গীতাঞ্জলি লাল ( Geetanjali Lal; জন্ম: গীতাঞ্জলি দেশাই; ৫ নৱেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। কথকৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০০৭ চনত তেওঁক সংগীত নাটক একাডেমী বঁটাৰে পুৰস্কৃত কৰা হয়।১
কৰ্মজীৱন
২০০৯ চনৰ পৰা ২০১২ চনলৈকে তেওঁ কথক কেন্দ্ৰৰ ৰেপাৰ্টৰীৰ মুৰব্বী আৰু সঞ্চালকৰ পদত অধিষ্ঠিত হৈ আছিল। তেওঁ দূৰদৰ্শন আৰু নতুন দিল্লীৰ ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনৰ শীৰ্ষ পৰ্যায়ৰ শিল্পী।২
কথকত গীতাঞ্জলিৰ অভিনয় আৰু জয়পুৰ ঘৰানাৰ অন্যান্য বৈশিষ্ট্য, যেনে লয়কাৰী, জটিল ছন্দৰ আৰ্হিৰ পদ সঞ্চালনৰ বাবে সুপৰিচিত। ২০০১ চনত গীতাঞ্জলি লালে কচ্ছৰ কৰুণ ভূমিকম্প, নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ যুগ্ম টাৱাৰত আক্ৰমণ আৰু অমিতাভ বচ্চন অভিনীত জনপ্ৰিয় টিভি কুইজ শ্ব' ‘কৌন বনেগা ক্ৰোৰপতি’ ওপৰত আধাৰিত নিজৰ কল্পনাপ্ৰসূত কৰিঅ’গ্ৰাফীৰে দৰ্শকক সন্মোহিত কৰিছিল।৩
গীতাঞ্জলিয়ে প্ৰভাত মুখাৰ্জীৰ কাশ্মিৰী পূৰ্ণদৈৰ্ঘ্য ছবি ‘শায়েৰ-এ-কাশ্মীৰ মজহুৰ’ত (১৯৭২) অভিনেতা বলৰাজ সাহানী, পৰীক্ষিত সাহনী, প্ৰাণৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৪৫
সন্মান
- ২০০৭: সংগীত নাটক একাডেমী বঁটা (কথক)৬
তথ্যসূত্ৰ
- ↑ Dance bonds this saas, bahu. www.tribuneindia.com. The Tribune, Chandigarh, India - Ludhiana Stories
- ↑ Kathak Guru Vidushi Smt. Geetanjali Lal - Apni Maati: Personality. spicmacay.apnimaati.com
- ↑ Welcome to High Commission of India, Colombo, Sri Lanka. hcicolombo.gov.in
- ↑ Shair-E-Kashmir Mahjoor (1972) Cast - Actor, Actress, Director, Producer, Music Director. Cinestaan
- ↑ Naidu, Jaywant. (12 March 2017). Dance helps the mind and body. www.thehansindia.com
- ↑ President presents Akademi awards to 34 artists. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতাঞ্জলি লাল” প্ৰবন্ধৰ সংশোধন ৪৮৯৭৭৮ (৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।