ৱ’মেন ক্লাৱ অৱ ইভানষ্টন ইলিনয়ৰ ইভানষ্টনত থকা এটা ঐতিহাসিক ঘৰ আৰু ই একে নামৰ সামাজিক ক্লাৱৰ মুখ্য কাৰ্যালয়। এইটো ১৭০২ চিকাগো এভিনিউত অৱস্থিত। ২০০৬ চনৰ ৯ নৱেম্বৰত এই ক্লাৱঘৰটো ৰাষ্ট্ৰীয় ঐতিহাসিক স্থানৰ পঞ্জীত যোগ কৰা হয়।১
সংবিধান
বৰ্তমান ১৭০২ চিকাগো এভিনিউত অৱস্থিত এই সংস্থাটো ১৮৮৯ চনৰ ২ মাৰ্চত মহিলা ভোটাধিকাৰ আন্দোলনৰ নেত্ৰী এলিজাবেথ বয়ণ্টন হাৰ্বাৰ্টৰ জুডছন এভিনিউৰ ঘৰত প্ৰতিষ্ঠা কৰা হৈছিল। মূলতঃ এটা অনানুষ্ঠানিক গোট, ক্লাৱটোৱে পিছৰ বছৰত ক্লাৱৰ বাবে এখন আনুষ্ঠানিক সংবিধানৰ খচৰা প্ৰস্তুত কৰে, য'ত তেওঁলোকৰ উদ্দেশ্য এইদৰে উল্লেখ কৰা হৈছিল: "শাৰীৰিক, সামাজিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক দিশক প্ৰসাৰিত কৰি ইয়াৰ সদস্যসকলৰ উন্নতিকল্পে উন্নত ঘৰ, জ্ঞানী মাতৃত্ব, উন্নত আইন, প্ৰকৃত নাগৰিক আৰু উন্নত নাৰীত্ব সুৰক্ষিত কৰা।" তিনি বছৰৰ পিছত এই বক্তব্যটো সংশোধন কৰি সংক্ষিপ্ত কৰি "জীৱনৰ সকলো বিষয়তে পাৰস্পৰিক সহায় আৰু মানৱতাৰ উচ্চ বিকাশৰ দিশত ঐক্যবদ্ধ প্ৰচেষ্টা" বুলি চমু কৰা হয়।২
ঘৰ নিৰ্মাণ
১৯১০ চনৰ ফেব্ৰুৱাৰী মাহত মিচেছ এভিছ গ্ৰাণ্টৰ তত্ত্বাৱধানত নতুন ক্লাৱঘৰ নিৰ্মাণৰ কাম চোৱাচিতা কৰিবলৈ এখন বিল্ডিং কমিটি গঠন কৰা হয় আৰু ১৯১১ চনৰ জানুৱাৰী মাহত চাৰ্চ ষ্ট্ৰীট আৰু চিকাগো এভিনিউৰ চুকত থকা এডোখৰ ভূমি ক্লাৱৰ বাবে ক্ৰয় কৰা হয়। স্থপতিবিদ আৰ্নেষ্ট এ মেয়োক এই ভৱনটো নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল। সেই ফেব্ৰুৱাৰী মাহত ভূমিত খনন কৰা হয় আৰু ১৯১২ চনৰ ২৮ মে'ত মূল শিলন্যাস স্থাপন কৰা হয়। ১৯১৩ চনৰ ১১ মাৰ্চত এটা মুকলি আপ্যায়ন গৃহ সম্পূৰ্ণ হোৱা ভৱনটো উন্মোচন কৰা হয়।২ আজিলৈকে ই ইভানষ্টনৰ মহিলা ক্লাৱৰ মুখ্য কাৰ্যালয় হিচাপে পৰিগণিত হৈ আছে।৩
স্থাপত্য
ৱ’মেন ক্লাৱৰ ভৱনটো ১৯ শতিকাৰ শেষৰ ফালে আৰু ২০ শতিকাৰ আৰম্ভণিৰ ৰিভাইভেল শৈলীৰ। ভেটি আৰু বেৰ দুয়োটা ইটাৰ, আনহাতে চালখনত স্লেট গঁথা হৈছে। বাহিৰৰ খিৰিকীৰ চৌকাঠ বগা আৰু ক্লাৱ ঘৰৰ এফালে ডাঙৰ কাঁচৰ খিৰিকী আছে।
ইতিহাস
