জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কুন্দাৰ ভকত
কুন্দাৰ ভকত (১৮-১৯ শতিকা) মোৱামৰীয়া সম্প্ৰদায়ৰ কৈৱৰ্তকুলীয়া ভকত আছিল। প্ৰকৃত নাম আছিল লাইমন। কিন্তু কাঠ কুন্দত দিয়া কামত পাকৈত আছিল বাবে কুন্দাৰ ভকত বুলি জনাজাত হৈছিল। মোৱামৰীয়া দমনৰ সময়ত পলাই গৈ ডিব্ৰুগড়ৰ গিনিচুক নামে ঠাইত থাকিবলৈ লয়। তাতে নিজকুলৰ মানুহক শৰণ-ভজন দিয়াৰ অধিকাৰ পায়।
-
কুমুদ গোস্বামী
কুমুদ গোস্বামী এগৰাকী অসমীয়া গল্পকাৰ, সম্পাদক আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব। ষাঠিৰ দশকত গল্প, কবিতা আৰু উপন্যাসেৰে সাহিত্য চৰ্চা আৰম্ভ কৰা কুমুদ গোস্বামী শেষৰ ফালে গল্পকাৰ ৰূপে বিশেষ পৰিচিতি লাভ কৰে। ১৯৪৮ চনত কামৰূপ জিলাৰ পলাশবাৰীত কুমুদ গোস্বামীৰ জন্ম হৈছিল।
-
কুমুদিনী হাজং
কুমুদিনী হাজং (১৯২৯/১৯৩০ – ২৩ মাৰ্চ ২০২৪) এজনী বাংলাদেশী হাজং বিপ্লৱী, আদিবাসী আৰু ধৰ্মনিৰপেক্ষ অধিকাৰ কাৰ্যকৰ্তা আছিল। তেওঁ ব্ৰিটিছ ৰাজৰ সময়ছোৱাত হোৱা টঙ্ক আন্দোলনত অংশগ্ৰহণৰ বাবে পৰিচিত। তেওঁ ২০১৯ চনত সমাজ কল্যাণত অৱদানৰ বাবে বাংলা একাডেমি ফেলোশ্বিপ লাভ কৰে।
-
কুম্বকোনম কে ভানুমতী
কুম্বকোনম কে ভানুমতী ( Kumbakonam K. Bhanumathi; ১৯২২–২০০৬) তামিলনাডুৰ কুম্বকোনমৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী। ১৯৭৩ চনত ভাৰতনাট্যমৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
-
কৃপানাথ মল্লাহ
কৃপানাথ মল্লাহ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অসমৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা সংসদ হিচাপে লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।তেওঁ ভাৰতীয় জনতা পাৰ্টি ৰাজনীতি দলৰ এজন সদস্য।
-
কৃষ্ণ ভূঞা
কৃষ্ণ ভূঞা অসমৰ এগৰাকী গল্পকাৰ৷ তেখেত আৱাহন যুগৰ প্ৰধান গল্পকাৰসকলৰ মাজৰ এজন আছিল৷
-
কৃষ্ণকান্ত গগৈ হাতীবৰুৱা
কৃষ্ণকান্ত গগৈ হাতীবৰুৱা (১৯-২০ শতিকা)ৰ শিৱসাগৰ[[ অঞ্চলৰ ব্যক্তি। ১৮৮৩ চনত [[কলিকতা[[ত হোৱা শিল্প প্ৰদৰ্শনীত নিজৰ আৱিষ্কৃত [[মুগা কাপোৰ বোৱা যন্ত্ৰ সাজি প্ৰদৰ্শন কৰিছিল। পিছলৈ চহ বাগিচাৰ মালিক হৈছিল।
-
কৃষ্ণা দেৱনাথ
কৃষ্ণা দেৱনাথ (: Krishna Debnath কৃষ্ণ দেৱনাথ; জন্ম: ১০ অক্টোবৰ ১৯৫৫) বাংলাদেশৰ সৰ্বোচ্চ আদালত আপীল বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত বাংলাদেশী ন্যায়াধীশ। বাংলাদেশৰ প্ৰথম হিন্দু মহিলা বিচাৰক আছিল তেওঁ। ইয়াৰ উপৰিও তেওঁ উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগৰ বাংলাদেশৰ প্ৰথম হিন্দু মহিলা ন্যায়াধীশ।
-
কে এছ সৌন্দৰাম
কে এছ সৌন্দৰাম (K S Soundaram; জন্ম-২ জুন ১৯৪৬) সৰ্বভাৰতীয় আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ এগৰাকী কবি, গৱেষক আৰু ৰাজনীতিবিদ৷ তেওঁ দশম লোকসভাত তিৰুচেংগোড়ক প্ৰতিনিধিত্ব কৰিছিল।
-
কে'ট উল্ফ
