সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰোগন জোশ
ৰোগন জোশ (Rogan josh; ) কাশ্মীৰ উপত্যকাৰ এবিধ সুগন্ধি মাংসৰ তৰকাৰী। ইয়াক ৰঙা মাংসৰে, পৰম্পৰাগতভাবে ভেৰা বা ছাগলীৰ মাংসৰে তৈয়াৰ কৰা হয়। ৰতন জোটৰ মূল আৰু কাশ্মিৰী জলকীয়াৰে ইয়াক ৰং দিয়া আৰু সুগন্ধিত কৰা হয়। ৰোগন জোশ কাশ্মিৰৰ এক বিশিষ্ট ৰন্ধনশৈলী।
-
ৱমেন ইন ৰেড
ৱমেন ইন ৰেড (Women in Red, আক্ষৰিকভাবে 'ৰঙা ৰঙত মহিলা') ৱিকিপিডিয়াৰ সমলত বৰ্তমানৰ লিংগ পক্ষপাতিত্বৰ মোকাবিলা কৰিবলৈ আৰম্ভ কৰা এক ৱিকিপ্ৰকল্প। এই প্ৰকল্পটোৱে মহিলাৰ জীৱনী, মহিলাৰ কাম-কাজ আৰু মহিলাৰ লগত জড়িত অন্যান্য অনুসংগিক বিষয় সম্পৰ্কে সমল সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
ৱাইজ কেম্পেইন
ৱাইজ কেম্পেইন (ইংৰাজী: WISE Campaign - Women into Science and Engineering) হ’ল যুক্তৰাজ্য ভিত্তিক এটা সংস্থা যিয়ে মহিলা আৰু ছোৱালীক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (STEM) সম্পৰ্কীয় পাঠ্যক্ৰমসমূহ অধ্যয়ন কৰিবলৈ আৰু সেই সম্পৰ্কীয় পেচাত জড়িত হ’বলৈ উৎসাহিত কৰে।
-
ৱান্চো নগা
ৱান্চোসকল ( The Wancho Naga) অৰুণাচল প্ৰদেশৰ লংদিং জিলাৰ পাটকাই পাহাৰত বাস কৰা এটা নগা খিলঞ্জীয়া জনগোষ্ঠী। সাংস্কৃতিকভাৱে তেওঁলোক নগা আৰু তেওঁলোক অৰুণাচল প্ৰদেশৰ নক্টে আৰু নগালেণ্ডৰ কন্যাকৰ সৈতে জাতিগতভাৱে সম্পৰ্কিত। কন্যাকসকল নাগালেণ্ডৰ আটাইতকৈ ডাঙৰ জনজাতি।
-
ৱিমেন্স গেলাৰী
ৱিমেন্স গেলাৰী (Women's Gallery) আছিল নিউজিলেণ্ডৰ ৱেলিংটনত সামূহিকভাৱে প্ৰতিষ্ঠিত আৰু পৰিচালিত এখন কলা বীথিকা (আৰ্ট গেলাৰী)। কেৱল মহিলাৰ কৰ্মৰাজি প্ৰদৰ্শন কৰা এই গেলাৰীখন ১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈ চাৰি বছৰ ধৰি চলিছিল।
-
ৱিলিছ হ’
ৱিলিছ হ’ কিট-ৱাং (চীনা: 何潔泓, জন্ম ১৫ জুলাই ১৯৯১) এজনী হং কং-ৰ সাংবাদিক, সক্ৰিয় সমাজকৰ্মী আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ হং কং ছাত্ৰ সন্থা ফেডাৰেচনৰ সহ-সাধাৰণ সম্পাদক আছিল আৰু লেণ্ড জাষ্টিচ লিগৰ আহ্বায়ক আছিল। ২০১৭ চনত, হং কং ভূমি ন্যায় আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ কাৰাদণ্ডৰ সন্মুখীন হৈছিল।
-
ৱৰ্কিং উইমেনছ ফ'ৰাম
ৱৰ্কিং উইমেনছ ফ’ৰাম (সংক্ষেপে ডব্লিউডব্লিউএফ) হৈছে দক্ষিণ ভাৰতৰ এটা মহিলাকেন্দ্ৰিক সংস্থা। ইয়াক ১৯৭৮ চনত জয়া অৰুণাচলমে মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)ত প্ৰতিষ্ঠা কৰে। এই সংস্থাৰ মুখ্য লক্ষ্য হৈছে দক্ষিণ ভাৰতৰ দুখীয়া আৰু অনানুষ্ঠানিক খণ্ডত কাম কৰা মহিলাসকলক আৰ্থ-সামাজিকভাৱে সক্ষম কৰা।