আৰম্ভণিৰে পৰাই ক্লাৱে স্থানীয়ভাৱে আৰু চিকাগো মহানগৰ অঞ্চলৰ আশে-পাশে কৰি থকা মহিলাসকলৰ ভোটাধিকাৰ, শিশু শ্ৰম আইন, জনস্বাস্থ্য, অনাময় আৰু গৃহ পৰিচালনাৰ দৰে কাম কৰি সমাজত পৰিৱৰ্তন সৃষ্টি কৰিছে। শতিকাৰ পৰিৱৰ্তনৰ ভিতৰত ক্লাৱে সজাগতা আৰু ধন সংগ্ৰহৰ বাবে সাংস্কৃতিক অভিযানৰ আয়োজন কৰিছিল, যিবোৰ ইভানষ্টনৰ উল্লেখযোগ্য সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান আছিল।।
ক্লাৱটোৰ প্ৰথমটো ডাঙৰ প্ৰকল্প আছিল ইভানষ্টনত এখন চিকিৎসালয় স্থাপন কৰা। ১৮৮০ আৰু ১৮৯০ চনত টাইফয়েড জ্বৰ আৰু ছমপক্সকে ধৰি ধাৰাবাহিক মহামাৰীৰ ফলত ইভানষ্টন হাস্পতাল নিৰ্মাণৰ বাবে ৩৬০০ ডলাৰ সংগ্ৰহ কৰা হয়। প্ৰতিষ্ঠা হোৱাৰ পৰাই ইভানষ্টনৰ মহিলা ক্লাৱে জনস্বাস্থ্যৰ উন্নতিৰ প্ৰসাৰ ঘটাই আহিছে। ১৮৯৭ চনত ই ভিজিটিং নাৰ্ছ এছ'চিয়েচন গঠন(Visiting Nurse Association ) কৰাত সহায় কৰিছিল আৰু প্ৰথম ভিজিটিং নাৰ্ছৰ দৰমহা দিছিল।৩
প্ৰথম বিশ্বযুদ্ধৰ সময়ত ক্লাৱে সেনাবাহিনীৰ লোকসকলক মনোৰঞ্জন দিছিল, ৰেড ক্ৰছ নিটিং আৰু চিলাই কৰা গোটসমূহক পৃষ্ঠপোষকতা কৰিছিল আৰু ফ্ৰান্সৰ ৰেড ক্ৰছৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰিছিল। যুদ্ধৰ পিছত তেওঁলোকৰ খাদ্য সংৰক্ষণৰ প্ৰচেষ্টাই এটা সামূহিক মুকলি পাকঘৰলৈ ৰূপান্তৰ কৰাত উৎসাহ দিছিল।৩
আৰম্ভণিৰে পৰাই ইভানষ্টনৰ ৱ’মেনছ ক্লাৱে ১৯২২ চনত ক্লাৱ-হাউচত সম্প্ৰদায়ৰ শিল্পীসকলৰ বাবে বাৰ্ষিক কলা প্ৰদৰ্শনীৰ সৃষ্টিকে ধৰি সংস্কৃতি আৰু কলাৰ প্ৰসাৰৰ সৈতে জড়িত হৈ আছে।২৩
১৯৮৯ চনৰ শতবাৰ্ষিকীৰ বাবে ইভানষ্টন হাস্পতাল, ভিজিটিং নাৰ্ছ এছ’চিয়েশ্যন, আমেৰিকাৰ গাৰ্ল স্কাউট আৰু আমেৰিকাৰ বয় স্কাউটসকলে অনুষ্ঠিত কৰা এক কাৰ্যসূচীত মহিলা ক্লাৱক স্বীকৃতি আৰু সন্মানিত কৰা হয়।২
২০০৬ চনৰ ৯ নৱেম্বৰত ক্লাৱৰ মুখ্য কাৰ্যালয় ভৱনক ৰাষ্ট্ৰীয় ঐতিহাসিক স্থানৰ পঞ্জীত সংযোজন কৰা হয়।১
তথ্যসূত্ৰ
- ↑ AssetDetail. focus.nps.gov
- ↑ Burklund, Mary Scott. (1989). The Woman's Club of Evanston: 100th Anniversary 1889-1989
- ↑ Evanston Women's History Database. www.epl.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱ’মেন ক্লাৱ অৱ ইভানষ্টন” প্ৰবন্ধৰ সংশোধন ৪১৭১৫৭ (৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।