কফি (Coffee) বিশ্বব্যাপী খুব জনপ্ৰিয় পানীয়। পানীৰ লগত ভিজাই তৈয়াৰ কৰা "কফি বীজ" নামে পৰিচিত এক প্ৰকাৰ বীজ পুৰিলৈ গুড়ি কৰি কফি তৈয়াৰ কৰা হয়। এই বীজ কফি চেৰি নামৰ এক ধৰণৰ ফলৰ বীজ। প্ৰায় ৭০খন দেশত এই ফলৰ গছ হয়। সেউজীয়া কফি বিশ্বৰ সকলোতকৈ বেছি বিক্ৰীত কৃষিপণ্যৰ মাজত এটা। কফিত ক্যাফেইন নামৰ এক প্ৰকাৰৰ উত্তেজক পদাৰ্থ আছে। ৮ আউন্স কফিত প্ৰায় ১৩৫ মিলিগ্ৰাম ক্যাফেইন থাকে। কফিৰ উপাদান ক্যাফেইনৰ কাৰণে কফিয়ে মানুহৰ ওপৰ উত্তেজক প্ৰভাব পেলায় আৰু ই উদ্দীপক হিচাপে কাম কৰে। এতিয়া চাহৰ পাছতে কফি বিশ্বৰ অত্যধিক জনপ্ৰিয় পানীয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কফি” প্ৰবন্ধৰ সংশোধন ২৮০০১১ (১ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।