সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰক কেণ্ডি
‘’’ৰক কেণ্ডি’’’ বা ‘’’চুগাৰ কেণ্ডি’’’ (Rock candy) এবিধ মিঠাই, যাক স্ফটিক চেনি বুলিও কোৱা হয়। তুলনামূলকভাৱে বৃহৎ চেনিৰ স্ফটিকেৰে গঠিত ই এক প্ৰকাৰৰ মিঠাই। পৃথিৱীৰ কিছুমান ঠাইত স্থানীয় বিবিধতাক ‘’মিচৰি’’, ‘’নবাত’’ বা ‘’নৱত’’ বুলি কোৱা হয়।
-
ৰচনা অধ্যয়নত নাৰীবাদী তত্ত্ব
ৰচনা অধ্যয়নত নাৰীবাদী তত্ত্বই (Feminist theory in composition studies) লিংগ, ভাষা আৰু সাংস্কৃতিক অধ্যয়নে লিখাৰ পাঠদান আৰু অনুশীলনত পেলোৱা প্ৰভাৱ সম্পৰ্কে পৰীক্ষা কৰে।
-
ৰচেল পটকাৰ
ৰচেল পটকাৰ এগৰাকী ভাৰতীয় লেখিকা। তেওঁৰ ৰচনাৰ ধাৰা চুটিগল্প আৰু কবিতা। ২০১৫ চনত আইঅ’ৱা বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় লেখা কাৰ্যসূচীত ৰাইটাৰ-ইন-ৰেচিডেন্স হিচাপে কাম কৰিছিল আৰু ২০১৬-১৭ চনত স্কটলেণ্ডৰ ষ্টাৰলিং বিশ্ববিদ্যালয়ৰ চাৰ্লছ ৱালেছ ৰাইটাৰ ফেলো আছিল।
-
ৰশ্মি তিৱাৰী
ড° ৰশ্মি তিৱাৰী 'আহান ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল চেঞ্জ ইণ্ডিয়া'ৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক৷ তেওঁ যানজঁট-সম্বন্ধীয় জটিলতাবোৰ সৰল কৰিবলৈ কাম কৰি আছে৷ তেওঁ ভাইটাল ভইচ (আমেৰিকা), ছিম্পৰ সভ্য আৰু নিউৰ'লিডাৰশ্বিপ ইনষ্টিটিউটৰ পৰা প্ৰমাণিত নেতৃত্ব প্ৰশিক্ষক।
-
ৰাছিয়াৰ নাৰী
শতিকাজুৰি অসংখ্য শাসন ব্যৱস্থা অতিক্ৰম কৰি অহা ৰাছিয়ান সমাজত মহিলাৰ এক চহকী আৰু বৈচিত্ৰ্যময় ইতিহাস আছে। মন কৰিবলগীয়া কথা যে ৰাছিয়া বহুসংস্কৃতিৰ সমাজ হোৱা হেতু ৰাছিয়াৰ মহিলাসকলৰ অভিজ্ঞতা জাতিগত, ধৰ্মীয় আৰু সামাজিক ৰেখাৰ মাজত যথেষ্ট ভিন্ন।
-
ৰাণা থাৰু
ৰাণা থাৰু সাধাৰণতে নেপাল আৰু ভাৰতৰ থাৰু জনগোষ্ঠীৰ অংশ হিচাপে শ্ৰেণীভুক্ত কৰা এটা জনগোষ্ঠী। তেওঁলোকে সুদূৰ পশ্চিম নেপালী তৰাইৰ কৈলালি আৰু কাঞ্চনপুৰ জিলাত আৰু লগতে ভাৰতত, উত্তৰ প্ৰদেশৰ উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলা আৰু খেৰী জিলাত বাস কৰে।
-
ৰাণী মংগম্মল
ৰাণী মংগম্মল ( Rani Mangammal; মৃত্যু ১৭০৫) মাদুৰাই নায়ক ৰাজ্যৰ, বৰ্তমান ভাৰতৰ মাদুৰাই চহৰত, ১৬৮৯ চনৰ পৰা ১৭০৪ চনৰ ভিতৰত, তেওঁৰ নাতি বিজয়া ৰঙ্গা চোক্কানাথ নাবালক হৈ থকা সময়ত সেই ৰাজ্যৰ এগৰাকী ৰজ্যৰ তত্ত্বাৱধায়ক ৰাণী আছিল।
-
ৰাধিকা বালাকৃষ্ণন
ৰাধিকা বালকৃষ্ণন (Radhika Balakrishnan) ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ৱমেনছ গ্ল'বেল লিডাৰশ্বিপৰ ফেকাল্টী ডাইৰেক্টৰ। বৰ্তমান তেওঁ আমেৰিকাৰ মানৱ অধিকাৰ নেটৱৰ্কৰ ব'ৰ্ডৰ অধ্যক্ষ আৰু চেণ্টাৰ ফৰ কনষ্টিটিউচনেল ৰাইটছৰ ব'ৰ্ডৰ অধ্যক্ষ, নিউয়ৰ্ক চহৰৰ বাবে লিংগ সমতা আয়োগৰ আয়ুক্ত, আৰু ২০২০-২০২১ চনৰ বাবে…
