গুম্মাদি সন্ধ্যা ৰাণী: Gummadi Sandhya Rani, অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ।১ তেলেগু দেশম পাৰ্টিৰ সদস্য। পাৰ্বতীপুৰম মান্যম জিলা নামেৰে নামাকৰণ কৰা পূৰ্বৰ বিজিয়ানগৰ জিলাৰ ছালুৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।২ ২০২৪ চনৰ অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত তেওঁ জয়লাভ কৰে।৩ ২০২৪ চনৰ জুন মাহত তেওঁক চতুৰ্থখন এন চন্দ্ৰবাবু নাইডু মন্ত্ৰালয়ত নিযুক্তি দিয়া হয়।৪৫
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সন্ধ্যা ৰাণীৰ ঘৰ ভিজিয়ানগৰ জিলাৰ ছালুৰত। তেওঁ জয়কুমাৰক বিয়া কৰাইছিল। তেওঁৰ শিক্ষাগত অৰ্হতা বিজ্ঞানৰ স্নাতক।৬
ৰাজনৈতিক জীৱন
২০০৯ চনৰ অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত সন্ধ্যা ৰাণীয়ে প্ৰথমে পূৰ্বৰ বিজিয়ানগৰ জিলাৰ ছালুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজন্না ডোৰা পীদিকাৰ হাতত ১৬৫৬ টা ভোটৰ সংকীৰ্ণ ব্যৱধানত পৰাস্ত হৈছিল।৭ ২০২৪ চনৰ অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত টিডিপিৰ টিকটত একেখন আসনৰ পৰাই ৱাইএছআৰচিপিৰ পীদিকা ৰাজনা ধোৰাক ১৩,৭৩৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়ী হয়।৮৯
তথ্যসূত্ৰ
- ↑ (2024-06-05). AP Election Results 2024 LIVE: TDP in the Lead Check District-wise Results of Andhra Pradesh Lok Sabha Elections at results.eci.gov.in. Jagranjosh.com
- ↑ (2024-06-05). AP Election Results 2024 LIVE: TDP in the Lead Check District-wise Results of Andhra Pradesh Lok Sabha Elections at results.eci.gov.in. Jagranjosh.com
- ↑ (2024-06-05). AP Election Results 2024 LIVE: TDP in the Lead Check District-wise Results of Andhra Pradesh Lok Sabha Elections at results.eci.gov.in. Jagranjosh.com
- ↑ (2024-06-12). Andhra Pradesh Cabinet Ministers List 2024: Pawan Kalyan, Nara Lokesh among 24 ministers in Chandrababu Naidu's Cabinet. The Indian Express
- ↑ (2024-06-12). Chandrababu Naidu's Cabinet: 17 fresh faces among 25 ministers, here's full list. India Today
- ↑ Gummidi Sandhya Rani(TDP):Constituency- SALUR (ST)(VIZIANAGARAM) - Affidavit Information of Candidate. myneta.info
- ↑ IndiaVotes AC Summary: Salur 2009. IndiaVotes
- ↑ Salur, Election Result 2024 Live: Winning And Losing Candidates & Parties, 2019 vs 2024 Results, Voting Percentage, Exit Polls-News18 Assembly Election 2024 Result News. www.news18.com
- ↑ Salur Lok Sabha Election 2024 Live: Get Salur Lok Sabha Election Results and Candidate List. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুম্মাদি সন্ধ্যা ৰাণী” প্ৰবন্ধৰ সংশোধন ৫০৮৭২২ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।