অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয় ৰাজ্যখনৰ একমাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয়। ১
অৱস্থিত
বিশ্ববিদ্যালয়খন ৰাজ্যখনৰ পূব ছিয়াং জিলাৰ পাছিঘাট নামৰ ঠাইখনত অবস্থিত।
ইতিহাস
১ জুলাই, ২০২২ তাৰিখে প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ এইখন বিশ্ববিদ্যালয় একমাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় অনুদান আয়োগ আইন ১৯৫৬ৰ ২২ নং ধাৰা অনুসৰি বিশ্ববিদ্যালয়খনে ডিগ্ৰী প্ৰদান কৰিব পাৰে। বিশ্ববিদ্যালয়খনে প্ৰয়োজনীয় সকলো অনুমোদনৰ সৈতে বিভিন্ন বিভাগসমূহ, সংযুক্ত মহাবিদ্যালযসমূহৰ জৰিয়তে বিভিন্ন পাঠ্যক্ৰম আগবঢ়াব পাৰে।২
বিভাগ
বিশ্ববিদ্যালয়খনে বাণিজ্য, শিক্ষা, অৰ্থনীতি, সমাজ কৰ্ম, আৰু জনজাতীয় অধ্যয়নৰ পাঁচটা স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায় আছে। বিশ্ববিদ্যালয়ৰ লক্ষ্য হৈছে আৰ্থ-সামাজিক উন্নয়ন আৰু অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক ঐতিহ্যক প্ৰচাৰ কৰা। বিশ্ববিদ্যালয়খনে নিজৰ জ্ঞানৰ জৰিয়তে সমাজ সবলীকৰণ কৰিব পৰা বুদ্ধিজীৱীক লালন-পালন কৰিবলৈ অধিক স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।৩৪
তথ্যসূত্ৰ
- ↑ (17 April 2012). The ARUNACHAL PRADESH UNIVERSITY ACT, 2012. India Code
- ↑ (12 July 2023). Universities. University Grant Commission. UGC
- ↑ (3 July 2024). APU celebrates 2nd foundation day; to offer PhD prog. The Arunachal Time
- ↑ (23 August 2023). ARUNACHAL PRADESH UNIVERSITY BEGINS FIRST ACADEMIC SESSION. Eastern Sentinel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫২৮১০৯ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।