-
ৱ’মেন ক্লাৱ অৱ ইভানষ্টন
ৱ’মেন ক্লাৱ অৱ ইভানষ্টন ইলিনয়ৰ ইভানষ্টনত থকা এটা ঐতিহাসিক ঘৰ আৰু ই একে নামৰ সামাজিক ক্লাৱৰ মুখ্য কাৰ্যালয়। এইটো ১৭০২ চিকাগো এভিনিউত অৱস্থিত। ২০০৬ চনৰ ৯ নৱেম্বৰত এই ক্লাৱঘৰটো ৰাষ্ট্ৰীয় ঐতিহাসিক স্থানৰ পঞ্জীত যোগ কৰা হয়।
-
ৱ’মেন চিটি ক্লাৱ
ৱ’মেন চিটি ক্লাৱ ঐতিহাসিক পাৰ্ক এভিনিউৰ জিলাৰ ভিতৰত মিচিগানৰ ডাউনটাউন ডেট্ৰাইটৰ ২১১০ পাৰ্ক এভিনিউত অৱস্থিত এটা মহিলা ক্লাৱ। ইয়াক ৰাষ্ট্ৰীয় ঐতিহাসিক স্থানৰ পঞ্জীত তালিকাভুক্ত কৰা হয় আৰু ১৯৭৯ চনত ইয়াক মিচিগান ৰাজ্যৰ ঐতিহাসিক স্থান হিচাপে নিৰ্ধাৰণ কৰা হয়।
-
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ.এছ.এছ এক ভাৰতীয় সোঁপন্থী, হিন্দু ৰাষ্ট্ৰবাদী, অৰ্ধসামৰিক স্বেচ্ছাসেৱক সংস্থা। ইয়াক ভাৰতৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ পিতৃ অনুষ্ঠান হিচাপে গণ্য কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ মূলতঃ সংঘ পৰিবাৰৰ এক অংশ আৰু ই সংঘ পৰিবাৰৰ নেতৃত্ব বহন কৰে।
-
ঘৰুৱা নিৰ্যাতন
গৃহ নিৰ্যাতন বা ঘৰুৱা নিৰ্যাতন হ'ল কোনো নাৰীক নিজৰ গৃহৰ ভিতৰতে পৰিয়ালৰেই অন্য কোনো ব্যক্তিৰ দ্বাৰা শাৰীৰিক বা মানসিকভাৱে নিপীড়ন বা নিৰ্যাতন কৰা কাৰ্য।
-
বড়ো সাহিত্য সভা
বড়ো সাহিত্য সভা (Bodo Sahitya Sabha, बर' थुनलाइ आफाद), হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান। বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ (বর্তমান চিৰাং জিলা) বাসুগাঁও -ত বড়ো সাহিত্য সভা গঠন কৰা হয়।
-
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (ইংৰাজী: Indira Gandhi National Open University, চমুকৈ IGNOU) ভাৰতৰ দিল্লীত অৱস্থিত এখন ৰাজহুৱা মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ বিশ্ববিদ্যালয়।
-
বৰা চাউল
বৰা চাউল ঘাইকৈ পূব আৰু দক্ষিণ-পূব এচিয়াৰ দেশসমূহত উৎপাদিত হোৱা এবিধ চাউল। সিজালে এই চাউলবিধ আঠাযুক্ত হয়। অসমৰ বাহিৰেও এচিয়াৰ বিভিন্ন দেশ যেনে চীন, থাইলেণ্ড, ইণ্ডোনেচিয়া, বাৰ্মা (ম্যানমাৰ), বাংলাদেশ আদিত বৰা চাউলৰ ৰন্ধন প্ৰকৰণৰ বিশেষ প্ৰচলন আছে।
-
গুড়
গুড় হৈছে কুঁহিয়াৰ বা খেজুৰৰ ৰসৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ মিঠা খাদ্য। তালৰ ৰস পৰাও গুড় তৈয়াৰ কৰা হয়। কুঁহিয়াৰ, খেজুৰ বা তাল গছৰ ৰস ঘন গাঢ় কৈ পকাই গুড় তৈয়াৰ কৰা হয়।
