অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গোমতী ছাই

গোমতী ছাই (Gomati Sai, ২৫ মে' ১৯৭৫) ছত্তীশগড়ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ৰায়গড়ৰ পৰা সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ যশপুৰ জিলাৰ অনুসূচিত জনজাতি জনগোষ্ঠীৰ বাবে সংৰক্ষিত পাথোলগাঁও বিধান সভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।

হালনাগাদ: ১৬ ফেব্ৰুৱাৰী ২০২৫ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গোমতী ছাই (Gomati Sai, ২৫ মে' ১৯৭৫) ছত্তীশগড়ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ৰায়গড়ৰ পৰা সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ যশপুৰ জিলাৰ অনুসূচিত জনজাতি জনগোষ্ঠীৰ বাবে সংৰক্ষিত পাথোলগাঁও বিধান সভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।

প্ৰাথমিক জীৱন আৰু শিক্ষা

ছত্তীশগড়ৰ যশপুৰ জিলাৰ কুংকুৰিত গোমতী ছাইয়ে জন্মলাভ কৰিছিল। তেওঁৰ পিতৃৰ নাম শুভ সাৰণ সিং আৰু মাতৃ হৈছে বসন্তী বাই। ১৯৯১ চনত নিৰঞ্জন সাইৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। ৰাইপুৰৰ ছত্তীশগড় ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পৰা মুকলি বিদ্যালয়ৰ ধাৰাৰে তেওঁ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হয়।১

কৰ্মজীৱন

২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হিচাপে ছত্তীশগড়ৰ ৰায়গড়ৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ তেওঁ নিৰ্বাচিত হৈছিল।২৩৪

তথ্যসূত্ৰ

  1. ↑ Gomati Sai(Bharatiya Janata Party(BJP)):Constituency- PATHALGAON (ST)(JASHPUR) - Affidavit Information of Candidate. myneta.info
  2. ↑ (23 May 2019). List of Chhattisgarh Lok Sabha Election 2019 winners. Zee News
  3. ↑ (29 April 2019). Raigarh (Chhattisgarh) Election 2019. Times Now
  4. ↑ (23 May 2019). Raigarh Lok Sabha Chunav Result 2019: BJP की गोमती साई ने लहराया परचम, मंत्री का टिकट कटने पर मिला था मौका. AajTak

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোমতী ছাই” প্ৰবন্ধৰ সংশোধন ৪৭৮২৯৩ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।