জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চেনালী ফোনচেকা
ৱান্নিয়াৰাচ্চিগে চেনালী কোশিলা ফোনচেকা (ইংৰাজী: Wanniarachchige Senali Koshila Fonseka; সিংহল: වන්නිආරච්චිගේ සෙනාලි කෝෂිලා ෆොන්සේකා;; জন্ম ১৮ ছেপ্টেম্বৰ, ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী যিয়ে শ্ৰীলংকাৰ চলচ্চিত্ৰ, মঞ্চ আৰু টেলিভিছনত অভিনয় কৰে।
-
চেৰিং লেণ্ডল
চেৰিং লেণ্ডল (Tsering Landol) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু ভাৰতৰ লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মহিলা স্বাস্থ্যৰ অন্যতম পথ প্ৰদৰ্শক। তেওঁ লেহৰ সোণম নৰ্বু মেম'ৰিয়েল চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়াইছিল আৰু অন্যান্য শিক্ষানুষ্ঠানৰ সৈতেও জড়িত।
-
চোত্তানীক্কাৰ ভগৱতী মন্দিৰ
চোত্তানীক্কাৰ ভগৱতী মন্দিৰ (Chottanikkara Bhagavathy Temple) কেৰালাৰ এৰ্ণাকুলাম জিলাৰ চোত্তানিক্কাৰা গাঁৱত অৱস্থিত ভগৱতী দেৱীৰ নামত উৎসৰ্গিত এটা হিন্দু মন্দিৰ। কোচিন দেৱস্বম ব’ৰ্ডে মন্দিৰটো পৰিচালনা কৰে। ব’ৰ্ডৰ অধীনত থকা ৪০৯টা মন্দিৰৰ ভিতৰত এইটো অন্যতম গুৰুত্বপূৰ্ণ তীৰ্থস্থান।
-
চ’ নাম-জু
চ’ নাম-জু (কোৰিয়ান: 조남주, জন্ম ১৯৭৮) এগৰাকী দক্ষিণ কোৰিয়ান লেখিকা আৰু গ্ৰন্থকাৰ। তেওঁ ২০১৬ চনত লিখা উপন্যাস কিম জি-ইয়ং, বৰ্ন ১৯৮২ (Kim Ji-young, Born 1982)-ৰ বাবে বিশেষভাৱে পৰিচিত।
-
ছত্তীছগঢ়ৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
২০০০ চনৰ ১ নৱেম্বৰত ভাৰতৰ ছত্তীছগঢ় ৰাজ্যৰ গঠনৰে পৰা বৰ্তমানলৈ কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত তথ্য এই তালিকাত দিয়া হৈছে।
-
ছাইৰা নাছীম
ছাইৰা নাছীম (ইংৰাজী: Saira Naseem) বা ছাহিৰা নাছীম (ইংৰাজী: Sahira Naseem) এগৰাকী পাকিস্তানী গায়িকা৷ তেওঁ নব্বৈৰ দশকৰ পাকিস্তানী চলচ্চিত্ৰ উদ্যোগ বা ললীউডৰ নেপথ্য গায়িকা আছিল। তেওঁ চাৰি বাৰ শ্ৰেষ্ঠ নেপথ্য গায়কৰ নিগাৰ বঁটা লাভ কৰিছিল।
-
ছাউথʼ ইণ্ডিয়া বেংক
ছাউথʼ ইণ্ডিয়া বেংক (চমুকৈ এছ.আই.বি) হৈছে ভাৰতৰ এখন ব্যক্তিগত খণ্ডৰ বেংক। ইয়াৰ মুখ্য কাৰ্যালয় কেৰালা ৰাজ্যৰ ত্ৰিশূৰত অৱস্থিত। এইখন বেংকৰ মুঠ ৯৩৩টা শাখা, ১৮টা ৰাজ্যিক কাৰ্যালয়, আৰু ১,২০০ তকৈ অধিক এ.টি.ম মেচিন আছে।
-
ছাকিনা কাৰচাউই
ছাকিনা কাৰচাউই (ইংৰাজী: Sakina Karchaoui; জন্ম: ২৬ জানুৱাৰী ১৯৯৬) এগৰাকী ফৰাচী পেছাদাৰী ফুটবলাৰ যিয়ে প্ৰিমিয়াৰ লিগ ক্লাব পেৰিছ চেণ্ট জাৰ্মেইন আৰু ফ্ৰান্সৰ জাতীয় দলৰ বাওঁ বেক বা মিডফিল্ডাৰ হিচাপে খেলে।
-
ছাদিয়া খত্ৰী
ছাদিয়া খত্ৰী (Sadia Khatri) হৈছে কৰাচীত বাস কৰা এগৰাকী পাকিস্তানী লেখিকা, ফটোগ্ৰাফাৰ খত্ৰী Girls at Dhabas-ৰ অন্যতম প্ৰতিষ্ঠাপক।.
