আজিজা ছিদ্দিকী (জন্ম-প্ৰায় ১৯৮৩) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।১২ তেওঁ আফগান বেচৰকাৰী সংগঠন একচন এইডৰ সৈতে মহিলা অধিকাৰ সমন্বয়ক আছিল৷ য'ত তেওঁ গ্ৰাম্য আফগান মহিলাসকলৰ পৰিস্থিতিৰ ওপৰত গৱেষণা কৰিছিল আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে জ্ঞান দিছিল৷ ইয়াৰ লগতে তেওঁৰ কামৰ বাবে ব্যক্তিগতভাৱে ভাবুকি পোৱাৰ পিছতো সিদ্ধান্ত গ্ৰহণৰ প্ৰশিক্ষণৰ আয়োজন কৰিছিল।২৩৪
আফগানিস্তানত জন্মগ্ৰহণ কৰা ছিদ্দিকীয়ে যুদ্ধৰ বাবে আঠ বছৰ বয়সত পাকিস্তানলৈ গুচি যায় যদিও ২০০৩ চনত মহিলাৰ অধিকাৰৰ বাবে কাম কৰিবলৈ আফগানিস্তানলৈ উভতি আহে।১ ২০০৭ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা সাহস বঁটা লাভ কৰে।১ কিন্তু সুপৰিচিত হোৱাৰ বাবে তেওঁ ইয়াৰ পিছত আফগানিস্তানলৈ নিৰাপদে উভতি যাব নোৱাৰিলে আৰু সেয়েহে তেওঁ আমেৰিকাত আশ্ৰয় লয়।১
২০০৮ চনত তেওঁ BIAS, Bi-lingual International Assistant Services ৰ বাবে কেছ ৱৰ্কাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে, যিয়ে বৃদ্ধ আৰু অক্ষম অনুপ্ৰৱেশকাৰী, আশ্ৰয়প্ৰাপ্ত আৰু শৰণাৰ্থীসকলক সহায় কৰে।১ ২০০৯ চনত ছিদ্দিকীয়ে গীতানা প্ৰডাকচনৰ পৰা "বছৰৰ অসাধাৰণ ব্যক্তি" বঁটা লাভ কৰে, যিয়ে কলা আৰু কলা শিক্ষাৰ জৰিয়তে বৈচিত্ৰ্যক প্ৰসাৰিত কৰে।১
তথ্যসূত্ৰ
- ↑ (2010-06-12). Next generation: Afghan-born woman helps immigrants cross cultural, legal bridges in St. Louis. STLPR
- ↑ Department Of State. The Office of Electronic Information, Bureau of Public Affairs. (2007-03-07). Honorees. 2001-2009.state.gov
- ↑ IIP Publications -. IIP Publications
- ↑ AWIU » 2007 WOC – Aziza Siddiqui
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজিজা ছিদ্দিকী” প্ৰবন্ধৰ সংশোধন ৫৪৯৪০৪ (৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।