গগনদীপ কাং এগৰাকী ভাৰতীয় চিকিৎসা বিজ্ঞানী। তেওঁ ভেলুৰত অৱস্থিত খ্ৰীষ্টান মেডিকেল কলেজৰ গেষ্ট্ৰইণ্টেষ্টিনেল বিজ্ঞানৰ অধ্যাপক আৰু বৰ্তমান ফৰিদাবাদত অৱস্থিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ অন্তৰ্গত জৈৱপ্ৰযুক্তিবিদ্যা বিভাগৰ ট্ৰেন্সলেছন হেলথ্ চাইন্স এণ্ড টেকনলজি ইনষ্টিটিউটৰ কাৰ্যকৰী সঞ্চালক।১ তেওঁ মুখ্যতঃ শিশুৰ ভাইৰেল ইনফেক্সন আৰু ৰেট্ৰ'ভাইৰেল টীকাৰ ওপৰত গৱেষণাৰ বাবে বিখ্যাত। তেওঁ ৰেট্ৰ'ভাইৰাচৰ প্ৰাকৃতিক ইতিহাস আৰু অন্যান্য সংক্ৰমণৰ ওপৰত কৰা গৱেষণাৰ স্বীকৃতি স্বৰূপে ২০১৬ চনত তেওঁ জীৱ বিজ্ঞানৰ ইন'ফচিছ প্ৰাইজ লাভ কৰিছিল।১
২০১৯ চনত তেওঁ যুক্তৰাজ্যৰ বিখ্যাত বৈজ্ঞানিক প্ৰতিষ্ঠান ৰয়েল ছচাইটি অফ লণ্ডনৰ ফেল' বা সদস্যপদ লাভ কৰে। এই একাডেমীৰ ৩৫৯ বছৰীয়া ইতিহাসত ফেলশ্বিপ লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় মহিলা।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Infosys Prize - Laureates 2016 - Prof. Gagandeep Kang. www.infosys-science-foundation.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গগনদীপ কাং” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৪২ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।