-
ছাফিয়া জৰ্জ
ছাফিয়া জৰ্জ (পূৰ্বৰ নাম: ডালমিডা) এগৰাকী আমেৰিকাৰ ভাৰ্জিন দ্বীপপুঞ্জৰ নাৰ্ছ প্ৰেকটিচনাৰ আৰু সামগ্ৰিক স্বাস্থ্য, আধ্যাত্মিকতা আৰু এইচ আই ভিৰ বিশেষজ্ঞ একাডেমিক প্ৰশাসক। ভাৰ্জিন দ্বীপপুঞ্জ বিশ্ববিদ্যালয়ৰ সভানেত্ৰী।
-
ছায়া সিং
ছায়া সিং ( Chaya Singh) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল আৰু কানাড়া ছবি আৰু টেলিভিছন শ্ব’ত কাম কৰে। কানাড়া ছবিত অভিনয় জীৱন আৰম্ভ কৰা তেখেতে তামিল, মালয়ালম, তেলেগু, বাংলা আৰু ভোজপুৰী ছবিত কাম কৰিছে। তেওঁৰ ভূমিকাত অতি নিৰ্বাচিত হোৱাৰ সুনাম আছে।
-
ছালমা নিয়াজী
ছালমা নিয়াজী (Salma Niazi, জন্ম-২০০১) এগৰাকী আফগান সাংবাদিক আৰু দ্য আফগান টাইমছৰ প্ৰতিষ্ঠাপক। তালিবানৰ পৰা পলায়ন কৰি তেওঁ নিৰ্বাসনৰ সময়ত সাংবাদিকতাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
-
ছাৰা আলেকজেণ্ড্ৰি
ছাৰা আলেকজেণ্ড্ৰি ( Sara Alexandri) ৰাছিয়াত জন্মগ্ৰহণ কৰা এগৰাকী শিল্পী আছিল, যিয়ে তৈল চিত্ৰকলাৰ বাবে পৰিচিত আৰু তেওঁ ইটালীত প্ৰশিক্ষণ লোৱাৰ পিছত নিজৰ কেৰিয়াৰৰ বেছিভাগ সময় ইংলেণ্ডত কটায়। তেওঁৰ জন্ম হৈছিল, ২২ অক্টোবৰ ১৯১৩ চন আৰু মৃত্যু হৈছিল ২৮ এপ্ৰিল ১৯৯৩ চনত।
-
ছাৰা মনছুৰ
ছাৰা মনছুৰ (Sara Mansoor; জন্মঃ ৩০ জানুৱাৰী ১৯৮৮) এগৰাকী পাকিস্তানী টেনিছ খেলুৱৈ। ফেড কাপত পাকিস্তানৰ হৈ খেলি ৬ – ২৩ স্কৰত মনছুৰে জয়-পৰাজয়ৰ অভিলেখ গঢ়িছিল। ১৯৮৮ চনৰ ৩০ জানুৱাৰিত পাকিস্তানৰ ৰাউলপিণ্ডিত মনছুৰৰ জন্ম। তেওঁ ১৩ বছৰ বয়সৰ পৰাই টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল।
-
ছিজুকা মিউৰা
ছিজুকা মিউৰা (জাপানী: 三浦 静香, ইংৰাজী: Shizuka Miura; ৭ মাৰ্চ ১৯৬২ – ৩১ জানুৱাৰী ২০১০) এগৰাকী জাপানী বল-সংযুক্ত পুতলা নিৰ্মাতা, গায়িকা, গীতিকাৰ আৰু গীটাৰ বাদক। পুতলাৰ কামৰ বাবে তেওঁ জাপানত স্বীকৃতি লাভ কৰিছিল। ছিজুকা নামৰ ৰক বেণ্ডৰ প্ৰতিষ্ঠাপক আৰু বাটকটীয়া হিচাপে তেওঁ বিশ্বজুৰি পৰিচিত।
-
ছিমোনা বোনাফে
ছিমোনা বোনাফে (জন্ম ২৪ জুন ১৯৭৩) ইটালীৰ এগৰাকী ৰাজনীতিবিদ আৰু সাংবাদিক যিয়ে দেশখনৰ চেম্বাৰ অৱ ডেপুটিজৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ছিলভিয়া ৰত্নাস্বামী
ছিলভিয়া ৰত্নাস্বামী, জন্ম আনুমানিক ১৯৭৬ চন, এগৰাকী বেলজিয়াম–ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী। ডিষ্ট্ৰিবিউটেড হেচ টেবুল (ডি এইচ টি)ৰ অন্যতম উদ্ভাৱক হিচাপে তেওঁ বেছিকৈ পৰিচিত।
-
ছু চাংলান
ছু চাংলান Su Changlanচীনৰ গুৱাংডংৰ ফ’ছানৰ বিশেষকৈ মহিলাৰ অধিকাৰৰ দিশত কাম কৰা এগৰাকী চীনা নাগৰিক অধিকাৰ কৰ্মী।
-
ছুইটি সীমা হেমব্ৰাম
ছুইটি সীমা হেমব্ৰাম (ইংৰাজী: Sweety Sima Hembram) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ৰাষ্ট্ৰীয় জনতা দলক প্ৰতিনিধিত্ব কৰি বৰ্তমান বিহাৰৰ কট’ৰিয়া বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ছুছান ফিৰুজ
ছুছান ফিৰুজ (দাৰী ভাষাত: سوسن فیروز, কেতিয়াবা চুজান ফেৰ'জ বুলিও বানান কৰা হয়) এগৰাকী আফগান অভিনেত্ৰী আৰু ৰেপাৰ। আফগানিস্তানৰ প্ৰথমগৰাকী মহিলা ৰেপাৰ হিচাপে তেওঁক অভিহিত কৰা হৈছে। সমাজৰ নীতি-নিয়ম আৰু আফগান মহিলাৰ পৰম্পৰাগত ভূমিকাক প্ৰত্যাহ্বান জনোৱা এগৰাকী বিতৰ্কিত ব্যক্তিত্ব।