কে'ট উল্ফ (ইংৰাজী: Kate Wolf; জন্ম: ২৭ জানুৱাৰী, ১৯৪২ – ১০ ডিচেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান লোক-গায়িকা আৰু গীতিকাৰ। তেওঁৰ জন্ম নাম হৈছে কেথৰিন লুইছ এলেন (Kathryn Louise Allen)৷ তেওঁৰ কেৰিয়াৰ তুলনামূলকভাৱে চুটি আছিল যদিও লোক-সংগীতৰ জগতত তেওঁ যথেষ্ট প্ৰভাৱ পেলাইছিল।
-
কেচাৰিন চাইচালামপল
কেচাৰিন চাইচালামপল (থাই: เกศรินทร์ ชัยเฉลิมพล; Ketsarin Chaichaloemphon) এগৰাকী থাই প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে বহুতো ছদ্মনামেৰে অভিনয় কৰিছে। বিশেষকৈ নং নাট (น้องแนท; Nong Naet) আৰু নাট চানাপা (แนท ชนาภา; Naet Chanapha) নামেৰে জনাজাত। তেওঁৰ আট-ন বছৰ বয়সত পিতৃৰ মৃত্যু হয়।
-
কেণ্ডিচ পিন্টো
কেণ্ডিচ পিণ্টো (Candice Pinto; জন্ম: ১২ মাৰ্চ ১৯৮১) এগৰাকী ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে মিছ ট্যুৰিজম ইণ্টাৰনেশ্যনেল ২০০১ খিতাপ জয় কৰিছিল।
-
কেণ্ডিচ বুচাৰ
কেণ্ডিচ বুচাৰ (ইংৰাজী: Candice Boucher) এগৰাকী দক্ষিণ আফ্ৰিকান মডেল আৰু অভিনেত্ৰী। ২০১০ চনত বুচাৰ প্লেবয় আৰু স্পৰ্টছ ইলাষ্ট্ৰেটেড আলোচনীৰ বেটুপাতত স্থান লাভ কৰিছিল। ২০১১ চনত তেওঁ বলিউডৰ ছবি আজানত অভিনয় কৰিছিল।
-
কেৰী উইলিয়ামছ ক্লিফৰ্ড
কেৰী উইলিয়ামছ ক্লিফৰ্ড (Carrie Williams Clifford) আছিল এগৰাকী লেখিকা, ক্লাব মহিলা আৰু আমেৰিকাৰ মহিলা অধিকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।
-
কৈলাশ নাথ কাসুধন
কৈলাশ নাথ কাসুধন হৈছে নেপালৰ এজন ৰাজনীতিবিদ। ১৯৯৯ চনৰ নিৰ্বাচনত নেপালী কংগ্ৰেছৰ হৈ প্ৰতিনিধি সভালৈ নিৰ্বাচিত হৈছিল।
-
কোয়েনা মিত্ৰ
কোয়েনা মিত্ৰা ( Koena Mitra; জন্ম: ৭ জানুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ২০০১ চনৰ মিছ ইণ্টাৰকণ্টিনেণ্টেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু শীৰ্ষ ১২ স্থান লাভ কৰিছিল।
-
কোল্লাংগুড়ী কৰুপ্পায়ী
কোল্লাংগুড়ী কৰুপ্পায়ী (১৯৩০;-২০১৭) আছিল এজন তামিল লোকগায়িকা, যিয়ে চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁক তামিল লোকসংগীতৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়; তেওঁ আন বহুতো লোকশিল্পীৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিছিল।
-
কোল্লাক্কাইল দেৱকী আম্মা
হেলনীয়া পাঠ্য'কোল্লাক্কাইল দেৱকী আম্মা (: Kollakkayil Devaki Ammaজন্ম প্ৰায় ১৯৩৪); এগৰাকী ভাৰতীয় মহিলা যিয়ে গাড়ী দুৰ্ঘটনাৰ পিছত ধান খেতি কৰিবলৈ বাধাগ্ৰস্থ হোৱাৰ ফলত ঘৰৰ ওচৰৰ পথাৰত গছ ৰুবলৈ ধৰিলে। উদ্যান শস্যৰ প্ৰতি থকা প্ৰেম তেওঁৰ ককা দেউতাকৰ পৰা অনুপ্ৰাণিত হৈছিল।
-
কোহিৰাম দাস
কোহিৰাম দাস (Kuhiram Das) এজন শিক্ষাবিদ, সমাজসেৱক, মুক্তি যুঁজাৰু, লিখক আৰু অভিধান প্ৰণেতা আছিল।
-
কৌটিল্য পণ্ডিত
কৌটিল্য পণ্ডিত হাৰিয়ানাৰ কাৰ্ণাল জিলাৰ কোহাণ্ড গাঁৱৰ এক বিস্ময় বালক। তেওঁ বৰ্তমান হাৰিয়ানাৰ পঞ্চকুলাত পৰিয়ালসহ বাস কৰে।
