অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গুঞ্জানন বৰুৱা

গুঞ্জানন বৰুৱা(১৮৬৩-১৯৩৬)ৰ জন্ম হৈছিল শিৱসাগৰত। ১৮৮৩ চনত তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ যায়। ১৮৮৯ চনত কলিকতাৰ পৰা বি.এল. ডিগ্ৰী লৈ আহি শিৱসাগৰতে ওকালতি আৰম্ভ কৰে। কলিকতাৰ প্ৰখ্যাত এ.এচ.এল ক্লাবৰ প্ৰতিষ্ঠাতাসকলৰ এজন আছিল।

হালনাগাদ: ৮ জুলাই ২০১৭ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

গুঞ্জানন বৰুৱা(১৮৬৩-১৯৩৬)ৰ জন্ম হৈছিল শিৱসাগৰত। ১৮৮৩ চনত তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ যায়। ১৮৮৯ চনত কলিকতাৰ পৰা বি.এল. ডিগ্ৰী লৈ আহি শিৱসাগৰতে ওকালতি আৰম্ভ কৰে। কলিকতাৰ প্ৰখ্যাত এ.এচ.এল ক্লাবৰ প্ৰতিষ্ঠাতাসকলৰ এজন আছিল। তেওঁ ঘনশ্যাম বৰুৱা আৰু ৰত্নধৰ বৰুৱাৰ সৈতে একেলগে ৱিলিয়াম শ্বেইক্সপিয়াৰৰ ‘কমেডি অৱ এৰৰ্চ’ কমেডী অৱ এৰ'ৰচ, নাটখন ‘ভ্ৰমৰংগ’ নাম দি অসমীয়ালৈ ভাঙনি কৰিছিল। ইয়াৰোপৰি ‘মাৰ্চেণ্ট অৱ ভেনিচ’ The Mercant of Venice নাটখনো নিজাকৈ অনুবাদ কৰিছিল১।

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৭৩

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুঞ্জানন বৰুৱা” প্ৰবন্ধৰ সংশোধন ১৬৮৮৯২ (৮ জুলাই ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।