-
ৰাধিয়া ইহছান
ৰাধিয়া ইহছান (Radhia Ihsan, ১৯৩৩-২০২০), য়েমেনৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী, ৰাজনীতিবিদ (য়েমেনী সমাজবাদী পাৰ্টি) আৰু লেখিকা আছিল। ছিৰিয়াত কলেজলৈ গৈ তেওঁ বাগদাদত আইন অধ্যয়ন কৰিছিল, আৰু পাকিস্তানৰ পঞ্জাব বিশ্ববিদ্যালয়ত ইছলামিক অধ্যয়ন কৰিছিল।
-
ৰাধ্যা আল-মুতাৱাকেল
ৰাধ্যা আল-মুতাৱাকেল (Radhya Al-Mutawakel; জন্ম:- ১২ এপ্ৰিল ১৯৭৬) এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু য়েমেনত মানৱ অধিকাৰ ৰক্ষা আৰু সুৰক্ষাৰ বাবে কাম কৰা এটা স্বতন্ত্ৰ সংস্থা মৱাটানা অৰ্গেনাইজেচন ফৰ হিউমেন ৰাইটছৰ সহ-প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ।
-
ৰাবৰী
ৰাবৰী (Rabri) ভাৰতীয় উপমহাদেশত সৃষ্টি হোৱা মিঠা, ঘনীভূত গাখীৰ ভিত্তিক খাদ্য, গাখীৰ কম জুইত দীৰ্ঘ সময় উতলাই ঘন হৈ ৰং সলনি হোৱালৈকে অফ-হোৱাইট বা শেঁতা হালধীয়া হোৱালৈকে উতলাই তৈয়াৰ কৰা হয়। ইয়াত গুড়, মছলা, বাদাম দি সোৱাদ দিয়া হয়। ইয়াক ঠাণ্ডা কৰি ডেজাৰ্ট হিচাপে পৰিবেশন কৰা হয়।
-
ৰামেন নুডল্চ
ৰামেন নুডল্চ হৈছে জাপানৰ এবিধ খাদ্য। ইয়াত চীন দেশৰ ঘেঁহুৰ নুডলছ জোলৰ লগত পৰিবেশন কৰা হয়। সাধাৰণ সোৱাদসমূহ হ'ল সৰিয়হ আৰু মিছ', য'ত শেষত কাটি লোৱা গাহৰিৰ মাংস (চাছু), ন'ৰি (শুকান সাগৰীয় শাক-পাচলি), মেনমা (বাঁহৰ গাজ), আৰু স্কেলিয়ন আদিৰে পৰিবেশন কৰা হয়।
-
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ United Nations Security Council (UNSC) হৈছে ৰাষ্ট্ৰসংঘৰ ছটা প্ৰধান অংগৰ ভিতৰত অন্যতম, আৰু নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যবাহী শাখা,ইয়াৰ প্ৰধান দায়িত্ব হ'ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
-
ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম
ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আঁচনি খন ২০১৩-১৪ বিত্তীয় বৰ্ষৰ পৰাই অসমত প্ৰবৰ্তন কৰি থকা হৈছে। এই আঁচনি খন হৈছে কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি য’ত কেন্দ্ৰীয় আৰু ৰাজ্যিক পুঁজি অংশ ৯০:১০ অনুপাতত অসমত ৰূপায়ণ কৰা হৈছে।
-
ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠান
ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠান (National Institute of Kathak Dance) কথকৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰধান নৃত্য প্ৰতিষ্ঠান। নতুন দিল্লীত অৱস্থিত এই প্ৰতিষ্ঠানখনক কথক কেন্দ্ৰ হিচাপেও জনা যায়। ভাৰতৰ সংগীত, নৃত্য, নাটকৰ ৰাষ্ট্ৰীয় একাডেমী “সংগীত নাটক একাডেমী”ৰ ই এক গোট।
-
ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য কৰ্তৃপক্ষ
ৰাষ্ট্ৰীয় জৈৱ-বৈচিত্ৰ্য কৰ্তৃপক্ষ (NBA) ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অধীনস্থ এটা বিধিগত স্বায়ত্তশাসিত সংস্থা, যিটো ২০০৩ চনত ১৯৯২ চনত ভাৰতে জৈৱ-বৈচিত্ৰ্য সম্পৰ্কীয় চুক্তি (চিবিডি)ত স্বাক্ষৰ কৰাৰ সময়ত স্থাপিত জৈৱ-বৈচিত্ৰ্য আইন, ২০০২ৰ বিধানসমূহ কাৰ্যকৰী কৰিবলৈ…
-
ৰাষ্ট্ৰীয় দলিত মহিলা ফেডাৰেচন
ৰাষ্ট্ৰীয় দলিত মহিলা ফেডাৰেচন (NFDW) হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দলিত মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে এক বেচৰকাৰী সংস্থা। ১৯৯৫ চনত ৰুথ মনোৰমাই প্ৰতিষ্ঠা কৰিছিল এন এফ ডি ডব্লিউ।
-
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মেঘালয়
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মেঘালয় চমুকৈ এন আই টি মেঘালয় ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহৰ অন্যতম। ই মেঘালয়ৰ চোহৰাত অৱস্থিত। প্ৰতিষ্ঠানটোৱে ২০১০ চনত চৰ্দাৰ বল্লভভাই ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, চুৰটত পাঠ্যক্ৰম আৰম্ভ কৰিছিল।
-
ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী
ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী ( বা NIPER-Guwahati বা NIPER-G) ভাৰত চৰকাৰৰ ৰসায়নিক আৰু সাৰ মন্ত্ৰণালয়ে ২০০৮ চনত প্ৰতিষ্ঠা কৰা আন সাত খন বিদ্যালয়ৰ অন্যতম ভাৰতীয় ৰাজহুৱা ভেষজবিজ্ঞান গৱেষণা প্ৰতিষ্ঠান।
-
ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থান
ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় সংস্থা (NIOS) পূৰ্বতে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় নামেৰে জনাজাত ভাৰত চৰকাৰৰ নিয়ন্ত্ৰিত আৰু পৰিচালিত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা ব’ৰ্ড। ১৯৮৯ চনত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ে (পূৰ্বৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়) প্ৰতিষ্ঠা কৰে।
-
ৰিছা
ৰিছা বা ৰিচা অসমৰ এক অন্যতম জনগোষ্ঠী ডিমাছাসকলৰ অতি আদৰৰ বস্ত্ৰ। ৰিছা মানে গামোছা। ভৈয়ামবাসী অসমীয়াসকলৰ গামোছাৰ প্ৰতি যি আদৰ; সেই একে আদৰ পাৰ্বত্য জনগোষ্ঠী ডিমাছাসকলৰ মাজত দেখা যায়, কাৰণ নামটো বেলেগ যদিও ৰিছা আৰু গামোছাৰ স্থান একেই।
