আছামা ভাইৰাছ (ASAV) আৰ এন এ হাণ্টাভাইৰাছৰ এটা প্ৰকাৰ আৰু ই একক ডালযুক্ত, আৱৰণযুক্ত, খণ্ডিত ঋণাত্মক সংবেদনশীল।১ জাপানত জাপানীজ শ্ৰু মোলৰপৰা হাণ্টাভাইৰাছ পৃথক কৰা হৈছিল।১ তীক্ষ্ণদন্তী প্ৰাণী বা ৰোডেণ্টে আশ্ৰয় দিয়া হাণ্টাভাইৰাছতকৈ জিনগতভাৱে ASAV ৰ ওচৰত থাকে।১ ভাইৰাছবোৰ ছ’ৰিচিন শ্ৰু-বৰ্ণ হাণ্টাভাইৰাছৰ ওচৰত থকাৰ বাবে ভৱিষ্যতে হ’ষ্ট-চুইচিং স্পষ্ট হ’ব পাৰে।১ এ এছ এ ভি ধৰা পেলোৱাটোৱেই আছিল প্ৰথম হাণ্টাভাইৰাছ যিটো টালপিডে পৰিয়ালৰ অন্তৰ্ভূক্ত হৈছিল, য’ত শ্ৰু-মোলও অন্তৰ্ভুক্ত।২ হাণ্টাভাইৰাছৰ বিৱৰ্তনৰ ইতিহাসৰ ওপৰত চিন্তাধাৰা ASAV আৱিষ্কাৰৰ বাবে সম্প্ৰসাৰিত হৈছে।১
প্ৰাকৃতিক জলাশয়
২০০৮ চনৰ ফেব্ৰুৱাৰী আৰু এপ্ৰিলৰ ভিতৰত জাপানত ধৰা পৰা জাপানীজ শ্ৰু-মোল (Urotrichus talpoides)ৰ হাওঁফাওঁৰ কলাৰপৰা আৰ এন এ নিষ্কাশনৰ জৰিয়তে আছামা ভাইৰাছ পৃথক কৰা হৈছিল। ই মোলত পোৱা প্ৰথম হাণ্টাভাইৰাছসমূহৰ ভিতৰত অন্যতম।১
ভাইৰ’লজী
আছামা ভাইৰাছ জিনগতভাৱে ৰোডেণ্টতকৈ শ্ৰুই আশ্ৰয় দিয়া অন্যান্য হাণ্টাভাইৰাছৰ ওচৰ চপা। কিন্তু নিউক্লিঅ’কেপচিড প্ৰ’টিন ৰোডেণ্ট আৰু শ্ৰু-বৰ্ণ হাণ্টাভাইৰাছৰ দৰেই। বংশবিন্যাস বিশ্লেষণে ইয়াক ছ’ৰিচিন শ্ৰু-বৰ্ণ হাণ্টাভাইৰাছৰ আটাইতকৈ ওচৰত ৰাখে। ইয়াৰপৰা সুদূৰ অতীতৰ সম্ভাৱ্য হ’ষ্ট-চুইচিং পৰিঘটনাৰ কথা অনুমান কৰিব পাৰি।৩
আছামা ভাইৰাছ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়াত পোৱা ছ’ৰিচিন শ্ৰু-বৰ্ণ হাণ্টাভাইৰাছৰ সৈতে জড়িত। এই সম্পৰ্ক ভাইৰাছৰ বংশবিন্যাস বিশ্লেষণৰ জৰিয়তে আৱিষ্কাৰ কৰা হৈছিল। দুয়োটা হাণ্টাভাইৰাছৰ মাজৰ সম্পৰ্কই ক্ৰছ-প্ৰজাতিৰ সংক্ৰমণৰ সৈতে জড়িত সমান্তৰাল বিৱৰ্তনৰ ইংগিত দিব পাৰে।৩
তথ্যসূত্ৰ
- ↑ Arai S, Ohdachi SD, Asakawa M, Kang HJ, Mocz G, Arikawa J, Okabe N, Yanagihara R.Molecular phylogeny of a newfound hantavirus in the Japanese shrew mole (Urotrichus talpoides).Proc Natl Acad Sci U S A.2008 Oct 21;105(42):16296–301
- ↑ Morand, Serge; Beaudeau, François; Cabaret, Jacques. (2011-09-08). New Frontiers of Molecular Epidemiology of Infectious Diseases. Springer Science & Business Media. ISBN 9789400721142
- ↑ Bennett, Shannon N., Laurie Diznie, Laarni Sumibcay, Satoru Arai, Luis A. Ruedas, Jin-Won Song, and Richard Yanagihara. "Host Switch during Evolution of a Genetically Distinct Hantavirus in the American Shrew Mole (Neurotrichus Gibbsii)." Virology. By Hi Ji Kang. 1st ed. Vol. 388. N.p.: n.p., 2009. 8-14. Print
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আছামা ভাইৰাচ” প্ৰবন্ধৰ সংশোধন ৬১০১৩৭ (৩০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।