অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নলবাৰী মহাবিদ্যালয়

নলবাৰী মহাবিদ্যালয় (Nalbari College) অসমৰ নলবাৰী চহৰৰ পৰা এক কিঃমিঃ দূৰত জাপাৰকুছি গাঁৱত অৱস্থিত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল ১৯৪৫ চনত। ইয়াৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল ত্ৰৈলোক্য নাথ গোস্বামী।

হালনাগাদ: ৭ অক্টোবৰ ২০২৪ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

নলবাৰী মহাবিদ্যালয় (Nalbari College) অসমৰ নলবাৰী চহৰৰ পৰা এক কিঃমিঃ দূৰত জাপাৰকুছি গাঁৱত অৱস্থিত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল ১৯৪৫ চনত। ইয়াৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল ত্ৰৈলোক্য নাথ গোস্বামী। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ (National Assessment and Accreditation Council) ৰ দ্বাৰা 'B+' শ্ৰেণীৰ মহাবিদ্যালয় হিচাপে চিহ্নিত হৈছে।১২

সংক্ষিপ্ত ইতিহাস

ভাৰতে স্বাধীনতা লাভৰ দুবছৰ আগেয়ে ৪ জুলাই, ১৯৪৫ত নলবাৰী মহাবিদ্যালয় প্ৰতিস্থাপিত হয়। সেই সময়ত মঙলদৈৰ পৰা বঙাইগাঁৱলৈ ইয়েই একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আছিল। প্ৰথমতে ই কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আছিল যদিও ১৯৪৮ত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত এইখনো গুঃবিঃৰ অন্তভুক্ত হয়। ১৯৫৮ চনত এই মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি হোৱাত ইয়াৰ ইতিহাসত এক নতুন পৃষ্ঠা সংযোজিত হয়। মাত্ৰ ২৮ জন শিক্ষাৰ্থীৰে আৰম্ভ হোৱা এই মহাবিদ্যালয় বৰ্তমান এক বৃহৎ শিক্ষানুষ্ঠান।১

সা-সুবিধাসমূহ

এই মহাবিদ্যালয়খনৰ মাটিকালি ১৬.১০ একৰ (আনুমানিক)। ইয়াত কলা আৰু বিজ্ঞান শাখাত শিক্ষাদানৰ বাবে বহুকেইটা ভৱন আছে। স্নাতক পৰ্যায়ত ইয়াত পোন্ধৰটা বিভাগে চৈধ্যটা বিষয়ক প্ৰধান বিষয় হিচাপে শিক্ষাদান কৰে। লগতে ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অসমীয়াত স্নাতকোত্তৰ শিক্ষা লাভৰো সুবিধা আছে। এই মহাবিদ্যালয়ত থকা আন আন সা-সুবিধাসমূহ হ'ল-এটা স্থায়ী পুথিভঁৰাল, এটা ছাত্ৰাবাস, এটা ছাত্ৰীনিবাস, এখন উদ্ভিদ বিজ্ঞান বাগিচা (Botanical Garden), community information center, কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, মহাবিদ্যালয় কেণ্টিন, এক বৃহৎ খেলপথাৰ (নলবাৰী মহাবিদ্যালয় খেলপথাৰ) আদি। তদুপৰি বৰ্তমান এক ইনড'ৰ ষ্টেডিয়াম নিৰ্মাণৰো যোঁ-জা চলি আছে।

বিভিন্ন শাখা আৰু বিভাগসমূহ

নলবাৰী মহাবিদ্যালয়ত অসমীয়া আৰু ইংৰাজী উভয় মাধ্যমতে পাঠগ্ৰহণৰ সুবিধা আছে।

১) কলা শাখা

  • অ) দুবছৰীয়া উচ্চ মাধ্যমিক পাঠ্যক্ৰম
  • বাধ্যতামূলক বিষয়:
    • ক) ইংৰাজী
    • খ) আধুনিক ভাৰতীয় ভাষা (অসমীয়া)
  • ঐচ্চিক বিষয় (যিকোনো চাৰিটা):
    • ক) অৰ্থনীতি
    • খ) ৰাজনীতি বিজ্ঞান
    • গ) ইতিহাস
    • ঘ) তৰ্ক আৰু দৰ্শন
    • ঙ) ঐচ্চিক অসমীয়া
    • চ) গণিত
    • ছ) সংস্কৃত
    • জ) ভূগোল
    • ঝ) পৰিসংখ্যা বিজ্ঞান
    • ঞ) পৰিচয়মূলক কম্পিউটাৰ বিজ্ঞান
  • আ) তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰম
  • ঐচ্চিক বিষয় (যিকোনো দুটা)
    • খ) ইতিহাস
    • গ) ৰাজনীতি বিজ্ঞান
    • ঘ) দৰ্শন
    • ঙ) গণিত
    • চ) সংস্কৃত
    • ছ) ভূগোল
    • জ) কম্পিউটাৰ
    • ঞ) ঐচ্চিক অসমীয়া
  • প্ৰধান (Major) বিষয়:
    • ক) অসমীয়া
    • খ) ইংৰাজী
    • গ) অৰ্থনীতি
    • ঘ) ইতিহাস
    • ঙ) ৰাজনীতি বিজ্ঞান
    • ছ) দৰ্শন
    • ঝ) গণিত
  • ই) অসমীয়া আৰু ইংৰাজী বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম

২) বিজ্ঞান শাখা

  • অ) দুবছৰীয়া উচ্চ মাধ্যমিক পাঠ্যক্ৰম
  • বাধ্যতামূলক বিষয়:
    • ক)ইংৰাজী
    • খ) অসমীয়া/বিকল্প ইংৰাজী
  • ঐচ্চিক বিষয় (যিকোনো চাৰিটা):
    • ক) পদাৰ্থ বিজ্ঞান
    • খ) ৰসায়ন বিজ্ঞান
    • গ) গণিত
    • ঘ) জীৱ বিজ্ঞান
    • ঙ) ভূগোল
    • চ) পৰিসংখ্যা বিজ্ঞান
    • ছ) তৰ্ক আৰু দৰ্শন
    • জ) কম্পিউটাৰ বিজ্ঞান
  • আ) তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম
    • ক) ইংৰাজী
  • ঐচ্চিক বিষয়
    • গ) উদ্ভিদ বিজ্ঞান
    • ঘ) প্ৰাণী বিজ্ঞান
    • ঙ) গণিত
    • চ) ভূগোল
    • ছ) পৰিসংখ্যা বিজ্ঞান
    • জ) অৰ্থনীতি
    • ঝ) কম্পিউটাৰ বিজ্ঞান
  • প্ৰধান (Major) বিষয়:
    • ক) উদ্ভিদ বিজ্ঞান
    • খ) পদাৰ্থ বিজ্ঞান
    • গ) ৰসায়ন বিজ্ঞান
    • চ) গণিত
    • ছ) অৰ্থনীতি৩

