গড়গঞা সন্দিকৈ ফুকন(?-১৬৯৫)ৰ প্ৰকৃত নাম আছিল চেংকাক। ল’ৰাৰজাৰ দিনত পূৰ্বৰ নেওগ পদপীৰ পৰা ফুকন হয়। গদাপাণি বা চ্যু-পাত-ফা তেওঁৰ প্ৰিয় ব্যক্তি আছিল আৰু তেওঁক সমৰ্থনো কৰিছিল। পলাই থকাৰ সময়ত তেওঁ গদাপাণিৰ লগত গোপনে যোগাযোগ ৰাখিছিল আৰু তেওঁৰ উদ্যোগতেই কলিয়াবৰৰ ৰাজ বিষয়াসকলে গদাপাণিক ৰজা পাতিছিল। ১৬৮২ চনত স্বৰ্গদেৱে তেওঁক বৰফুকন পাতে। গড়গঞা সন্দিকৈ ফুকন আহোমসকলৰ এজন দক্ষ বিষয়া আছিল। গুৱাহাটীৰ উমানন্দ শিৱমন্দিৰ স্থাপনত তেৱেঁই তত্বাবধান কৰিছিল ১।
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গড়গঞা সন্দিকৈ ফুকন” প্ৰবন্ধৰ সংশোধন ১১৩৭৯৫ (২ ফেব্ৰুৱাৰী ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।