অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অশোকা গুপ্তা

অশোকা গুপ্তা (Ashoka Gupta; ১৯১২ নৱেম্বৰ – ৮ জুলাই ২০০৮) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী আছিল। তেওঁ মহিলা সেৱা সমিতিৰ প্ৰতিষ্ঠাপক, সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সদস্য আৰু ইণ্ডিয়ান ছ'চাইটি ফৰ স্পনছৰশ্বিপ এণ্ড এডপচনৰ সভানেত্ৰী আছিল।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অশোকা গুপ্তা (Ashoka Gupta; ১৯১২ নৱেম্বৰ – ৮ জুলাই ২০০৮) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী আছিল।১ তেওঁ মহিলা সেৱা সমিতিৰ প্ৰতিষ্ঠাপক, সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সদস্য আৰু ইণ্ডিয়ান ছ'চাইটি ফৰ স্পনছৰশ্বিপ এণ্ড এডপচনৰ সভানেত্ৰী আছিল।২ নোৱাখালি গণহত্যাৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযানত অংশ লৈছিল।

প্ৰাথমিক জীৱন

কিৰণ চন্দ্ৰ সেন আৰু জ্যোতিৰ্ময়ী দেৱীৰ ঘৰত অশোকা গুপ্তাই জন্ম লৈছিল৷ তেওঁ ছয় সন্তানৰ ভিতৰত চতুৰ্থ আৰু দ্বিতীয় কন্যা সন্তান আছিল। ছয় বছৰ বয়সত তেওঁৰ দেউতাকৰ মৃত্যু হয় আৰু মাকে তেওঁক ডাঙৰ-দীঘল কৰে৷ তেওঁ কলকাতাৰ ছেইণ্ট মাৰ্গাৰেট স্কুলত পঢ়িছিল। মেট্ৰিক পৰীক্ষাত ছোৱালীৰ ভিতৰত তেওঁ প্ৰথম স্থান লাভ কৰিছিল। বেথুন কলেজৰ পৰা গণিত বিষয়ত সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। ২০ বছৰ বয়সত শৈবাল গুপ্তা নামৰ আই.চি.এছ. বিষয়াৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে।১

কৰ্মজীৱন

১৯৩৬ চনত গুপ্তাই ১৯২৭ চনত প্ৰতিষ্ঠা হোৱা সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সদস্য হয়। ১৯৪৩ চনৰ বংগ দুৰ্ভিক্ষৰ সময়ত বাংকুৰাত তেওঁ সাহায্য কামত অংশ লৈছিল। ১৯৪৫ চনত তেওঁ চট্টগ্ৰামলৈ গুচি যায় আৰু তাৰ পৰাই তেওঁৰ স্বামীৰ বদলি হয়।১ ১৯৪৬ চনত নোয়াখালি গণহত্যাৰ সময়ত তেওঁ এ আই ডব্লিউ চিৰ চিট্টাগং শাখাৰ হৈ সাহায্য কৰ্মীৰ এটা দলৰ নেতৃত্ব দিছিল৷ বিভাজনৰ পিছত তেওঁ স্বামীৰ সৈতে কলকাতালৈ গুচি যায়৷ বিভাজনৰ পিছত শৰণাৰ্থী পুনৰ্বাসন, শিশু সাক্ষৰতা আৰু গ্ৰাম্য মহিলা আৰু জনজাতীয় লোকৰ উত্থানত নিজকে নিয়োজিত কৰিছিল। ১৯৫৫ চনৰ পৰা ১৯৫৯ চনলৈকে পশ্চিম বংগ ৰাজ্যিক সমাজ কল্যাণ উপদেষ্টা ব’ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি তেখেতে ১৯৫৯ চনত বিধান চন্দ্ৰ ৰায় আৰু দুৰ্গাবাই দেশমুখৰ পৰামৰ্শ মতে গুপ্তা কেন্দ্ৰীয় সমাজ কল্যাণ ব’ৰ্ডৰ সদস্য হয়। ১৯৬৪ চনত তেওঁ বাঙালী হিন্দু শৰণাৰ্থী মানা আৰু দণ্ডকাৰ্যৰ অন্যান্য শিবিৰৰ মাজত সাহায্যমূলক কামত অংশগ্ৰহণ কৰে। ১৯৫৬ চনৰ পৰা ১৯৬৭ চনলৈকে ৰাজ্যিক আয়ুক্ত (গাইড) আৰু ১৯৬৮ চনৰ পৰা ১৯৭৪ চনলৈকে দ্য ভাৰত স্কাউটছ এণ্ড গাইডছৰ ৰাজ্যিক মুখ্য আয়ুক্ত আছিল। ১৯৪৮ চনৰ পৰা ১৯৫৩ চনলৈকে কলিকতা বিশ্ববিদ্যালয়ৰ চেনেটৰ ফেলো হিচাপে কৰ্মৰত ছাত্ৰীগৰাকীয়ে ১৯৫৬ চনৰ পৰা বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ সংগঠন বিভাগৰ সৈতে জড়িত হৈ আছিল।১৯৬৫ চনত বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদৰ সদস্য হৈছিল আৰু ১৯৭৩ চনলৈকে তাতেই আছিল।

সন্মান

মহিলা আৰু শিশুৰ কামৰ বাবে তেওঁৰ কামৰ স্বীকৃতি স্বৰূপে ২০০৭ চনত গুপ্তাক সন্মানীয় ডি.লিটৰ সন্মান প্ৰদান কৰা হয়। ২০০৭ চনত জামনালাল বাজাজ বঁটাও লাভ কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ (9 July 2008). Gandhian Ashoka Gupta dead. The Indian Express
  2. ↑ Sood, Saroj. From the Desk of Founder Secretary Mrs. Saroj Sood. Indian Society for Sponsorship and Adoption
  3. ↑ (2015). Jamnanal Bajaj Award. Jamnanal Bajaj Foundation

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতৰ মহিলা সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশোকা গুপ্তা” প্ৰবন্ধৰ সংশোধন ৪৮৭৬৯৬ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।