অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অনাৰকলি কৌৰ হনাৰায়ৰ

আনাৰকলি কৌৰ হনাৰায়ৰ (Anarkali Kaur Honaryar) এগৰাকী শিখ আফগান ৰাজনীতিবিদ।তেখেত এগৰাকী মহিলা অধিকাৰ কৰ্মী আৰু এগৰাকী দন্ত চিকিৎসক। আফগানিস্তানত মাত্ৰ প্ৰায় ৩০ হাজাৰ শিখ আৰু হিন্দু আছিল৷ তাৰ ভিতৰত অনাৰকলি কৌৰ হনাৰায়ৰ অন্যতম। আফগানিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ তেওঁ প্ৰথমগৰাকী অ-মুছলমান সদস্য।

হালনাগাদ: ৬ ডিচেম্বৰ ২০২৫ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আনাৰকলি কৌৰ হনাৰায়ৰ (Anarkali Kaur Honaryar) এগৰাকী শিখ আফগান ৰাজনীতিবিদ।১তেখেত এগৰাকী মহিলা অধিকাৰ কৰ্মী আৰু এগৰাকী দন্ত চিকিৎসক।২

আফগানিস্তানত মাত্ৰ প্ৰায় ৩০ হাজাৰ শিখ আৰু হিন্দু আছিল৷ তাৰ ভিতৰত অনাৰকলি কৌৰ হনাৰায়ৰ অন্যতম। আফগানিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ তেওঁ প্ৰথমগৰাকী অ-মুছলমান সদস্য।৩

কৰ্মজীৱন

২০০১ চনত তালিবানক উৎখাত কৰাৰ সময়ত হনাৰায়ৰে কাবুল বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল। তালিবান শাসনৰ পতনৰ পিছত আফগানিস্তানৰ অন্তৱৰ্তীকালীন চৰকাৰ বাছি লোৱা ল'য়া জিৰ্গাৰ সদস্য আৰু আফগান সংবিধান সমিতিৰ তেওঁ সদস্য।৪ ২০০৬ চনত তেওঁ আফগান স্বতন্ত্ৰ মানৱ অধিকাৰ আয়োগৰ সদস্য হয়।২

২০১০ চনত হনাৰায়ৰে দেশৰ মেশ্ৰানো জিৰ্গালৈ নিৰ্বাচিত হয় আৰু এই কৃতিত্ব অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী অমুছলমান মহিলা৷ ২০১৫ চনৰ মাজভাগত তেওঁ নিজৰ পদ এৰি দিয়ে।১

২০২১ চনৰ ২২ আগষ্টত ২০২১ চনত কাবুল তালিবানৰ হাতত পৰাৰ মাজতে ভাৰতীয় বাহিনীয়ে আফগানিস্তানৰ পৰা উদ্ধাৰ কৰা ভাৰতীয়সকলৰ সৈতে তেওঁ ভাৰতলৈ আহে।৫

বঁটা আৰু সন্মান

হনাৰায়ৰ এগৰাকী সুপৰিচিত মানৱ অধিকাৰ কৰ্মী৪আৰু "ঘৰুৱা নিৰ্যাতন, বলপূৰ্বক বিবাহ আৰু লিংগ বৈষম্যৰ দ্বাৰা ভোগা মহিলাসকলক সহায় কৰাৰ বাবে আৰু তেওঁৰ মাজত মানৱ মৰ্যাদা, মানৱ অধিকাৰ, পাৰস্পৰিক সন্মান আৰু সহনশীলতাৰ আদৰ্শক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে ইউনেস্কো-মদনজীত সিং বঁটাৰে তেওঁ সহনশীলতা আৰু অহিংসাৰ প্ৰসাৰৰ বাবে১ সন্মান লাভ কৰিছে।"৬ ২০০৯ চনত ৰেডিঅ' ফ্ৰী ইউৰোপৰ আফগান অধ্যায়ৰ দ্বাৰাও হনাৰায়াৰক বছৰৰ ব্যক্তি হিচাপে নিৰ্বাচিত কৰা হয়।৪

তথ্যসূত্ৰ

  1. ↑ (16 November 2011). 2011 UNESCO-Madanjeet Singh Prize for the Promotion of Tolerance and Non-Violence to be awarded to Anarkali Honaryar (Afghanistan) and Khaled Abu Awwad (Palestine). ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
  2. ↑ Sambuddha Mitra Mustafi. Afghanistan's Sikh heroine fights for rights. BBC
  3. ↑ Dr. Anarkali Kaur Honaryar. Sikh Foundation International
  4. ↑ Marzban, Omid. (24 March 2009). Young Afghan Rights Activist Selected As 'Person Of The Year'. Radio Free Europe/Radio Liberty
  5. ↑ India evacuates over 20 Afghan Sikhs from Kabul, including MPS Anarkali Kaur Honaryar, Narendra Khalsa
  6. ↑ (2011-11-17). UNESCO awards peace hero defenders - Anarkali Honaryar & Khaled Abu Awwad. Woman News Network (WNN)

সম্পৰ্কিত শ্ৰেণী

আফগান মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনাৰকলি কৌৰ হনাৰায়ৰ” প্ৰবন্ধৰ সংশোধন ৫৬১৬৭৮ (৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।