অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসমীয়া যুৱ উন্নয়ন পৰিষদ

অসমীয়া যুৱ উন্নয়ন পৰিষদ(ইংৰাজীত চমুকৈ AYDC) অসমৰ এক ছাত্ৰ সংগঠন।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২১ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

অসমীয়া যুৱ উন্নয়ন পৰিষদ(ইংৰাজীত চমুকৈ AYDC) অসমৰ এক ছাত্ৰ সংগঠন।

ইতিহাস

২০১৭ চনত তেজপুৰৰ মজিয়াত অসমীয়া যুৱ উন্নয়ন পৰিষদ গঠন হয়। ২০১৭ চনৰ আগষ্ট মাহৰ ১৬ তাৰিখত তেজপুৰত এক সাধাৰণ সভাৰ আয়োজন কৰা হয় আৰু এই সভা খনতেই অসমৰ যুৱ প্ৰজন্মৰ উন্নয়ন,বাল্য বিবাহ ৰোধ,শিশু শ্ৰমিক ৰোধ,শিক্ষাৰ দিশত সজাগতা আদি বিভিন্ন লক্ষ্য আগত ৰাখি অসমীয়া যুৱ উন্নয়ন পৰিষদ জন্ম দিয়া হয়। ২০১৮ চনৰ জানুৱাৰী মাহত সংগঠনটোৱে ইয়াৰ সংবিধান গ্ৰহণৰ দ্বাৰা আনুস্থানিক সংগঠন হিচাপে প্ৰতিষ্ঠা কৰে।

লক্ষ্য আৰু উদ্দেশ্যে

অসমীয়া যুৱ উন্নয়ন পৰিষদে ক্ৰমে সমাজৰ সকলো শ্ৰেণীৰ জনগণৰ সমস্যা সমাধান, অসমৰ বিদেশী সমস্যাৰ ৰোধ, বিদেশী অনুপ্ৰবেশকাৰী বন্ধ, বাল্য বিবাহ নিষিদ্ধ কৰণ, শিশু শ্ৰমিক বন্ধ, আৰ্থিক ভাৱে দুৰ্বল হৈ থকা মেধাৱী ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ সু-ব্যৱস্থা,সমাজত চলি থকা অসামাজিক কৰ্ম কলাপ ৰোধ কৰা, মাদকতাহীন সমাজ গঢ়ি তোলা আদি বিভিন্ন লক্ষ্য উদ্দেশ্য আগত ৰাখি কাম কৰি আছে।

তথ্যসূত্ৰ

  • Aydc Central committee. 22/05/2018

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া যুৱ উন্নয়ন পৰিষদ” প্ৰবন্ধৰ সংশোধন ২৯৭৬৬২ (১৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।