গাৰ্গী গুপ্তা (Gargi Gupta) ভাৰতৰ কলকাতাত মুখ্য কাৰ্যালয় থকা পূব ভাৰতৰ দৃষ্টিশক্তিহীন, অক্ষম আৰু অভিভাৱকহীন শিশুৰ বাবে উৎসৰ্গিত বহু ইউনিটযুক্ত অলাভজনক সংস্থা Voice Of World (NGO)ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক।
জীৱন
গুপ্তাৰ জন্ম হৈছিল পশ্চিম বংগত। কলকাতাত স্কুলীয়া শিক্ষা শেষ কৰি ভাৰতীয় ৰেলৱেত যোগদান কৰে। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত মহানগৰীৰ ৰাজপথৰ দৰিদ্ৰ ল'ৰা-ছোৱালীবোৰৰ অৱস্থাৰ সৈতে তেওঁৰ প্ৰথম পৰিচয় হৈছিল।
ৰ হাতৰপৰা নাৰী শক্তি পুৰস্কাৰ গ্ৰহণ কৰা অৱস্থাত গুপ্তা।]]
উত্তৰ কলকাতাৰ পিতৃৰ ভাড়াঘৰত ছটা শিশুৰ পৰিচালনাৰে তেওঁ এই কাম আৰম্ভ কৰিছিল। ২০১৮ চনলৈ এই সংখ্যা হৈছিলগৈ ৩০০ জন। ১ এইটোৱেই আছিলএই ধৰণৰ ব্যক্তিগতভাৱে পৰিচালিত সংস্থা। ভইচ অৱ ৱৰ্ল্ডে ১৯৯৮ চনত প্ৰবীৰ গুপ্তাৰ আন এটা ঘৰত দক্ষিণ কলকাতা কেন্দ্ৰ আৰম্ভ কৰিছিল। আৱাসিক কিণ্ডাৰগাৰ্টেন স্কুল, ব্ৰেইল প্ৰেছ আৰু পুথিভঁৰালৰো ইয়াতেই ব্যৱস্থা কৰা হৈছিল।
তেওঁৰ সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২০১৮ চনৰ ৮ মাৰ্চত নাৰী শক্তি (মহিলা সবলীকৰণ) বঁটাৰে সন্মানিত কৰে।
চেৰিটি
ভইচ্ অৱ ৱৰ্ল্ডৰ দ্বাৰা পৰিচালিত এই শিশুসকল অনাথ বা অসুবিধাজনক পৰিয়ালৰ আছিল। বিনামূলীয়া শিক্ষাৰ লগতে তেওঁলোকক পৰ্বতাৰোহণ আৰু ট্ৰেকিংকে ধৰি বিভিন্ন খেলৰ অভিজ্ঞতা প্ৰদান কৰা হৈছিল। ২ ২০১৮ চনত তেওঁ বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে উপকূলীয় ভ্ৰমণৰ এক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। এই শিশুসকলৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ আৰু তেওঁৰ বেচৰকাৰী সংস্থাই এইসকলৰ পুনৰ্বাসনৰ যত্ন লয়, বিশেষকৈ দৃষ্টিশক্তিহীন ছোৱালীৰ বিশেষ যত্ন লোৱা হয়। ৩ ৪
উল্লেখযোগ্য কাম
- ১৯৯২ চনত তেওঁ ‘ভইচ অৱ ৱৰ্ল্ড’ এন জি অ’ প্ৰতিষ্ঠা কৰে যিয়ে পূব ভাৰতৰ দৃষ্টিহীন আৰু অক্ষম অনাথ শিশুৰ বাবে কাম কৰে। ৫
- ১৯৯৭ চনত ৩০০জন আৱাসিক আৰু ৩০০০জন অনাৱাসিক হিতাধিকাৰীৰ বাবে আৱাসিক সুবিধা আৰম্ভ কৰা হয়। ৫
- ২০০১ চনত বাংলা শব্দৰ নথিপত্ৰসমূহ ব্ৰেইললৈ স্থানান্তৰ কৰিবলৈ অনুবাদ চফ্টৱেৰ বিকশিত কৰে। ৫
- উচ্চ শিক্ষা গ্ৰহণ কৰা দৃষ্টিশক্তিহীন মহিলাসকলৰ বাবে ঋষ্ৰাত এটা ঘৰ স্থাপন কৰে। ৫
- তেওঁৰ এন জি অ'ই শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় চলায় য'ত প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰীসকলে বৃত্তি লাভ কৰে।৫
বঁটা আৰু সন্মান
- ৮ মাৰ্চ ২০১৮: নাৰী শক্তি পুৰস্কাৰ, ভাৰতৰ মহিলাৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ অসামৰিক বঁটা। ৬ ৭
বাহ্যিক সংযোগসমূহ
তথ্যসূত্ৰ
- ↑ (12 March 2018). নাৰীদিবসে বিৰল সম্মান কলকাতাৰ! আলো দেখালেন এই বাঙালি নাৰী
- ↑ (1 February 2015). পৰ্বতাৰোহন কৰছেন পশ্চিমবঙ্গেৰ দৃষ্টিহীন শিক্ষাৰ্থীৰা
- ↑ (12 March 2018). Made in heaven: Two love stories deeper than what meets the eyes - Times of India. The Times of India
- ↑ (12 March 2018). দৃষ্টিহীন দুই বন্ধুৰ বিয়ে দেখল কলকাতা
- ↑ Ministry of Women and Child Development Nari Shakti Awardees 2017
- ↑ (7 March 2018). Infographic: Nari Shakti Puraskar - Times of India. The Times of India
- ↑ (7 March 2018). Maharashtra's Sindhutai Sapkal, Urmila Apte to be honoured with Naari Shakti 2017 awards
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাৰ্গী গুপ্তা” প্ৰবন্ধৰ সংশোধন ৪৭৬৫১৯ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।