-
ক্ৰকাছ চিটি হলত আক্ৰমণ
২০২৪ চনৰ ২২ মাৰ্চত মস্কোৰ পশ্চিম প্ৰান্তৰ ৰাছিয়াৰ ক্ৰাছনোগৰ্স্কৰ ক্ৰকাছ চিটি হলৰ সংগীত স্থানত সংঘটিত হৈছিল ক্ৰকাছ চিটি হল আক্ৰমণ। চাৰিজন বন্দুকধাৰীয়ে কনচাৰ্টলৈ যোৱা লোকসকলক লক্ষ্য কৰি সমন্বিতভাৱে গণ গুলীচালনা আৰু চেলেং আক্ৰমণ চলায়। লগতে জ্বলন্ত যন্ত্ৰ ব্যৱহাৰ কৰি সভাস্থলীত জুই লগাই দিয়ে।
-
ক্ৰান্তি গৌড়
ক্ৰান্তি গৌড় ( ইংৰাজী: Kranti Gaud; জন্ম: ১১ আগষ্ট ২০০৩) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত মধ্যপ্ৰদেশ আৰু মহিলা প্ৰিমিয়াৰ লীগত ইউ পি ৱাৰিয়ৰ্জক তেওঁ প্ৰতিনিধিত্ব কৰে।. ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলটোৰ তেওঁ প্ৰতিনিধি আছিল।
-
কৰুণা শুক্লা
কৰুণা শুক্লা (Karuna Shukla, ১ আগষ্ট ১৯৫০ – ২৭ এপ্ৰিল ২০২১) ভাৰতৰ চতুৰ্দশ লোকসভাৰ সদস্য আছিল।
-
খগেন্দ্ৰনাথ নাথ
খগেন্দ্ৰনাথ নাথ (২০ শতিকা)ৰ গোৱালপাৰা অঞ্চলৰ মানুহ। ভাৰতীয় মুক্তি আন্দোলনৰ তেওঁ অন্যতম যুঁজাৰু আছিল। তেওঁ ১৯২১ চনত বিদ্যালয় এৰি ভাৰতৰ স্বাধীনতাৰ বাবে অসহযোগ আন্দোলনত যোগ দিছিল। ইয়াৰ বাবে তেওঁ গ্ৰেপ্তাৰ হ'ব লগা হৈছিল।
-
খনিৰাম মিলি
খনিৰাম মিলি (Khaniram Mili; ১৯২৭-২০২৬) অসমৰ শিৱসাগৰ জিলাৰ এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী, লেখক আৰু কণ্ঠশিল্পী আছিল। ২০২৬ চনৰ ২১ জানুৱাৰী তাৰিখে তেওঁৰ ৯১ বছৰ বয়সত মৃত্যু হয়।
-
খামুন ৰাজমন্ত্ৰী ফুকন
খামুন ৰাজমন্ত্ৰী ফুকন আহোম ৰাজশাসনৰ ৰাজমন্ত্ৰী আছিল। তেওঁ আহোম ৰজাঘৰৰ নাওবৈচা ফুকন-ও আছিল। তেওঁৰ দুই জীয়ৰীৰ ডাঙৰ জনীক আহোম ৰজা জয়দ্ধজ সিংহই বৰকুঁৱৰী আৰু সৰুজনীক পৰ্বতীয়া কুঁৱৰী কৰি চপাই লৈছিল। সেই কাৰণতেই জয়দ্ধজ সিংহই খামুন ৰাজমন্ত্ৰী ফুকনক ৰাজমন্ত্ৰীও পাতিছিল।
-
খালিদা জাহিৰ
খালিদা জাহিৰ (১৯২৭–২০১৫), যাৰ বানান খালদা জাহিৰ, চুডানৰ প্ৰথম মহিলা চিকিৎসক আৰু মহিলা অধিকাৰ কৰ্মীসকলৰ ভিতৰত অন্যতম।
-
খীৰা মৰল
খীৰা মৰল(১৬-১৭ শতিকা)ৰ প্ৰকৃত নাম আছিল ক্ষীৰদ সিং চৌধুৰী। বৰপেটাৰ সুন্দৰীদিয়াত তেওঁৰ জন্ম হৈছিল। তেওঁৰ দেউতাক আছিল বিজয় সিংহ। তেওঁ সুন্দৰীদিয়া অঞ্চলৰ মণ্ডল থকা হেতুকে সকলোৱে তেওঁক খীৰা মৰল বুলিয়েই জানিছিল। খীৰা মৰল শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত শৰণ লৈছিল।
-
খৰচিং তেৰাং
খৰচিং তেৰাং(১৯০৬-১৯৫৫)ৰ জন্ম ডিফু চহৰৰ নিকটৱৰ্তী ৰংলংচ’ গাঁৱত। স্কুলীয়া শিক্ষাৰ ফালৰ পৰা গোলাঘাট এম.ভি.স্কুলৰ পৰা প্ৰথম মানতে শিক্ষা সাং কৰি খৰচিং তেৰাঙে ব্যৱসায় আৰম্ভ কৰে। তেওঁৰ পিতৃ আছিল চাৰইক। চাৰইক পেছাত মৌজাদাৰ আছিল। দেউতাকৰ মৃত্যুৰ পিছত খৰচিং তেৰাং দেউতাকৰ পদত অধিষ্ঠিত হয়।
-
গংগাৰাম দাস
গংগাৰাম দাস (১৮ শতিকা) সীতাৰ বনবাস নামৰ পদপুথিখনৰ ৰচক আছিল। তেওঁৰ ৰচিত আন এখন পুথি আছিল ‘সীতাৰ পাতাল গমন’ ।