গুৰুবাই কৰ্মৰকাৰ (Gurubai Karmarkar; মৃত্যু ১৯৩২) ১৮৮৬ চনত পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা।১
চিকিৎসা জীৱন

চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰি ১৮৯৩ চনত গুৰুবাই কৰ্মৰকাৰ ভাৰতলৈ উভতি আহে। ভাৰতৰ বম্বেত থকা খ্ৰীষ্টান প্ৰতিষ্ঠান আমেৰিকান মাৰাঠী মিছনত ২৩ বছৰ কাম কৰিছিল।১ তেওঁৰ চিকিৎসাৰ কাম মূলতঃ ভাৰতীয় জাতি ব্যৱস্থাৰ আটাইতকৈ বঞ্চিত সদস্যসকলৰ ওপৰত কেন্দ্ৰিত আছিল। তেওঁৰ চৰ্চাত এটা বিশিষ্ট গোট আছিল সকলো জাতিৰ মহিলা।২ মহিলা পৰিচালন সমিতিলৈ লিখা এখন পত্ৰত ডাঃ কৰ্মৰকাৰে বিগত দিনত তেওঁ চিকিৎসা কৰা দুগৰাকী "কিশোৰ পত্নী"ৰ কাহিনীৰ বিষয়ে উল্লেখ কৰিছে৷কিশোৰী দুগৰাকীয়ে তেওঁলোকৰ স্বামী আৰু শহুৰেকৰ পৰা অত্যাচাৰৰ সন্মুখীন হৈছিল। প্ৰথম কিশোৰী পত্নীক পলাই যোৱাৰ পৰা ৰাখিবলৈ তেওঁৰ ভৰিত ব্ৰেণ্ড কৰা হৈছিল। দ্বিতীয় পত্নীগৰাকী অপুষ্টিত আক্ৰান্ত আছিল আৰু তীব্ৰ জ্বৰত আক্ৰান্ত হৈছিল। ডাঃ কৰ্মৰকাৰে এই দুটা কাহিনী আমেৰিকা যুক্তৰাষ্ট্ৰত থকা তেওঁৰ সমনীয়াসকলৰ আগত ভাৰতীয় মহিলাৰ দুৰ্দশাৰ বিষয়ে বৰ্ণনা কৰাৰ এক উপায় হিচাপে ব্যৱহাৰ কৰিছিল।৩
কৰ্মৰকাৰ ভাৰতত ৱাইডব্লিউচিএৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য আছিল।
তথ্যসূত্ৰ
- ↑ Ramanna. (2012). Ramanna, Mridula. Health Care in Bombay Presidency, 1896-1930. Primus Books: 2012. page 138-139. ISBN 9789380607245
- ↑ Missions. (1915). Annual report - American Board of Commissioners for Foreign Missions
- ↑ Boston. (1896). Life and light for woman
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৰুবাই কৰ্মৰকাৰ” প্ৰবন্ধৰ সংশোধন ৪৮৫১৬৫ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।