-
ৰিতু ডালমিয়া
ৰিতু ডালমিয়া (জন্ম ১৯৭৩) এগৰাকী ভাৰতীয় জনপ্ৰিয় ৰন্ধনশিল্পী আৰু ৰেষ্টুৰেণ্ট ব্যৱসায়ী। তেওঁ দিল্লীত ২০০০ চনত "ডিভা" নামৰ জনপ্ৰিয় ইটালিয়ান ৰেষ্টুৰেণ্ট স্থাপন কৰিছিল, যাক তেওঁ গীতা ভল্লাৰ সৈতে "ৰিগা ফুড" নামৰ অংশীদাৰী প্ৰতিষ্ঠানৰ অধীনত মুকলি কৰিছিল।
-
ৰিমঝিম সিনহা
ৰিমঝিম সিনহা (জন্ম আনুমানিক ১৯৯৫) পশ্চিমবংগৰ কলকাতাত বাস কৰা এগৰাকী ভাৰতীয় নাৰীবাদী, সমাজবিজ্ঞানৰ গৱেষক আৰু সমাজ কৰ্মী। ২০২৪ চনত আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰতি সঁহাৰি জনাই "ৰিক্লেইম দ্য নাইট" প্ৰতিবাদী আন্দোলন আৰম্ভ কৰাৰ বাবে তেওঁ…
-
ৰুমা দেৱী
ৰুমা দেৱী (: Ruma Devi; জন্ম: ১৬ নৱেম্বৰ ১৯৮৮), এগৰাকী ভাৰতীয় পৰম্পৰাগত হস্তশিল্পৰ ফেশ্বন ডিজাইনাৰ আৰু সমাজকৰ্মী। ৰুমা দেৱীয়ে ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান “নাৰী শক্তিপুৰস্কাৰ ২০১৮” লাভ কৰে।
-
ৰেইনব’ পুঁজিবাদ
ৰেইনব' পুঁজিবাদ নতুবা গোলাপী বা পিংক পুঁজিবাদ, কুইয়াৰ পুঁজিবাদ, সমপুঁজিবাদ বা সমকামী পুঁজিবাদ হৈছে এলজিবিটি আন্দোলনৰ পৰা নিজস্বতা আৰু লাভৰ ক্ষেত্ৰত পুঁজিবাদ, কৰ্পৰেট পুঁজিবাদ আৰু গ্ৰাহকবাদৰ এক সম্পৰ্ক।
-
ৰেড কেনেৰী ছং
ৰেড কেনেৰী ছং (ইংৰাজী: Red Canary Song) হৈছে এছিয়ান আৰু প্ৰব্ৰজনকাৰী মাছাজ পাৰ্লাৰ কৰ্মীসকলৰ অধিকাৰৰ হকে কাম কৰা এটা আমেৰিকান তৃণমূল পৰ্যায়ৰ মিত্ৰজোঁট।
-
ৰেড হেট ছ’চাইটি
ৰেড হেট ছ'চাইটি (RHS) হৈছে ১৯৯৮ চনত আমেৰিকাত ৫০ বছৰ বয়স আৰু তাৰ ওপৰৰ বয়সৰ মহিলাৰ বাবে প্ৰতিষ্ঠা হোৱা এটা আন্তঃৰাষ্ট্ৰীয় সামাজিক সংস্থা, কিন্তু এতিয়া ই সকলো বয়সৰ মহিলাৰ বাবে মুকলি।
-
ৰেডক্ৰছ
ৰেড ক্ৰছ (ইংৰাজীত Red Cross) হৈছে এটা আন্তঃৰাষ্ট্ৰীয় মানবিক সংগঠন, যাৰ মুখ্য উদ্দেশ্য হৈছে যুদ্ধ, বিপৰ্যয়, আৰু সংকটকালত আহত, পীড়িত আৰু দুৰ্গত লোকক সহায় প্ৰদান কৰা।
-
ৰেণু বালা চানু
য়ুমনাম ৰেণু বালা চানু ( Yumnam Renu Bala Chanu; জন্ম: ২ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় ভাৰোত্তোলক, মণিপুৰৰ ইম্ফলৰ ওচৰত অৱস্থিত ক্যামগেই মায়াই লেইকাই গাঁৱৰ। ২০০৬ চনৰ কমনৱেলথ গেমছত মহিলা ৫৮ কেজি শাখাত সোণৰ পদক লাভ কৰে।
-
ৰেহানা ফাটিমা
ৰেহানা ফাথিমা (Rehana Fathima)ক সূৰ্য্যগায়ত্ৰী বুলিও কোৱা হয়৷ তেওঁ কেৰালাৰ এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী। তেওঁ টেলিকমিউনিকেচন আৰু মডেলিঙৰ দিশত অৰ্হতা আছে৷ তেওঁ নৈতিক পুলিচিং আৰু যৌনতাবাদৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদত অংশগ্ৰহণ কৰিছে।