আন্তঃৰাষ্ট্ৰীয় তাত্বিক বিজ্ঞান কেন্দ্ৰ (ইংৰাজী ভাষা: International Centre for Theoretical Sciences) টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা স্থাপিত এটা বিজ্ঞান গৱেষণা কেন্দ্ৰ। এই কেন্দ্ৰৰ নিৰ্মীয়মান চৌহদ বেংগালুৰুৰ হেছাৰাঘাটা অঞ্চলত অৱস্থিত। ১এই গৱেষণা প্ৰতিষ্ঠানৰ স্থাপনৰ উদ্দেশ্য হৈছে উচ্চ শিক্ষা, প্ৰশিক্ষন আৰু গৱেষণাৰ বাবে সমল প্ৰতিষ্ঠান এটা সৃষ্টি কৰা। কেলিফ'ৰ্ণিয়াৰ ছান্টা বাৰবাৰাত অৱস্থিত কাৱলি ইনষ্টিউট ফৰ থিয়'ৰিটেকিল ফিজিক্স আৰু ইটালীৰ ট্ৰিয়েষ্টত অৱস্থিত আব্দুচ চালাম ইন্টাৰনেছনেল চেন্টাৰ ফৰ থিয়'ৰেটিকেল ফিজিক্সৰ আৰ্হিত এই গৱেষণা কেন্দ্ৰটি গঢ় দিয়া হৈছে। ২এই গৱেষণা কেন্দ্ৰটিৰ সঞ্চালক হিচাপে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পদাৰ্থবিজ্ঞানী স্পেন্ট্ৰা ৱাডিয়া কৰ্মৰত আৰু বৰ্তমান এই কেন্দ্ৰটিয়ে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত থকা ইয়াৰ অস্থায়ী চৌহদৰ পৰা কাম চলাই আছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Hunasavadi, Srikanth. (September 17, 2010). Bangalore now eyes India’s nano tech hub status. DNA India
- ↑ (October 29, 2008). Karnataka Govt gives 17.35 acres of land to TIFR. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তঃৰাষ্ট্ৰীয় তাত্বিক বিজ্ঞান কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৩৭৯৯২৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।