ চনৰ পৰা ১৯৯৭ চনলৈকে গুৱাহাটী পৌৰ নিগম মেয়ৰ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
কুণ্ডৱাই পিৰাটিয়াৰ
কুণ্ডৱাই পিৰাটিয়াৰ, সাধাৰণতে একনামেৰে কুণ্ডৱৈ নামেৰে জনাজাত, দশম শতিকাত দক্ষিণ ভাৰতত বাস কৰা এগৰাকী চোল বংশৰ ভাৰতীয় ৰাজকুমাৰী আছিল। তেওঁ দ্বিতীয় পৰন্তক আৰু বনাবন মহাদেৱীৰ কন্যা আছিল। তিৰুকোইলুৰত জন্মগ্ৰহণ কৰা চোলা সম্ৰাট প্ৰথম ৰাজৰাজৰ জ্যেষ্ঠ ভগ্নী। ইলাইয়াপিৰাট্টি কুণ্ডৱৈ নাচিয়াৰ উপাধি আছিল।
-
কুতুব আহমেদ মজুমদাৰ
কুতুব আহমেদ মজুমদাৰ ( – ২৭ নবেম্বৰ ২০১৯) অসমৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেঁও ছোনাই বিধানসভা সমষ্টিৰ বিধায়ক আছিল।