-
কফি
কফি (Coffee) বিশ্বব্যাপী খুব জনপ্ৰিয় পানীয়। পানীৰ লগত ভিজাই তৈয়াৰ কৰা "কফি বীজ" নামে পৰিচিত এক প্ৰকাৰ বীজ পুৰিলৈ গুড়ি কৰি কফি তৈয়াৰ কৰা হয়। এই বীজ কফি চেৰি নামৰ এক ধৰণৰ ফলৰ বীজ। প্ৰায় ৭০খন দেশত এই ফলৰ গছ হয়। সেউজীয়া কফি বিশ্বৰ সকলোতকৈ বেছি বিক্ৰীত কৃষিপণ্যৰ মাজত এটা।
-
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ (Assam State Electricity Board, চমুকৈ ASEB) হৈছে অসমৰ বিদ্যুৎ নিয়ন্ত্ৰণৰ বাবে গঠিত ৰাজহুৱা খণ্ডৰ এক পৰিষদ। এই পৰিষদে ইয়াৰ অধীনৰ কোম্পানী অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৈতে অসমৰ বিদ্যুৎ উৎপাদন, সৰবৰাহ আৰু বিতৰণৰ কামসমূহ পৰিচালনা কৰে।
-
আন্তৰ্জাতিক একক পদ্ধতি
আন্তৰ্জাতিক একক পদ্ধতি সংক্ষেপে SI (ফৰাচী ভাষাত Système International) একক নামে পৰিচিত। মেট্ৰিক এককৰ আধুনিক সংস্কৰণ হল SI একক। দৈনন্দিন জীৱনৰ ব্যৱসায় আৰু বিজ্ঞানত পৃথিৱীৰ সবাতোকৈ বেছি বহুলভাৱে ব্যৱহৃত একক পদ্ধতি।
-
আৰ্য সমাজ
আৰ্য সমাজ (Arya Samaj) হৈছে এটা একেশ্বৰবাদী ভাৰতীয় হিন্দু সংস্কাৰমুখী আন্দোলন। যিটো সংগঠনে বেদৰ অখণ্ডনীয় কৰ্তৃত্বৰ ওপৰত বিশ্বাস ৰাখি নিজৰ মূল্যবোধসমূহ প্ৰচাৰ কৰিছিল। সমাজখনৰ সংগঠক আছিল মহাঋষি দয়ানন্দ সৰস্বতী। তাৰিখটো আছিল ১৮৭৫ চনৰ ১০ এপ্ৰিল। আৰ্য সমাজৰ সদস্যসকলে মূৰ্তিপূজাৰ বিৰুদ্ধাচৰণ কৰিছিল।
-
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত (Assam State Film (Finance and Development) Corporation Ltd.}) বা চমুকৈ ASFFDC হৈছে অসমৰ চলচ্চিত্ৰৰ প্ৰসাৰ আৰু উন্নয়নৰ লক্ষ্যৰে গঠিত অসম চৰকাৰৰ অধীনস্থ এটা সংস্থা।
-
প্ৰাগজ্যোতিষ মহাবিদ্যালয়
প্ৰাগজ্যোতিষ মহাবিদ্যালয় (Pragjyotish College) হৈছে অসমৰ কামৰূপ (মহানগৰ) জিলাৰ ভৰলুমুখত অৱস্থিত এখন শিক্ষানুষ্ঠান। ১৯৫৪ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়ৰ পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।
-
ললিত কলা একাডেমী
ললিত কলা একাডেমী বা ৰাষ্ট্ৰীয় কলা একাডেমী ভাৰতৰ চাৰু কলা বিষয়ক ৰাষ্ট্ৰীয় একাডেমী। ভাৰতীয় কলাৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্য ভাৰত চৰকাৰে ১৯৫৪ চনত এই একাডেমী প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াক সম্পূৰ্ণ স্বায়ত্ব শাসনৰ মৰ্যদা দিয়া হৈছে। ললিত কলা একাডেমীয়ে বিভিন্ন জলপানি আৰু সদস্য পদ আগবঢ়ায়।
-
অকামিতা
