লেডী শ্ৰী ৰাম কলেজ (Lady Shri Ram College) হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহিলা মহাবিদ্যালয়।১
ইতিহাস
১৯৫৬ চনত প্ৰয়াত লালা শ্ৰী ৰামে তেওঁৰ পত্নী ফুলন দেৱী (লেডী শ্ৰী ৰাম)ৰ স্মৃতিত নতুন দিল্লীত স্থাপন কৰা এই মহাবিদ্যালয়খনৰ মধ্য দিল্লীৰ দৰয়াগঞ্জৰ এটা বিদ্যালয় ভৱনত আৰম্ভণি হৈছিল৷ ২৯৯ জন ছাত্ৰ-ছাত্ৰী, ৯ জন অধ্যাপক, আৰু চাৰিজন সহায়ক কৰ্মচাৰী সেইসময়ত মহাবিদ্যালয়ৰ লগত জড়িত হৈছিল। বৰ্তমান এই মহাবিদ্যালয়খন দক্ষিণ দিল্লীৰ লাজপত নগৰৰ ১৫ একৰ (৬১,০০০ মিটাৰ বৰ্গফুট) ভূমিত অৱস্থিত।২
মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিত ইণ্টাৰনেটৰ ব্যৱহাৰসংলগ্ন এটা পুথিভঁৰাল, ১২০০খন কিতাপ, ৫০খন অনলাইন আলোচনী আৰু ১২৭৯৮খন ইন-হাউছ জাৰ্নেল আৰু সাময়িকী অন্তৰ্ভুক্ত কৰা হৈছে।৩ ইয়াৰ ব’ৰ্ড অৱ গভৰ্ণৰ অধ্যক্ষতা কৰিছে উদ্যোগপতি আৰু দানবীৰ ভাৰত ৰামে। মহাবিদ্যালয়খনৰ নতুন অধ্যক্ষ হৈছে শ্ৰীমতী সুমন শৰ্মা।
তথ্যসূত্ৰ
- ↑ (2024-02-17). ‘PPU to raise music band’. The Times of India
- ↑ Lady Shri Ram College for Women | Delhi Live Article on Lady Shri Ram College for Women, delhilive.com on Sat, 02/06/2007-06:03
- ↑ Lady Shri Ram College Library
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেডী শ্ৰী ৰাম কলেজ” প্ৰবন্ধৰ সংশোধন ৫৬৯৫৬৯ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।