গোলোক চন্দ্ৰ বৰা ( Golok Chandra Bora; জন্ম: ১৯১৭; মৃত্যু: ৫ ডিচেম্বৰ, ১৯৮৮) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ১৯৩৮ চনত কংগ্ৰেছৰ সক্ৰিয় সদস্য হিচাপে আন্দোলনত জপিয়াই পৰে। আন্দোলন চলি থকাৰ সময়ত লখিমপুৰ জিলাৰ ধলপুৰ অঞ্চলত ইংৰাজৰ এখন হেলিকপ্টাৰ (ডাক-জাহাজ) দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তাৰ ভগ্নাৱশেষ চুৰি কৰাৰ অপৰাধত অঞ্চলবাসীৰ ওপৰত কালেক্টৰী জৰিমনা বলবৎ কৰে। যাৰ ফলত গোলোক চন্দ্ৰ বৰাৰ পৰিয়ালেও ৬০টকা জৰিমনা ভৰিব লগাত পৰে।১২৩
১৯৩৯ চনৰ সত্যাগ্ৰহ আন্দোলনত যোগ দিয়াৰ অপৰাধত গোলাঘাট আৰু তেজপুৰ কাৰাগাৰত এবছৰ কাৰাবাস খাটিবলগীয়া হয়। কাৰাবাসৰ সময়ছোৱাত অসমৰ ৰাজ্যিক পৰ্যায়ৰ কংগ্ৰেছ নেতা যথাক্ৰমে গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী, যোগেন শইকীয়া, অমিয় কুমাৰ দাস, বিশ্বনাৰায়ণ শাস্ত্ৰী আদিৰ সান্নিধ্য লাভ কৰে। তেওঁ লখিমপুৰ জিলাৰ কংগ্ৰেছ প্ৰতিনিধি ৰূপে নিৰ্বাচিত হৈ মোহনদাস কৰমচান্দ গান্ধীৰ লগত গুজৰাটৰ ৱাৰ্ধাত যঁতৰত সূতা কটা, চাফাই আদিৰ প্ৰশিক্ষণ লৈছিল।
১৯৭২ চনত স্বাধীনতা সংগ্ৰামীৰ চিন স্বৰূপে আৰু ৰাজনৈতিক নিৰ্যাতিত ৰূপে ভাৰত চৰকাৰৰ পৰা তাম্ৰপত্ৰ আৰু পেঞ্চন লাভ কৰে।১২৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলোক চন্দ্ৰ বৰা” প্ৰবন্ধৰ সংশোধন ৪৪৫৭৭৯ (১৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।