আকাদেমী ফ্ৰঁচেজ (Académie française, ), যাক ফৰাচী আকাদেমী বুলিও জনা যায়, হৈছে ফৰাচী ভাষা সম্পৰ্কীয় বিষয়সমূহৰ বাবে মুখ্য ফৰাচী পৰিষদ। ১৬৩৫ চনত ৰজা লুই ত্ৰয়োদশৰ প্ৰধানমন্ত্ৰী কাৰ্দিনাল ৰিশ্ব্যলিয়ৰ দ্বাৰা আধিকাৰিকভাৱে এই ‘আকাদেমী’ প্ৰতিষ্ঠা কৰা হৈছিল।১ ১৭৯৩ চনত ফৰাচী বিপ্লৱৰ সময়ত ইয়াক বিলুপ্ত কৰা হয় যদিও ১৮০৩ চনত নাপলেয়ঁ বনাপাৰ্তৰ দ্বাৰা এঁস্তিত্যু দ্য ফ্ৰঁচৰ এটা শাখা হিচাপে ইয়াক পুনৰুদ্ধাৰ কৰা হয়।১ এইটো ইনষ্টিটিউটৰ পাঁচখন ‘আকাদেমী’ৰ ভিতৰত আটাইতকৈ পুৰণি। এই গোটটোৰ কৰ্তব্য হৈছে ভাষাৰ ওপৰত এক চৰকাৰী কৰ্তৃপক্ষ হিচাপে কাম কৰা; ইয়াক ভাষাটোৰ এটা আধিকাৰিক অভিধান প্ৰকাশ কৰাৰ দায়িত্ব দিয়া হৈছে। ‘আকাদেমী’ ৪০ গৰাকী সদস্যক লৈ গঠিত, যিসকলক লেজ ইম্মৰ্তেল (les immortels, "অমৰসকল") বুলি জনা যায়।২ নতুন সদস্যসকলক আকাদেমীৰ সদস্যসকলৰ দ্বাৰাই নিৰ্বাচিত কৰা হয়। একাডেমীৰ সদস্যসকলে সাধাৰণতে আজীৱন পদত অধিষ্ঠিত থাকে, কিন্তু তেওঁলোকে পদত্যাগ কৰিব পাৰে বা অসদাচৰণৰ বাবে বৰ্খাস্ত হ’ব পাৰে। প্ৰথম বিশ্বযুদ্ধৰ ৱেৰ্দাঁৰ ৰণৰ পিছত ফ্ৰান্সৰ মাৰ্শ্বাল উপাধি পোৱা ফিলিপ পেতেঁ ১৯৩১ চনত আকাদেমীলৈ নিৰ্বাচিত হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত ৱিশ্বি ফ্ৰান্সৰ শাসনভাৰ চম্ভালিবলগীয়া হোৱাৰ বাবে ১৯৪৫ চনত তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল।৩
তথ্যসূত্ৰ
- ↑ L'histoire. Academie Française official website
- ↑ Les immortels. Academie Française official website
- ↑ Sanche de Gramont, The French: Portrait of a People, G.P. Putnam's Sons, New York, 1969, p. 270
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকাদেমী ফ্ৰঁচেজ” প্ৰবন্ধৰ সংশোধন ৬২০৭৬১ (২৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।