অকামিতা (Asexuality) হৈছে আনৰ প্ৰতি যৌন আকৰ্ষণৰ অভাৱ, বা যৌন কাৰ্যকলাপৰ প্ৰতি কম আগ্ৰহ বা একেবাৰেই আগ্ৰহ নথকা। ইয়াক যৌনঅভিমুখীতাৰ এটা ভাগ বা যৌন আকাংক্ষাৰ অভাৱ থকা ব্যক্তিক প্ৰতিনিধিত্ব কৰা এটা অভিধা বুলি গণ্য কৰা হ'ব পাৰে।
-
অভিযন্তা দিৱস
অভিযন্তা দিৱস (Engineer's Day) বছৰটোৰ বিভিন্ন তাৰিখত বিশ্বৰ কেইবাখনো দেশত পালন কৰা হয়। ২০১৯ চনৰ ২০ নৱেম্বৰলৈকে, ৱৰ্ল্ড ফেডাৰেচন অৱ ইঞ্জিনিয়াৰিং সংগঠনসমূহে (WFEO) ৪ মাৰ্চক ‘World Engineering Day for a Sustainable World’ হিচাপে নিৰ্ধাৰিত কৰিছে।
-
অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়
অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় ( Assam Science and Technology University) জালুকবাৰী,গুৱাহাটীত অৱস্থিত অসমৰ একমাত্ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়।
-
লেডী শ্ৰী ৰাম কলেজ
লেডী শ্ৰী ৰাম কলেজ (Lady Shri Ram College) হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহিলা মহাবিদ্যালয়।
-
একে লিংগৰ সম্পৰ্ক
একে লিংগৰ সম্পৰ্ক (ইংৰাজী: Same sex relationship) হল একে লিংগৰ দুজন ব্যক্তিৰ মাজৰ প্ৰেম তথা যৌন সম্পৰ্ক। একে লিংগৰ বিবাহ একে লিংগৰ দুজন ব্যক্তিৰ মাজত আনুষ্ঠানিক বিবাহক বুজায়; কিছু দেশত একে লিংগৰ বিবাহৰ সলনি আইনী দম্পতী নামৰ ব্যৱস্থা দেখা যায়।
-
নলবাৰী মহাবিদ্যালয়
নলবাৰী মহাবিদ্যালয় (Nalbari College) অসমৰ নলবাৰী চহৰৰ পৰা এক কিঃমিঃ দূৰত জাপাৰকুছি গাঁৱত অৱস্থিত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল ১৯৪৫ চনত। ইয়াৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল ত্ৰৈলোক্য নাথ গোস্বামী।
-
বিদ্যালয়
বিদ্যালয় এটি অনুষ্ঠান য'ত বিদ্যা আহৰণ কৰা হয়। ই সাধাৰণতে মহাবিদ্যালয়লৈ যোৱাৰ আগৰ শিক্ষাদানৰ কথাহে বুজায় "বিদ্যা" (জ্ঞান) আৰু "আলয়" (স্থান) শব্দ দুটাৰ সংযোগ হৈ বিদ্যালয় শব্দটিৰ উৎপত্তি হৈছে যি বিদ্যা বিতৰণ আৰু গ্ৰহণৰ স্থান হিচাপে পৰিচিত। সাধাৰণতে বিদ্যালয়ৰ এক বা একাধিক ভৱন থাকে।
-
উত্তৰ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
উত্তৰ অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (NZCC) হৈছে পঞ্জাবৰ পটিয়ালাত অৱস্থিত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত প্ৰথম আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ উত্তৰাঞ্চলৰ ৰাজ্যসমূহৰ কলা, শিল্প, পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।