অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আডা প্ৰধমন

আডা প্ৰধমন (ইংৰাজী: Ada pradhaman) হৈছে এক পৰম্পৰাগত কেৰালেট মিঠাই, যি চাউলৰ আডা (চাউলৰ পাষ্টা বা ফ্লেকছ) আৰু সিজাই লোৱা নাৰিকলৰ গাখীৰ তথা গুড়ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ভাৰতৰ কেৰালা ৰাজ্যৰ ঘৰবোৰত বিশেষকৈ ওনাম উৎসৱৰদিনা আডা প্ৰধমন প্ৰস্তুত কৰা হয়।

হালনাগাদ: ৩০ জুলাই ২০২৬ ১০৭ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

আডা প্ৰধমন (ইংৰাজী ভাষা: Ada pradhaman) হৈছে এক পৰম্পৰাগত কেৰালেট মিঠাই, যি চাউলৰ আডা (চাউলৰ পাষ্টা বা ফ্লেকছ) আৰু সিজাই লোৱা নাৰিকলৰ গাখীৰ তথা গুড়ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়।১২৩ ভাৰতৰ কেৰালা ৰাজ্যৰ ঘৰবোৰত বিশেষকৈ ওনাম উৎসৱৰদিনা আডা প্ৰধমন প্ৰস্তুত কৰা হয়। ই একপ্ৰকাৰৰ পায়সম, আৰু ইয়াক পৰম্পৰাগত ভোজ সাদ্যাৰ সৈতে পৰিৱেশন কৰা হয়।২

সাধাৰণ প্ৰস্তুত প্ৰণালী

প্ৰথমে সিজাই লোৱা চাউলৰ আডা নাৰিকলৰ গাখীৰত যোগ কৰা হয়, তাৰ পিছত তাত গুড়ৰ চিৰাপ আৰু অন্যান্য উপাদান যেনে— বাদাম, কিচমিচ আৰু ইলাচী গুড়ি আদি ছটিয়াই দিয়া হয়।৪

এই খাদ্যবিধ সাধাৰণতে গৰমে গৰমে পৰিৱেশন কৰা হয়। ই কেৰালাৰ আটাইতকৈ জনপ্ৰিয় মিঠাইসমূহৰ ভিতৰত অন্যতম।৫

পালদা প্ৰধমন

পালদা প্ৰধমন (Palada Pradhaman) বা পালদা পায়সম হৈছে গাখীৰ (Pal/milk), চাউলৰ আডা, চেনি, ইলাচী গুড়ি, বাদাম আৰু কিচমিচৰ সহায়ত তৈয়াৰ কৰা একপ্ৰকাৰৰ পায়সম।৬ কেৰালাৰ বিভিন্ন মন্দিৰত ভক্তসকলক প্ৰসাদ হিচাপে বিশেষভাৱে পালদা প্ৰধমন বা পালদা পায়সম প্ৰদান কৰা হয়।

লগতে চাওক

  • চাক্কা প্ৰধমন

তথ্যসূত্ৰ

  1. ↑ S, Harikumar J. (28 August 2020). How to prepare the mainstay of classic ada pradhaman fresh from the kitchen. The Hindu
  2. ↑ Nair, Sudhir. Ada Pradhaman Recipe by Sudhir Nair - Courtyard Bengaluru - Outer Ring Road. NDTV
  3. ↑ Kapoor, Sanjeev Dak. (2009). Dakshin Delights. Popular Prakashan. ISBN 978-81-7991-400-7
  4. ↑ (30 August 2020). Ada pradhaman recipe, Onam recipes
  5. ↑ Shah, Niraalee. (2021-12-13). Indian Etiquette: A Glimpse Into India's Culture. Notion Press. ISBN 978-1-63886-554-4
  6. ↑ Palada Pradhaman Recipe

সম্পৰ্কিত শ্ৰেণী

মিঠাইৰন্ধনপ্ৰণালীকেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আডা প্ৰধমন” প্ৰবন্ধৰ সংশোধন ৬২১৮২৬ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।