গীতাঞ্জলি আয়াৰ, (জন্মনাম আম্বেগাওঁকাৰ,১ ২৯ জানুৱাৰী ১৯৪৭ – ৭ জুন ২০২৩ চন) দূৰদৰ্শনত ভাৰতৰ মহিলা বাতৰি পঢ়োঁতা আছিল। তেওঁ নতুন দিল্লীত ৰাতিপুৱা খোজ কাঢ়ি যোৱাৰ সময়ত মগজুৰ ৰক্তক্ষৰণৰ বাবে তেওঁ ঢলি পৰে আৰু মৃত্যু হয়।২৩তেওঁ পাৰ্কিনছন ৰোগত আক্ৰান্ত আছিল৪ আৰু তেওঁৰ বয়স আছিল ৭৬ বছৰ।
প্ৰাথমিক জীৱন আৰু শিক্ষা
আয়াৰে কলকাতাৰ লৰেটো কলেজত শিক্ষা গ্ৰহণ কৰিছিল।৫ নেচনেল স্কুল অৱ ড্ৰামাত ডিপ্লমাৰ বাবেও অধ্যয়ন কৰিছিল। বহু বিজ্ঞাপনত অভিনয় কৰাৰ লগতে ১৯৮০ চনৰ মাজভাগত দূৰদৰ্শনৰ জনপ্ৰিয় টেলি-ধাৰাবাহিক খানদানতো অভিনয় কৰিছিল। তেওঁৰ প্ৰাক্তন স্বামী স্বামীনাথন আয়াৰৰপৰা৬ এগৰাকী কন্যা সাংবাদিক পল্লৱী আয়াৰ৫ আৰু এজন পুত্ৰ শেখৰ আয়াৰ৭ আছিল।
কেৰিয়াৰ
গীতাঞ্জলিয়ে স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ'ত যোগদান কৰে আৰু তাৰ পিছত দূৰদৰ্শনত ১৯৭৬৭ যোগদান কৰে আৰু অতি সোনকালেই দেশৰ এক জনপ্ৰিয় কণ্ঠস্বৰত পৰিণত হয়। এক দশকৰো অধিক সময় তেওঁ নিশা ৯ বজাৰ প্ৰাইম টাইম ডিডি নিউজ বুলেটিনত নিয়মীয়া আছিল। ডিডিত ৩০ বছৰতকৈও অধিক সময় কাম কৰিছিল।৮ তেওঁৰ সমসাময়িক আছিল নীতি ৰবিন্দ্ৰন, শম্মি নাৰং৩ আৰু ৰিনি চাইমন। শুকুৰবাৰে নিশা অল ইণ্ডিয়া ৰেডিঅ'ত ইংৰাজী গীতৰ অনুৰোধ লোৱা জনপ্ৰিয় অনুষ্ঠান 'এ ডেট উইথ ইউ' আয়োজন কৰিছিল।২ ডিডি এৰি যোৱাৰ পাছত তেওঁ কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চিআইআই)ৰ কৰ্পৰেট যোগাযোগ বিভাগত কাম কৰাৰ পাছত অলাভজনক বিশ্ব বন্যপ্ৰাণী পুঁজি প্ৰকৃতিৰ বাবে যোগদান কৰে।৯
বঁটা
আয়াৰে চাৰিবাৰকৈ শ্ৰেষ্ঠ এংকৰৰ বঁটা লাভ কৰে। ১৯৮৯ চনত তেওঁ অসাধাৰণ মহিলাৰ বাবে ইন্দিৰা গান্ধী প্ৰিয়াদৰ্শিনী বঁটাও লাভ কৰে।২
তথ্যসূত্ৰ
- ↑ Khadpekar, Nirmala. (29 July 2020). The Name as Family - Forever and Ever. LinkedIn Pulse
- ↑ (2023-06-07). Gitanjali Aiyar, popular Doordarshan news anchor, passes away. Hindustan Times
- ↑ (2023-06-07). Gitanjali Aiyar, Doordarshan’s legendary voice in English news, dies. The Indian Express
- ↑ (2023-06-08). Award winning Doordarshan anchor Gitanjali Aiyar no more. The Economic Times
- ↑ Gitanjali Aiyar, Award-Winning Doordarshan Anchor, Dies. NDTV.com
- ↑ (8 June 2023). Gitanjali Aiyar's Cause of Death: Award-Winning Doordarshan Anchor dies at 71. Janbharat Times
- ↑ Gitanjali Aiyar passes away: 10 things to know about the legendary news anchor. Deccan Herald
- ↑ Prominent TV presenter Gitanjali Aiyar passes away. India Today
- ↑ Kumar, Anuj. (2023-06-07). Gitanjali Aiyar, popular Doordarshan news anchor, passes away. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতাঞ্জলি আয়াৰ” প্ৰবন্ধৰ সংশোধন ৫৯৪২২৩ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।