-
ছুবুৰ পাৰ্থসাৰথি
ছুবুৰ পাৰ্থসাৰথি (জন্ম ছুবুৰ মুগাসেথচ Subur Parthasarathy; ১৯১১ – ১০ অক্টোবৰ ১৯৬৬) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু আইন প্ৰণেতা আছিল। তেওঁ ইথিৰাজ কলেজ ফৰ ৱ’মেনৰ প্ৰথম অধ্যক্ষ আছিল আৰু ১৯৬০ চনৰ পৰা ১৯৬৬ চনলৈকে ৰাজ্যসভাৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ছেইলা আব্দুল্লা
ছেইলা আব্দুল্লা ( Shaila Abdullah) জন্ম: ১৯৭১ চন, এগৰাকী পাকিস্তানী-আমেৰিকান গ্ৰন্থকাৰ, লেখক আৰু ডিজাইনাৰ।
-
ছৈয়দ হাদী মহাক্কেক
ছৈয়দ হাদী মহাক্কেক (ফাৰ্চী: سید هادی محقق; জন্ম ১৯৭৯) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
-
ছৌকৰ জানকী
শংকৰমঞ্চী জানকী (Sankaramanchi Janaki; জন্ম: ১২ ডিচেম্বৰ ১৯৩১) তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ছবিৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী; যাক ব্যপকভাবে ছৌকৰ জানকী (Sowcar Janaki) বুলি জনা যায়। সাত দশকৰো অধিক সময়ৰ কৰ্মজীৱনত জানকীয়ে প্ৰায় ৩৯০খন ছবিত অভিনয় কৰিছে।
-
জগমল সিংহ
জগমল সিংহ ষোড়শ শতিকাৰ এজন ভাৰতীয় ৰাজকুমাৰ আৰু দৰবাৰী ব্যক্তি আছিল। তেওঁ দ্বিতীয় মহাৰাণা দ্বিতীয় উদয় সিংহ আৰু ৰাণী ধীৰবাঈ ভট্টিয়ানীৰ পুত্ৰ।
-
জন আডামছ্
জন আডামছ্ (John Adams; ২৬ মাৰ্চ, ১৭০৫ – ২২ জানুৱাৰী, ১৭৪০) এজন আমেৰিকান কবি।
-
জন পিটাৰ ৱেড
জন পিটাৰ ৱেড (John Peter Wade, জ.১৭৬২-মৃ.২৪.১੦.১৮੦২) এগৰাকী ব্ৰিটিছ লেখক আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এছিছটেণ্ট ছাৰ্জন৷ কেপ্টেইন ৱেলছৰ লগত অসমলৈ আহি ইয়াত ডেৰ বছৰ থাকি তেওঁ এন একাউণ্ট অৱ আছাম (An Account of Assam) নামৰ গ্ৰন্থখন ৰচনা কৰে৷ ১৭৯৮ চনত তেওঁ পুনৰ অসমলৈ আহে আৰু এ জিওগ্ৰাফিকেল…
-
জয়ন্ত বসুমতাৰী
বসুমতাৰী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ য়ুনাইটেড পিপলছ পাৰ্টী লিবাৰেলৰ সদস্য। তেওঁ ২০২১ চনত ছিদলী বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০২৪-ত তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁ ২০২৪-ত ইউপিপিএলৰ টিকটত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰে।
-
জয়ন্ত ৰংপী
জয়ন্ত ৰংপি এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ১৯৯১ চনৰ পৰা ২০০৪ চনলৈকে অসমৰ স্বায়ত্ত্ব শাসিত জিলা ৰ বাবে সংসদৰ সদস্য, লোকসভা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনত তেওঁ স্বায়ত্তশাসিত ৰাজ্যিক দাবী সমিতিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয়।
-
জয়ন্তী পাটনায়ক
জয়ন্তী পাটনায়ক (Jayanti Patnaik, ৭ এপ্ৰিল ১৯৩২ – ২৮ ছেপ্টেম্বৰ ২০২২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী আছিল। তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল। ১৯৯২ চনৰ ৩ ফেব্ৰুৱাৰীৰ পৰা ১৯৯৫ চনৰ ৩০ জানুৱাৰীলৈকে তেওঁৰ কাৰ্যকাল আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি৷