গোপালচন্দ্ৰ মুখোপাধ্যায়১, জনপ্ৰিয়ভাৱে গোপাল পাঁঠা (Gopal Patha বা Gopal Pantha) নামেৰে জনাজাত, এগৰাকী ভাৰতীয় ব্যৱসায়ী আছিল। ১৯৪৬ চনৰ কলিকতা দাঙ্গাৰ সময়ত হিন্দুসকলক সুৰক্ষা দিবলৈ তেওঁ ভাৰতীয় জাতীয় বাহিনী নামৰ এটা সশস্ত্ৰ গোট গঠন কৰিছিল।২৩৪৫৬৭
প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন
কলিকতাৰ বৌবজাৰৰ মলঙ্গা লেনত এটি বঙালী হিন্দু পৰিয়ালত গোপালৰ জন্ম হৈছিল।৫ তেওঁ আছিল বিপ্লৱী অনুকূল চন্দ্ৰ মুখোপাধ্যায়ৰ ভাগিন।৮ শৈশৱতে তেওঁ ‘পাঁঠা’ উপনাম লাভ কৰিছিল, কিয়নো তেওঁৰ পৰিয়ালে সেই সময়তকলেজ ষ্ট্ৰীটত মাংসৰ দোকান এখন চলাইছিল।৬৯ ডাঙৰ হৈ তেওঁ মাংসৰ দোকানখন চলোৱাৰ দায়িত্ব ল’লে। ব্যৱসায়ৰ অংশ হিচাপে নিয়মিতভাৱে মুছলমান ব্যৱসায়ীসকলৰ সৈতে তেওঁৰ যোগাযোগ আছিল।১০ ইতিহাসবিদ সন্দীপ বন্দ্যোপাধ্যায়ৰ মতে গোপালে মুছলমানসকলৰ বিৰুদ্ধে কোনো ধৰণৰ তিক্ততা প্ৰকাশ কৰা নাছিল।১০
শেষ জীৱন
১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে মুছলিম লীগে পাকিস্তান নিৰ্মাণৰ বাবে ঘোষণা কৰা প্ৰত্যক্ষ সংগ্ৰাম দিৱসৰ দিনা কলিকতা দাঙ্গাৰ সময়ত বহুতে গোপাল আৰু তেওঁৰ ভাৰতীয় জাতীয় বাহিনীক উদ্ধাৰকাৰী আৰু নায়ক বুলি অভিহিত কৰিছিল।১১ তেওঁৰ শেষ জীৱনকালত গোপালে এগৰাকী সমাজ কৰ্মীৰূপে নেচনেল ৰিলিফ চেণ্টাৰ ফৰ ডিষ্টিটিউটছ নামৰ এটি দাতব্য সংস্থা চলাইছিল। তেওঁ নিজ অঞ্চলত এটি বাৰ্ষিক কালী পূজাৰ আৰম্ভ কৰিছিল। প্ৰতি বছৰে কালী পূজাৰ সময়ত তেওঁৰ দ্বাৰা আৰম্ভ কৰা বিখ্যাত পূজাখন চাবলৈ কলিকতালৈ বহু লোকৰ সমাগম ঘটে।১২ ২০১৪ চনত হিন্দু সংহতিয়ে গোপাল পাঁঠাৰ শতবাৰ্ষিকী উদ্যাপন কৰে।১৩
তথ্যসূত্ৰ
- ↑ ৪৬-'ৰ ‘গ্ৰেট কলকাতা কিলিং’ একাই ৰুখে দিয়েছিলেন গোপাল পাঁঠা, কে তিনি?
- ↑ Mazumdar, Jaideep. Remembering Gopal Mukherjee, The Braveheart Who Saved Calcutta In 1946. Swarajyamag
- ↑ (2022-11-11). Gopal Mukherjee: The man who led Hindu resistance and saved Calcutta from falling into Pakistani hands. Firstpost
- ↑ गोपाल मुखर्जी - विभाजन के दौरान बंगाल के हिंदुओं का रक्षक. Voice of Hinduism - Hinduism book in PDF · Latest news · History · Religion ·
- ↑ Das, Suranjan. (1994). The 'Goondas': Towards a Reconstruction of the Calcutta Underworld through Police Records. Economic and Political Weekly. পৃ. 2879
- ↑ Whitehead, Andrew. (July 1, 1997). Duty does not permit repentance - The Butchers of Calcutta. Indian Express
- ↑ Sengupta, Debjani. (2006). A City Feeding on Itself: Testimonies and Histories of 'Direct Action' Day. SARAI
- ↑ Bandyopadhyay, Sandip. (2010). ইতিহাসেৰ দিকে ফিৰে ছেচল্লিশেৰ দাঙ্গা (Itihasher Dike Fire Chhechallisher Danga). Radical. পৃ. 58. ISBN 978 - 81 85459-07-3
- ↑ Khan, Yasmin. (2007). The Great Partition: The Making of India and Pakistan. Yale University Press. পৃ. 66. ISBN 0-300-12078-8
- ↑ (18 August 2014). Celebrating the centenary of a "divisive" figure. The Hindu
- ↑ (2021-04-23). The Lionhearted Gopal 'Patha' Who Saved Calcutta & Bengali Hindus From Jinnah's Direct Action Day Genocide. Kreately
- ↑ (October 25, 2003). Howrah keeps alive ‘tantrik’ puja tradition. Times of India
- ↑ (2014-08-17). Celebrating the centenary of a “divisive” figure. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোপালচন্দ্ৰ মুখোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৬০৫৪৪৮ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।