শিক্ষকবৃন্দ

ক্ৰমিক নংনামবিষয়অৰ্হতা
১শ্ৰীমতী সত্যভামা দাস আহমেদঅসমীয়াএম.এ., এম.ফিল
২ড০ দ্বিজেন দাসঅসমীয়াএম.এ., Ph.D
৩ড০ বিমল মজুমদাৰঅসমীয়াএম.এ. (ডাবল্), Ph.D
৪শ্ৰী পংকজ দত্ত বৰুৱাঅসমীয়াএম.এ.,এম.ফিল.
৫শ্ৰী বন্দনা দাসঅসমীয়াএম.এ.,এম.ফিল.
৬শ্ৰী প্ৰবোধ শৰ্মাউদ্ভিদবিজ্ঞানএম.এচ ছি.,এম.ফিল.,Ph.D
৭শ্ৰীমতী ধনদা ডেকাউদ্ভিদবিজ্ঞানএম.এচ.ছি.,এম.ফিল.
৮ড০ গৌতম কুমাৰ সন্দিকৈউদ্ভিদবিজ্ঞানএম.এচ.ছি.,Ph.D
৯শ্ৰী কন্দৰ্প কলিতাউদ্ভিদবিজ্ঞানএম.এচ.ছি
১০শ্ৰী গুণজিৎ কলিতাউদ্ভিদবিজ্ঞানএম.এচ.ছি,বি.এড.
১১শ্ৰীমতী নমিতা দেৱীউদ্ভিদবিজ্ঞানএম.এচ.ছি
১২ড০ প্ৰাণ কৃষ্ণ দাসৰসায়ন বিজ্ঞানএম.এচ.ছি,Ph.D
১৩শ্ৰী মদন চন্দ্ৰ মেধিৰসায়ন বিজ্ঞানএম.এচ.ছি
১৪শ্ৰী ধীৰাজ তালুকদাৰৰসায়ন বিজ্ঞানএম.এচ.ছি
১৫শ্ৰী নৱজ্যোতি ডেকাৰসায়ন বিজ্ঞানএম.এচ.ছি.
১৬শ্ৰীমতী ধঞ্জুমনি পাঠকৰসায়ন বিজ্ঞানএম.এচ.ছি.
১৭ড০ বীৰেণ চক্ৰৱৰ্তীঅৰ্থনীতিএম.এ.,Ph.D
১৮শ্ৰী সুব্ৰত বৰ্মণঅৰ্থনীতিএম.এচ.ছি.
১৯শ্ৰী বিষ্ণু ভট্টাচাৰ্য্যঅৰ্থনীতিএম.এ.
২০শ্ৰী অমৰ কুমাৰ নায়কইংৰাজীএম.এ.
২১শ্ৰীমতী কাকলি দত্তইংৰাজীএম.এ.
২২শ্ৰীমতী ৰঞ্জনা ভট্টাচাৰ্য্যইংৰাজীএম.এ.
২৩শ্ৰী কৰুণা কান্ত মুদিয়াৰভূগোলএম.এচ.ছি.,এম.ফিল.
২৪শ্ৰী দিনমণি ভাগৱতীভূগোলএম.এ.,এম.ফিল.
২৫শ্ৰী দীপক গোস্বামীভূগোলএম.এ.
২৬শ্ৰী ফটিক বৰ্মণভূগোলএম.এ.
২৭শ্ৰী হিতেশ ঠাকুৰীয়াভূগোলএম.এ.
২৮শ্ৰী পুলক জ্যোতি তালুকদাৰইতিহাসএম.এ.
২৯শ্ৰী প্ৰদ্যুম্ন শৰ্মাইতিহাসএম.এ.
৩০শ্ৰী গিৰিন্দ্ৰ নাৰায়ণ পাটোৱাৰীগণিতএম.এচ.ছি.
৩১শ্ৰী ধীৰেণ ৰাজবংশীগণিতএম.এচ.ছি.
৩২শ্ৰীমতী ছৈয়দা পিৰোজা বেগমগণিতএম.এচ.ছি.
৩৩শ্ৰী গৌতম শৰ্মাগণিতএম.এচ.ছি.
৩৪শ্ৰীমতী ঊষা গোস্বামীদৰ্শনএম.এ.
৩৫শ্ৰীমতী গীতিমা বুজৰবৰুৱাদৰ্শনএম.এ.
৩৬শ্ৰীমতী পূৰৱী তালুকদাৰদৰ্শনএম.এ.
৩৭ড০ প্ৰতিভা দাসপদাৰ্থ বিজ্ঞানএম.এচ.ছি.,Ph.D
৩৮শ্ৰী মহাদেৱ দাসপদাৰ্থ বিজ্ঞানএম.এচ.ছি.
৩৯শ্ৰী হংসধৰ ৰাজবংশীপদাৰ্থ বিজ্ঞানএম.এচ.ছি.
৪০শ্ৰী অনন্ত ৰাজবংশীপদাৰ্থ বিজ্ঞানএম.এচ.ছি.
৪১শ্ৰী সুৰজিৎ শৰ্মাপদাৰ্থ বিজ্ঞানএম.এচ.ছি.
৪২ড০ নিপন মজুমদাৰপদাৰ্থ বিজ্ঞানএম.এচ.ছি.,Ph.D
৪৩শ্ৰী গজেন ভঁৰালীৰাজনীতি বিজ্ঞানএম.এ.
৪৪শ্ৰী এল. হেংচিংৰাজনীতি বিজ্ঞানএম.এ.
৪৫ড০ উপমা বৰ্মণ ডেকাসংস্কৃতএম.এ.(ডাবল),Ph.D
৪৬ড০ মণি শৰ্মাসংস্কৃতএম.এ.,এম.ফিল.,Ph.D,ব্যাকৰণ শাস্ত্ৰী
৪৭শ্ৰী প্ৰণৱ চৌধুৰীপৰিসংখ্যা বিজ্ঞানএম.এচ.ছি.(ডাবল্)
৪৮ড০ পূৰৱী দাসপৰিসংখ্যা বিজ্ঞানএম.এচ.ছি.,(ডাবল্)
৪৯শ্ৰী দিলিপ ডেকাপৰিসংখ্যা বিজ্ঞানএম.এচ.ছি.
৫০ড০ অশোক শৰ্মাজীৱবিজ্ঞানএম.এচ.ছি.,D.Stat,Ph.D
৫১শ্ৰী ৰাজকুমাৰ মিশ্ৰাজীৱবিজ্ঞানএম.এচ.ছি.,বি.এড.
৫২শ্ৰীমতী মঞ্জুলা দত্ত ৰায় বৰুৱাজীৱবিজ্ঞানএম.এচ.ছি.
৫৩শ্ৰী দীপক কলিতাজীৱবিজ্ঞানএম.এচ.ছি.
৫৪শ্ৰী কুমুদ চন্দ্ৰ ৰাভাজীৱবিজ্ঞানএম.এচ.ছি.

তথ্যসূত্ৰ

  1. ↑ (1945-07-04). Nalbari College. Nalbari.nic.in
  2. ↑ NAAC | url=http://www.nalbaricollege.org/naac.php | আহৰণ কৰা হৈছে=১৬ মে ২০২০
  3. ↑ (1945-07-04). Nalbari College. Nalbari.nic.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহনলবাৰী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নলবাৰী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৩৬০৩৫ (৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।