আগিয়া মহাবিদ্যালয় (Agia College) নামনি অসমৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত আগিয়া আৰু সোলমাৰীৰ মাজত অৱস্থিত কলা শাখাৰ এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান।১ এই মহাবিদ্যালয়খন ১৯৯৬ চনৰ ২২ আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা হৈছে।১ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত২ আৰু ইয়াক ২০২১ চনত প্ৰাদেশিকীকৰণ কৰা হৈছে। মহাবিদ্যালয়খনৰ মূলমন্ত্ৰ হৈছে- “তমসো মা জ্যোতিৰ্গময়”।
ইতিহাস
প্ৰয়াত শ্ৰী মহেশ চন্দ্ৰ নাথৰ সভাপতিত্বত, সম্পাদক প্ৰয়াত শ্বহীদ ৰায় আৰু প্ৰয়াত ড° মনোজ কুমাৰ চক্ৰৱৰ্তীৰ অধ্যক্ষপদেৰে বৃহত্তৰ আগিয়াৰ স্থানীয় লোকসকলৰ প্ৰচেষ্টাত ১৯৯৬ চনৰ ২২ আগষ্ট তাৰিখে আগিয়া মহাবিদ্যালয়খন প্ৰতিষ্ঠা হয়। এই কলা শাখাৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানখনত প্ৰথমে ৫জন প্ৰবক্তা আৰু ২৯জন শিক্ষাৰ্থী আছিল।
২০১৩-১৪ শিক্ষাবৰ্ষত মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ২০২১ চনত প্ৰাদেশিকীকৰণ কৰা হৈছে।১
বিভাগসমূহ
- অৰ্থনীতি
- অসমীয়া
- ইতিহাস
- ইংৰাজী
- ৰাজনীতি বিজ্ঞান
- শিক্ষা
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ INSTITUTION INFORMATION. HIGHER EDUCATION INFORMATION SYSTEM
- ↑ Affiliated Colleges. Gauhati.ac.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আগিয়া মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬২২৬৯০ (২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।